--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউপিএল) খেলিবলৈ আহি যেন মহা বিপদত পৰিছে  তাৰকা অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ এলিজ পেৰী৷ হোলী উৎসৱৰ আনন্দত মতলীয়া সমগ্ৰ দেশ৷ মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউপিএল) দল আৰু খেলুৱৈসকলেও হোলী উদযাপন কৰিছে৷  পাঁচটা দলৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলে মহা আনন্দৰেৰে হোলী উৎসৱত অংশগ্ৰহণ কৰে৷ 

খেলুৱৈসকলে  ইগৰাকীয়ে সিগৰাকীক ৰং সানি স্ফূৰ্তি কৰে৷ হোলী উদযাপনৰ পৰা বাদ পৰি নগ’ল  বিদেশী খেলুৱৈসকলো৷ তেওঁলোকেও ভাৰতীয় খেলুৱৈসকলৰ সৈতে সমানেই হোলী খেলে৷ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি), মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট জায়াণ্টছৰ খেলুৱৈ আৰু কৰ্মচাৰীসকলে হোলী খেলি যেন  আটাইতকৈ বেছি আনন্দ লাভ কৰিলে৷ বিশেষকৈ ৭ মাৰ্চত  তেওঁলোকৰ কোনো খেল নাছিল। তাৰকা অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ এলিজ পেৰীয়েও  হোলী খেলি আত্মহাৰা হৈ পৰে৷ কিন্তু হোলী খেলাৰ পিছতেই তেওঁৰ মনত এটা দুশ্চিন্তায়ো বাহ ল’লে৷ 


তেওঁৰ চুলিত সানি দিয়া  গুলপীয়া ৰং স্থায়ী হৈ ৰ’ব নেকি! তাকে ভাবি খেলুৱৈ গৰাকী চিন্তিত হৈ পৰিল৷ এলিজ পেৰীয়ে ভাবিছিল যে তেওঁৰ চুলিত সানি দিয়া ৰং হয়তো স্থায়ী হৈ ৰ’ব, সেয়া ধুলেও গুচি নাযাব৷ সেয়ে তেওঁ বিষয়টোকলৈ  উদ্বেগ প্ৰকাশ কৰিছিল৷  আনকি দুবাৰ ধোৱাৰ পিছতো তেওঁৰ চুলিত লগোৱা ৰং ভালদৰে গুচি নোযোৱাত তেওঁ অধিক চিন্তিত হৈছিল। পেৰীয়ে তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীত তেওঁৰ গুলপীয়া চুলিৰ এখন ফটো শ্বেয়াৰ কৰিছে আৰু এই বিষয়ত  পৰামৰ্শও বিচাৰিছে। 

অনুৰাগীসকলৰ পৰা কিছুমানে পৰামৰ্শ দিছে যে তেওঁ হোলী খেলাৰ আগতে চুলিত তেল সানি ল’ব লাগিছিল৷  আন কিছুমানে কৈছে  যে ৰংটো সম্পূৰ্ণৰূপে নোহোৱা হ'বলৈ এসপ্তাহ বা দুসপ্তাহ লৈকে সময় লাগিব পাৰে।পেৰীয়ে লিখিছে " কেৱল ভাবি আছো যে এয়া এতিয়া এটা স্থায়ী  হৈ ৰ’ব নেকি? মই মোৰ চুলি দুবাৰ ধুইছো," ৷  পেৰীয়ে এনে কথাৰ বাবে চিন্তা কৰাৰ কোনো কাৰণ নাই বুলিও বহু অনুৰাগীয়ে তেওঁক কৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল