--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অচিৰেই সম্প্ৰসাৰণ ঘটিব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটৰ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভাত সালসলনি কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মহাৰাষ্ট্ৰৰ ৰাজনীতি সলাই শিৱসেনাৰ বিধায়কৰ সমৰ্থনেৰে চৰকাৰ গঠন কৰা একনাথ সিন্দে গোটৰ দুজনকৈ সদস্যকে ধৰি কেইবাজনো বিজেপিৰ নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে শীঘ্ৰে সম্প্ৰসাৰণ ঘটাৰ সম্ভাৱনা আছে মোদী কেবিনেটৰ৷ নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰ লগতে এক ডজনৰো অধিক বৰ্তমানৰ মন্ত্ৰীৰ দপ্তৰৰ ৰদবদল হ’ব জানিব পৰা গৈছে৷ 

উল্লেখযোগ্য যে, মুক্তাৰ আব্বাছ নাকভি আৰু আৰ চি পি সিং কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা আঁতৰি যোৱাৰ পাছৰে পৰা কেন্দ্ৰীয় মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আহিছে৷ একেসময়তে, বিগত সময়ত অযোগ্য প্ৰমাণিত হোৱা আৰু নিজৰ বিভাগ পৰিচালনাত ব্যৰ্থ হোৱা কেইবাজনো মন্ত্ৰীক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিব বুলি খবৰ ওলাইছে৷ মোদী চৰকাৰৰ আসন্ন সম্প্ৰসাৰণত শিৱসেনাৰ একনাথ সিন্দে গোটে কি কি দপ্তৰ লাভ কৰে, তাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা৷

মোদীৰ এই মন্ত্ৰীসভা সম্প্ৰসাৰণে অসমৰ ৰাজনীতিলৈও কঢ়িয়াই আনিব পাৰে নতুন সম্ভাৱনা৷ কিয়নো, নৰেন্দ্ৰ মোদীৰ এই সম্ভাৱনাত পূৰ্বৰ কোনো দপ্তৰৰ সলনি কেন্দ্ৰীয় কেবিনেটত গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিব পাৰে সৰ্বানন্দ সোণোৱালে৷ ইতিমধ্যে, সৰ্বানন্দ সোণোৱালে বিজেপিৰ দুখনকৈ শীৰ্ষ সমিতিত স্থান লাভ কৰাৰ পাছৰে পৰা অসমৰ ৰাজনৈতিক বতাহ সলনিৰ ইংগিত পোৱা গৈছে৷

মোদীৰ গুডবুকত সোণোৱালে স্থান পোৱাটো এতিয়া আৰু গুপুত হৈ থকা নাই৷ তেনেস্থল মোদীৰ আশীৰ্বাদতেই পৰৱৰ্তী সম্প্ৰসাৰণত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অতি গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰ পথ প্ৰশস্ত হৈছে সৰ্বানন্দ সোণোৱালৰ৷ আৰু যদি সেয়াই হয় তেন্তে কেন্দ্ৰত সোণোৱালৰ এই গুৰুত্বই অসমৰ ৰাজনীতিতো যে প্ৰভাৱ পেলাব, সেয়া নিশ্চিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement