--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ঘটনাক্ৰমৰেই পুনৰাবৃত্তি হ’ব নেকি দিল্লীতো! আপাততঃ তেনে আশংকাই এতিয়া গা কৰি উঠিছে দিল্লীত৷ বিজেপিয়ে দিল্লীৰ আপৰ চৰকাৰ খন ভাঙি পেলোৱাৰ মানসেৰে নতুন কৌশল ৰচনা কৰা বুলি আপৰ শীৰ্ষ নেতৃত্বই অভিযোগ কৰিছে৷ এনে পৰিস্থিতিত শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে  দিল্লী বিধানসভাৰ এক বিশেষ অধিৱেশন আহ্বান কৰিছে৷

বুধবাৰে দিল্লী বিধানসভাই জাৰি কৰা জাননী  অনুসৰি বিধানসভাৰ অধিৱেশন ২৬ আগষ্টৰ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব।উল্লেখ্য আজি দিনটোৰ আৰম্ভণিতে, আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে বিজেপিয়ে তেওঁৰ চৰকাৰখন "উৎখাত" কৰাৰ প্ৰয়াস ইব্যাহত ৰাখিছে। বিষয়টো বুধবাৰে সন্ধিয়া আপৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিত আলোচনা কৰা হয়।কেজৰিৱালৰ বাসভৱনত অনুষ্ঠিত সমিতিৰ বৈঠকত পেনেলে বিজেপিৰ বিধায়কসকলক প্ৰলোভিত কৰাৰ  প্ৰচেষ্টাক গৰিহণা দিয়ে।

বিজেপিলৈ আহিলে চিবিআই-ইডিৰ সকলো গোচৰ বন্ধ কৰা হ'ব বুলি  দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই কেইদিনমান আগতে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল।  আপে অভিযোগ কৰিছে  যে বিজেপিয়ে আপৰ  কমেও চাৰিজন বিধায়কক ক্ৰয় কৰাৰ চেষ্টা কৰিছে৷ আপৰ বিধায়কসকলক প্ৰতিজনকে২০-২৫ কোটি টকা আগবঢ়োৱা হৈছে।অৰবিন্দ কেজৰিৱালৰ দলটোৱে দাবী কৰিছে যে বিজেপিয়ে দিল্লীত 'অপাৰেচন লোটাছ' সফল কৰিব বিচাৰিছে। আপৰ বিধায়কসকলক 'প্ৰলোভিত কৰিবলৈ' ফোনযোগে যোগাযোগ কৰা হৈছে। 

২০-২৫ কোটি টকাৰ প্ৰলোভন দেখুওৱা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে দিল্লীত আপ চৰকাৰক উৎখাত কৰা। বুধবাৰে আম আদমী পাৰ্টিৰ (আপ) চাৰিজন নেতাই একেসময়তে এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰে। আপৰ নেতা সঞ্জয় সিঙে কয়, "দিল্লীত নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। বিজেপিয়ে দিল্লীত চিছোদিয়াক এনে উদ্দেশ্যত ব্যৱহাৰ কৰিব বিচাৰিছিল ৷যিদৰে দলটোৱে মহাৰাষ্ট্ৰৰ একনাথ চিন্দেৰ চৰকাৰ ভাঙিছিল।সঞ্জয় সিঙে কয়, "বিজেপি সদস্যসকলে আমাৰ বিধায়কসকলক ভাবুকি দি আছে। কোৱা হৈছে যে এই ২০-২৫ কোটি টকা লওক, নহ'লে আপুনি মনীষ চিছোদিয়াৰ দৰে চিবিআইৰ তদন্তৰ সন্মুখীন হ'ব লাগিব। আপে কোন বিধায়কসকলক টকা আগবঢ়োৱা হৈছে সেয়াও ৰাজহুৱা কৰিছে ৷ সঞ্জয় সিঙে কয়  যে দলৰ বিধায়ক অজয় দত্ত, সঞ্জীৱ ঝা, সোমনাথ ভাৰতী আৰু কুলদীপ কুমাৰক এনে ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁলোকক ফোনৰ দ্বাৰা ভাবুকি দিয়া হৈছিল। এয়াৰ সকলো প্ৰমাণ আছে আৰু সময়মতে প্ৰকাশ কৰা হ'ব বুলিও তেওঁ কয়। 

অৱশ্যে, বিজেপিয়ে আপৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে। বিজেপি নেতা পৰবেশ বাৰ্মাই কয়, "এই কামবোৰ তেওঁলোকৰ নিজৰ দলৰ মানুহে কৰিছে। আপৰ অভিযোগক গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। "
FOLLOW US F
POPULAR
FEATURE
TRENDY
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?