--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন পেচাৰ অজিত আগৰকাৰক মঙলবাৰে টীম ইণ্ডিয়াৰ চিলেক্টৰ ব’র্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। বিচিচিআইৰ বিষয়াৰে গঠিত ক্ৰিকেট উপদেষ্টা সমিতিয়ে পুৰুষ দলৰ চিলেক্টৰ ব’ৰ্ডৰ অধ্যক্ষ পদৰ আবেদনকাৰীৰ সাক্ষাৎকাৰ লৈ  আগৰকাৰক সৰ্বসন্মতিক্ৰমে নিযুক্তি দিয়াৰ পৰামৰ্শ দিয়ে।

বিচিচিআইৰ মতে, তিনিজনীয়া কমিটীয়ে জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি ৪৫ বছৰীয়া আগৰকাৰক পুৰুষৰ বাছনি সমিতিৰ অধ্যক্ষৰ ভূমিকাৰ বাবে নিৰ্বাচিত কৰে।

উল্লেখযোগ্য যে ভাৰতীয় টেলিভিছন নেটৱৰ্কে চেতন শৰ্মাই তেওঁৰ ওপৰত চলোৱা ষ্টিং অপাৰেচনৰ পৰিপ্ৰেক্ষিতত ফেব্ৰুৱাৰী মাহত পদত্যাগ কৰাৰ পিছৰে পৰা মুখ্য নিৰ্বাচকৰ পদ খালী হৈ আছিল। শিৱসুন্দৰ দাস অস্থায়ীভাৱে কৰ্মৰত আছিল।

ইয়াৰ লগে লগে আগৰকাৰক অধ্যক্ষ হিচাপে ৰাখি শিৱ সুন্দৰ দাস, সলিল অংকোলা, সুব্ৰতো বেনাৰ্জী আৰু এছ শৰথে চিলেক্টৰিয়েল ব’ৰ্ডৰ সদস্য হিচাপে থাকে।

উল্লেখ্য যে ৪৫ বছৰীয়া আগৰকাৰে দেশৰ হৈ ১৯৯৮ চনৰ পৰা ২০০৭ চনলৈকে ২৬খন টেষ্ট, ১৯১খন এদিনীয়া আৰু ৪খন টি-২০ মেচ খেলিছিল। দীৰ্ঘদিন ধৰি মুম্বাইৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলাৰ অভিজ্ঞতাও তেওঁৰ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু