--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ঘটনাক্ৰমৰেই পুনৰাবৃত্তি হ’ব নেকি দিল্লীতো! আপাততঃ তেনে আশংকাই এতিয়া গা কৰি উঠিছে দিল্লীত৷ বিজেপিয়ে দিল্লীৰ আপৰ চৰকাৰ খন ভাঙি পেলোৱাৰ মানসেৰে নতুন কৌশল ৰচনা কৰা বুলি আপৰ শীৰ্ষ নেতৃত্বই অভিযোগ কৰিছে৷ এনে পৰিস্থিতিত শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে  দিল্লী বিধানসভাৰ এক বিশেষ অধিৱেশন আহ্বান কৰিছে৷

বুধবাৰে দিল্লী বিধানসভাই জাৰি কৰা জাননী  অনুসৰি বিধানসভাৰ অধিৱেশন ২৬ আগষ্টৰ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব।উল্লেখ্য আজি দিনটোৰ আৰম্ভণিতে, আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে বিজেপিয়ে তেওঁৰ চৰকাৰখন "উৎখাত" কৰাৰ প্ৰয়াস ইব্যাহত ৰাখিছে। বিষয়টো বুধবাৰে সন্ধিয়া আপৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিত আলোচনা কৰা হয়।কেজৰিৱালৰ বাসভৱনত অনুষ্ঠিত সমিতিৰ বৈঠকত পেনেলে বিজেপিৰ বিধায়কসকলক প্ৰলোভিত কৰাৰ  প্ৰচেষ্টাক গৰিহণা দিয়ে।

বিজেপিলৈ আহিলে চিবিআই-ইডিৰ সকলো গোচৰ বন্ধ কৰা হ'ব বুলি  দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই কেইদিনমান আগতে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল।  আপে অভিযোগ কৰিছে  যে বিজেপিয়ে আপৰ  কমেও চাৰিজন বিধায়কক ক্ৰয় কৰাৰ চেষ্টা কৰিছে৷ আপৰ বিধায়কসকলক প্ৰতিজনকে২০-২৫ কোটি টকা আগবঢ়োৱা হৈছে।অৰবিন্দ কেজৰিৱালৰ দলটোৱে দাবী কৰিছে যে বিজেপিয়ে দিল্লীত 'অপাৰেচন লোটাছ' সফল কৰিব বিচাৰিছে। আপৰ বিধায়কসকলক 'প্ৰলোভিত কৰিবলৈ' ফোনযোগে যোগাযোগ কৰা হৈছে। 

২০-২৫ কোটি টকাৰ প্ৰলোভন দেখুওৱা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে দিল্লীত আপ চৰকাৰক উৎখাত কৰা। বুধবাৰে আম আদমী পাৰ্টিৰ (আপ) চাৰিজন নেতাই একেসময়তে এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰে। আপৰ নেতা সঞ্জয় সিঙে কয়, "দিল্লীত নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। বিজেপিয়ে দিল্লীত চিছোদিয়াক এনে উদ্দেশ্যত ব্যৱহাৰ কৰিব বিচাৰিছিল ৷যিদৰে দলটোৱে মহাৰাষ্ট্ৰৰ একনাথ চিন্দেৰ চৰকাৰ ভাঙিছিল।সঞ্জয় সিঙে কয়, "বিজেপি সদস্যসকলে আমাৰ বিধায়কসকলক ভাবুকি দি আছে। কোৱা হৈছে যে এই ২০-২৫ কোটি টকা লওক, নহ'লে আপুনি মনীষ চিছোদিয়াৰ দৰে চিবিআইৰ তদন্তৰ সন্মুখীন হ'ব লাগিব। আপে কোন বিধায়কসকলক টকা আগবঢ়োৱা হৈছে সেয়াও ৰাজহুৱা কৰিছে ৷ সঞ্জয় সিঙে কয়  যে দলৰ বিধায়ক অজয় দত্ত, সঞ্জীৱ ঝা, সোমনাথ ভাৰতী আৰু কুলদীপ কুমাৰক এনে ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁলোকক ফোনৰ দ্বাৰা ভাবুকি দিয়া হৈছিল। এয়াৰ সকলো প্ৰমাণ আছে আৰু সময়মতে প্ৰকাশ কৰা হ'ব বুলিও তেওঁ কয়। 

অৱশ্যে, বিজেপিয়ে আপৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে। বিজেপি নেতা পৰবেশ বাৰ্মাই কয়, "এই কামবোৰ তেওঁলোকৰ নিজৰ দলৰ মানুহে কৰিছে। আপৰ অভিযোগক গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান