--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অচিৰেই সম্প্ৰসাৰণ ঘটিব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটৰ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভাত সালসলনি কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মহাৰাষ্ট্ৰৰ ৰাজনীতি সলাই শিৱসেনাৰ বিধায়কৰ সমৰ্থনেৰে চৰকাৰ গঠন কৰা একনাথ সিন্দে গোটৰ দুজনকৈ সদস্যকে ধৰি কেইবাজনো বিজেপিৰ নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে শীঘ্ৰে সম্প্ৰসাৰণ ঘটাৰ সম্ভাৱনা আছে মোদী কেবিনেটৰ৷ নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰ লগতে এক ডজনৰো অধিক বৰ্তমানৰ মন্ত্ৰীৰ দপ্তৰৰ ৰদবদল হ’ব জানিব পৰা গৈছে৷ 

উল্লেখযোগ্য যে, মুক্তাৰ আব্বাছ নাকভি আৰু আৰ চি পি সিং কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা আঁতৰি যোৱাৰ পাছৰে পৰা কেন্দ্ৰীয় মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আহিছে৷ একেসময়তে, বিগত সময়ত অযোগ্য প্ৰমাণিত হোৱা আৰু নিজৰ বিভাগ পৰিচালনাত ব্যৰ্থ হোৱা কেইবাজনো মন্ত্ৰীক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিব বুলি খবৰ ওলাইছে৷ মোদী চৰকাৰৰ আসন্ন সম্প্ৰসাৰণত শিৱসেনাৰ একনাথ সিন্দে গোটে কি কি দপ্তৰ লাভ কৰে, তাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা৷

মোদীৰ এই মন্ত্ৰীসভা সম্প্ৰসাৰণে অসমৰ ৰাজনীতিলৈও কঢ়িয়াই আনিব পাৰে নতুন সম্ভাৱনা৷ কিয়নো, নৰেন্দ্ৰ মোদীৰ এই সম্ভাৱনাত পূৰ্বৰ কোনো দপ্তৰৰ সলনি কেন্দ্ৰীয় কেবিনেটত গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিব পাৰে সৰ্বানন্দ সোণোৱালে৷ ইতিমধ্যে, সৰ্বানন্দ সোণোৱালে বিজেপিৰ দুখনকৈ শীৰ্ষ সমিতিত স্থান লাভ কৰাৰ পাছৰে পৰা অসমৰ ৰাজনৈতিক বতাহ সলনিৰ ইংগিত পোৱা গৈছে৷

মোদীৰ গুডবুকত সোণোৱালে স্থান পোৱাটো এতিয়া আৰু গুপুত হৈ থকা নাই৷ তেনেস্থল মোদীৰ আশীৰ্বাদতেই পৰৱৰ্তী সম্প্ৰসাৰণত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অতি গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰ পথ প্ৰশস্ত হৈছে সৰ্বানন্দ সোণোৱালৰ৷ আৰু যদি সেয়াই হয় তেন্তে কেন্দ্ৰত সোণোৱালৰ এই গুৰুত্বই অসমৰ ৰাজনীতিতো যে প্ৰভাৱ পেলাব, সেয়া নিশ্চিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু