--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ দিনৰ বাবে মোবাইল ইণ্টাৰনেট/ডাটা সেৱা বন্ধ কৰা হৈছে মণিপুৰত। ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই সিদ্ধানে্ত লৈছে।

উল্লেখ্য যে মেইটেই/মিটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছটি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে এটছুমে (ATSUM) প্ৰতিবাদ সাব্যষ্ট কৰে। এক সমাৱেশৰ সময়তে হিংসাত্মক ঘটনা সংঘটিত হয়।

মণিপুৰৰ জনজাতীয় সংগঠনসমূহে মেইটেই/মিটেই জনগোষ্ঠীক এছ টি তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি  এটা পদযাত্ৰাৰ আয়োজন কৰিছিল। সেই পদযাত্ৰা কালতে মণিপুৰৰ বুংমুৱালত বনবিভাগৰ বিট কাৰ্যালয় প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া বুলি  খবৰ পোৱা গৈছে।

বুধবাৰ ৩ মে’ তাৰিখৰ এক চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে শান্তি-শৃংখলা বিঘ্নিত কৰিব পৰা ঘটনা ৰোধ কৰিবলৈ মোবাইল ডাটা সেৱা স্থগিত ৰখাটো প্ৰয়োজনীয়। এই নিৰ্দেশনাত সকলো মোবাইল সেৱা প্ৰদানকাৰীক নিয়ম মানি চলাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে। অহা পাঁচ দিনলৈ এই আদেশ বলবৎ থাকিব।

গৃহ বিভাগৰ নিৰ্দেশনাটোত লিখা হৈছে, “কিছুমান সমাজ বিৰোধী শক্তিয়ে জনসাধাৰণৰ আবেগক উচটনি দিয়া ছবি, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ’ বাৰ্তাৰ বিয়পোৱাৰ বাবে ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰি আছে।’’
FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি