--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত নিৰাপদ নহয় সংবাদ মাধ্যম। বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত আৰু অধিক অৱনমিত হৈছে ভাৰতৰ স্থান।

‘ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ’ বা আৰ এছ এফে প্ৰকাশ কৰা তালিকাত ১৮০খন দেশৰ ভিতৰত ১৬১ নম্বৰ স্থানত আছে ভাৰত।

উল্লেখ্য যে ২০২১ চনত ভাৰত ১৪২ নম্বৰত আছিল। এইবাৰ দেখা গ’ল যে ভাৰত এই তালিকাত ১৬১ নম্বৰলৈ নামি আহিছে।

আজি বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস(World Press Freedom Index) উপলক্ষে এই তালিকাখন প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা বিশ্বজুৰি এজনকৈ সাংবাদিকৰ মৃত্যু হৈছে। ১০ গৰাকী সাংবাদিক কাৰাবন্দী হৈছে।

প্ৰতিবেদন অনুসৰি, সাংবাদিকৰ ওপৰত হিংসা, ৰাজনৈতিক পক্ষপাতমূলক সংবাদ মাধ্যমকে ধৰি বিভিন্ন কাৰণে ভাৰতৰ এই পৰিস্থিতি।

পাকিস্তান, নেপাল, শ্ৰীলংকাৰ দৰে চুবুৰীয়া দেশসমূহ এই তালিকাত ভাৰততকৈ উন্নত স্থানত আছে। বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা সূচকাংকত ১৫০ নম্বৰত আছে পাকিস্তান। নেপালৰ স্থান ৯৫ নম্বৰত। শ্ৰীলংকা ১৩৫ নম্বৰ স্থানত।

ম্যানমাৰে তালিকাত ১৭৩স্থান লাভ কৰে। বাংলাদেশৰ স্থান হৈছে ১৬৩।

তালিকাখনত নৰৱে, আয়াৰলেণ্ড আৰু ডেনমাৰ্ক একেবাৰে শীৰ্ষত আছে। একেবাৰে তলত আছে ভিয়েটনাম, চীন আৰু উত্তৰ কোৰিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল