--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তন ঘটিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত৷এন চি পিৰ নেতা অজিত পাৱাৰে দেওবাৰে (২ জুলাই) ৰাজভৱনত মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইফালে এন চি পিৰ জ্যেষ্ঠ নেতা ছগন ভুজবালেও মহাৰাষ্ট্ৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শপতগ্ৰহণৰ সময়ত ৰাজভৱনত উপস্থিত আছিল উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা এনচিপি নেতা দিলীপ ৱালছে পাটিলেও মহাৰাষ্ট্ৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। সংবাদ সংস্থা এএনআইৰ সূত্ৰ অনুসৰি অজিত পাৱাৰৰ লগত ৰাজভৱনলৈ যোৱা একাংশ বিধায়ক শাৰদ পাৱাৰে ৰাহুল গান্ধীৰ সৈতে মঞ্চত সহযোগিতা কৰাৰ "একপক্ষীয়" সিদ্ধান্তক লৈ আৰু পাটনাত অনুষ্ঠিত বিৰোধীৰ ঐক্য বৈঠকত তেওঁৰ সৈতে সহযোগিতা কৰাৰ বাবে বিচলিত হৈ পৰিছিল।

বিজেপিৰ মহাৰাষ্ট্ৰৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱানকুলে কয় যে এন চি পিৰ অজিত পাৱাৰ আৰু তেওঁৰ সংগী নেতাসকলে আজি প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীক সমৰ্থন কৰিবলৈ আহিছে। এই সমীকৰণ মহাৰাষ্ট্ৰক শক্তিশালী কৰিবলৈ আহি আছে। এই সমীকৰণে মহাৰাষ্ট্ৰক আৰু আগুৱাই লৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু