--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত নিৰাপদ নহয় সংবাদ মাধ্যম। বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত আৰু অধিক অৱনমিত হৈছে ভাৰতৰ স্থান।

‘ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ’ বা আৰ এছ এফে প্ৰকাশ কৰা তালিকাত ১৮০খন দেশৰ ভিতৰত ১৬১ নম্বৰ স্থানত আছে ভাৰত।

উল্লেখ্য যে ২০২১ চনত ভাৰত ১৪২ নম্বৰত আছিল। এইবাৰ দেখা গ’ল যে ভাৰত এই তালিকাত ১৬১ নম্বৰলৈ নামি আহিছে।

আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস(World Press Freedom Index) উপলক্ষে এই তালিকাখন প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা বিশ্বজুৰি এজনকৈ সাংবাদিকৰ মৃত্যু হৈছে। ১০ গৰাকী সাংবাদিক কাৰাবন্দী হৈছে।

প্ৰতিবেদন অনুসৰি, সাংবাদিকৰ ওপৰত হিংসা, ৰাজনৈতিক পক্ষপাতমূলক সংবাদ মাধ্যমকে ধৰি বিভিন্ন কাৰণে ভাৰতৰ এই পৰিস্থিতি।

পাকিস্তান, নেপাল, শ্ৰীলংকাৰ দৰে চুবুৰীয়া দেশসমূহ এই তালিকাত ভাৰততকৈ উন্নত স্থানত আছে। বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত ১৫০ নম্বৰত আছে পাকিস্তান। নেপালৰ স্থান ৯৫ নম্বৰত। শ্ৰীলংকা ১৩৫ নম্বৰ স্থানত।

ম্যানমাৰে তালিকাত ১৭৩স্থান লাভ কৰে। বাংলাদেশৰ স্থান হৈছে ১৬৩।

তালিকাখনত নৰৱে, আয়াৰলেণ্ড আৰু ডেনমাৰ্ক একেবাৰে শীৰ্ষত আছে। একেবাৰে তলত আছে ভিয়েটনাম, চীন আৰু উত্তৰ কোৰিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ হালধি অনুষ্ঠানত হালধি লগাই ICUত ভৰ্তি কইনা
চীনত আমেৰিকান কোম্পানীৰ বাবে সুদিন ; ট্ৰাম্পৰ সৈতে বৈঠকৰ পিছত বাণিজ্যিক যুদ্ধ সমাপ্তিৰ ইংগিত জিনপিঙৰ
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
শাসক লেবাৰ পাৰ্টিৰ ৰাজনৈতিক বিপর্যয়, গাদী হেৰুৱাব পাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই