--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লা লীগাৰ ক্লাব বাৰ্চিলোনাৰ সভাপতি জোয়ান লাপ’ৰ্টাই লিয়নেল মেছিক ক্লাবটোলৈ ঘূৰাই অনাৰ বাবে উঠিপৰি লাগিছে। তেওঁ কয় যে শেহতীয়াকৈ তেওঁ মেছিৰ পিতৃ জৰ্জৰ সৈতে ফোনত কথা পাতিছে। জৰ্জ মেছিৰ এজেণ্ট। গতিকে লাপৰ্টাই প্ৰথমে মেছিৰ দেউতাকৰ সৈতে কথা পাতিলে যাতে তেওঁক ক্লাবলৈ ঘূৰাই আনিব পাৰে।

মেছিৰ সৈতে লাপৰ্টাৰ সম্পৰ্ক বৰ ভাল নহয়। দুবছৰ পূৰ্বে মেছিয়ে ক্লাবটো এৰি যোৱাৰ অন্যতম কাৰণ আছিল লাপৰ্টা। তেওঁৰ প্ৰতি থকা অসন্তুষ্টিৰ কথা মুকলিকৈও কৈছিল মেছিয়ে। কিন্তু লাপৰ্টাই এতিয়া মেছিক ঘূৰাই আনিবলৈ আপ্ৰাণ চেষ্টা কৰিছে।

কিছুদিন পূৰ্বে ফিফাৰ ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ বঁটা প্ৰদান অনুষ্ঠানলৈ গৈছিল লাপৰ্টা। তাতেই তেওঁ মেছিক লগ পাইছিল। দুয়োজনে হাত মিলাইছিল। কিন্তু মেছিয়ে তেওঁৰ লগত কথা পতা নাছিল।

যদিও তেওঁ মেছিৰ সৈতে কথা পতা নাছিল, তথাপিও লাপৰ্টাই মেছিৰ পিতৃৰ সৈতে আলোচনা কৰা বুলি স্বীকাৰ কৰে। তেওঁ সংবাদমাধ্যমক ক’লে, “জৰ্জে মোক লগ পাইছিল। বিশ্বকাপ জয়ৰ বাবে মেছিক অভিনন্দন জনালোঁ। পিছত মইও তেওঁৰ লগত ফোনত কথা পাতিলোঁ। কিন্তু এই বিষয়ে এতিয়া আৰু ক’ব নোৱাৰো।’’

লাপোৰ্টাক সোধা হৈছিল যে মেছিয়ে বাৰ্চিলোনালৈ ঘূৰি অহাৰ কথা ভাবিছেনে? ইয়াৰ উত্তৰত বাৰ্চাৰ সভাপতিগৰাকীয়ে কয়- ‘‘মেছি এতিয়া পেৰিছ চেণ্ট জাৰ্মেইনৰ ফুটবলাৰ। গতিকে তেওঁ বাৰ্চিলোনালৈ ঘূৰি আহিব বিচাৰে নে নাই সেই কথা কোৱাটো সঠিক নহয়।''

লাপৰ্টাই এইটোও স্পষ্ট কৰি দিয়ে যে দুবছৰ পূৰ্বে মেছিয়ে ক্লাব এৰি যোৱাৰ আঁৰত তেওঁ নাছিল। লাপোৰ্টাই কয় যে মেছি অবিহনৈে তেওঁৰো ভাল লগা নাই। 

উল্লেখ্য যে ২০২১ চনত দুবছৰৰ চুক্তিৰে পি এছ জিত যোগদান কৰিছিল মেছিয়ে। এতিয়া সেই চুক্তিৰ ম্যাদ উকলিবলৈ ওলাইছে। লিঅ’ই ক্লাবৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰা নাছিল। ইতিমধ্যে মেজৰ ছকাৰ লীগৰ ক্লাব ইণ্টাৰ মিয়ামীয়ে তেওঁক প্ৰস্তাৱ দিছে। সেই সময়তে বাৰ্চিলোনাৰ নামো উলাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement