--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউপিএল) খেলিবলৈ আহি যেন মহা বিপদত পৰিছে  তাৰকা অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ এলিজ পেৰী৷ হোলী উৎসৱৰ আনন্দত মতলীয়া সমগ্ৰ দেশ৷ মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউপিএল) দল আৰু খেলুৱৈসকলেও হোলী উদযাপন কৰিছে৷  পাঁচটা দলৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলে মহা আনন্দৰেৰে হোলী উৎসৱত অংশগ্ৰহণ কৰে৷ 

খেলুৱৈসকলে  ইগৰাকীয়ে সিগৰাকীক ৰং সানি স্ফূৰ্তি কৰে৷ হোলী উদযাপনৰ পৰা বাদ পৰি নগ’ল  বিদেশী খেলুৱৈসকলো৷ তেওঁলোকেও ভাৰতীয় খেলুৱৈসকলৰ সৈতে সমানেই হোলী খেলে৷ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি), মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট জায়াণ্টছৰ খেলুৱৈ আৰু কৰ্মচাৰীসকলে হোলী খেলি যেন  আটাইতকৈ বেছি আনন্দ লাভ কৰিলে৷ বিশেষকৈ ৭ মাৰ্চত  তেওঁলোকৰ কোনো খেল নাছিল। তাৰকা অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ এলিজ পেৰীয়েও  হোলী খেলি আত্মহাৰা হৈ পৰে৷ কিন্তু হোলী খেলাৰ পিছতেই তেওঁৰ মনত এটা দুশ্চিন্তায়ো বাহ ল’লে৷ 


তেওঁৰ চুলিত সানি দিয়া  গুলপীয়া ৰং স্থায়ী হৈ ৰ’ব নেকি! তাকে ভাবি খেলুৱৈ গৰাকী চিন্তিত হৈ পৰিল৷ এলিজ পেৰীয়ে ভাবিছিল যে তেওঁৰ চুলিত সানি দিয়া ৰং হয়তো স্থায়ী হৈ ৰ’ব, সেয়া ধুলেও গুচি নাযাব৷ সেয়ে তেওঁ বিষয়টোকলৈ  উদ্বেগ প্ৰকাশ কৰিছিল৷  আনকি দুবাৰ ধোৱাৰ পিছতো তেওঁৰ চুলিত লগোৱা ৰং ভালদৰে গুচি নোযোৱাত তেওঁ অধিক চিন্তিত হৈছিল। পেৰীয়ে তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীত তেওঁৰ গুলপীয়া চুলিৰ এখন ফটো শ্বেয়াৰ কৰিছে আৰু এই বিষয়ত  পৰামৰ্শও বিচাৰিছে। 

অনুৰাগীসকলৰ পৰা কিছুমানে পৰামৰ্শ দিছে যে তেওঁ হোলী খেলাৰ আগতে চুলিত তেল সানি ল’ব লাগিছিল৷  আন কিছুমানে কৈছে  যে ৰংটো সম্পূৰ্ণৰূপে নোহোৱা হ'বলৈ এসপ্তাহ বা দুসপ্তাহ লৈকে সময় লাগিব পাৰে।পেৰীয়ে লিখিছে " কেৱল ভাবি আছো যে এয়া এতিয়া এটা স্থায়ী  হৈ ৰ’ব নেকি? মই মোৰ চুলি দুবাৰ ধুইছো," ৷  পেৰীয়ে এনে কথাৰ বাবে চিন্তা কৰাৰ কোনো কাৰণ নাই বুলিও বহু অনুৰাগীয়ে তেওঁক কৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক