--°C
Loading...
Listen to Article
2 min read
80%
দেশৰ বাণিজ্যনগৰীত ৰাজনীতিৰ ধুমুহা! মহাৰাষ্ট্ৰ চৰকাৰৰ দায়িত্ব কোনে ল’ব? আৰম্ভ হৈছে সিন্দে বনাম উদ্ধৱ যুদ্ধ। মুখ্যমন্ত্ৰী আৰু বিৰোধী বিধায়কৰ মাজত মহাৰাষ্ট্ৰৰ ৰাজনীতিত এতিয়া এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটে চূড়ান্ত ৰূপ ধাৰণ কৰা দেখা গৈছে। একনাথ সিন্দেৰ বিদ্ৰোহৰ পাছত উদ্ধৱ থাকৰেৰ দল-চৰকাৰক বচাবলৈ আপ্ৰাণ চেষ্টা চলাইছে শিৱসেনাই। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ আত্মবিশ্বাসী একনাথ সিন্দেৰ বিদ্ৰোহৰ পাছত উদ্ধৱ থাকৰেই মন্ত্ৰীত্বৰ পদ ত্যাগ কৰা কথাটোও বিশেষভাৱে চৰ্চিত হৈছে। 

মহাৰাষ্ট্ৰ ৰাজনীতিত উদ্ধৱ থাকৰেই এনে বিপৰ্যয়ৰ দিন দেখিবলৈ লোৱা সময়তে উভতি ধৰিছে কংগনা ৰানাৱটে। কণ্ট্ৰভাৰ্ছী কুইনৰ এটা পুৰণি ভিডিঅ’ শেহতীয়াকৈ পুনৰ ভাইৰেল হৈ পৰিছে। ২০২০ চনতে উদ্ধৱ থাকৰেৰ অহংকাৰৰ পতন  হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল কংগনাই। বিএমচিয়ে মুম্বাইত থকা কংগনাৰ কার্যালয় ভাঙি পেলোৱাৰ পাছতে কংগনা ৰানাৱটে এই মন্তব্য কৰিছিল৷

কংগনাই কৈছিল- ‘উদ্ধৱ থাকৰে, তুমি মোৰ পৰা প্ৰতিশোধ লোৱা বুলি কিয় ভাবিছা? আজি মোৰ ঘৰ ভাঙিছে, কাইলৈ তোমাৰ অহংকাৰৰ পতন হ’ব।’

ইয়াৰ লগতে, কংগনাৰ আন এটা পুৰণি ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত কংগনাই কৈছিল যে, ‘যেতিয়াই কোনো পুৰুষে নাৰীক অপমান কৰে, তেতিয়াই তেওঁৰ পতন অনিবাৰ্য।’

অৱশ্যে, বোম্বাই উচ্চ ন্যায়ালয়ে বিএমচিৰ বিষয়াগৰাকীয়ে কংগনা ৰানাৱটৰ বাংলোৰ এটা অংশ ভাঙি এক কু-অভিপ্ৰায় কাৰ্য্য কৰা বুলি সদৰী কৰিছিল। আদালতৰ সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনা ৰানাৱটে টুইট কৰি কৈছিল যে, ‘যেতিয়া এজন ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে থিয় হৈ জয়ী হয় তেতিয়া এয়া কেৱল ব্যক্তিজনৰ জয় নহয়, এয়া গণতন্ত্ৰৰ জয়।’

স্বাভাৱিকতে, উদ্ধৱ ঠাকৰে-শিৱসেনাৰ দুৰ্দিন মানেই কংগনা ৰানাৱটৰ বাবে সুদিন! এই কথাকেই যেন দোহাৰিছে নেটিজেনে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগে লগে কংগনাই উদ্ধৱ পুত্ৰ আদিত্য থাকৰেক শিখণ্ডীৰ ভূমিকা গ্ৰহণ কৰা বুলি কটাক্ষ কৰিছিল। এই বিতৰ্ক শিপাই গৈ গৈ কণ্ট্ৰভাৰ্ছী কুইনৰ বাংলো পায়গৈ! সেই ঘটনাৰ বাবে অভিনেত্ৰী গৰাকীয়ে উদ্ধৱ থাকৰেক দিছিল অভিশাপ। উপহাৰ স্বৰূপে, কেন্দ্রীয় চৰকাৰৰ পৰা Y + নিৰাপত্তাও লাভ কৰে তেওঁ৷ এইবাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৰাজপাট কঁপি উঠা সময়তে কংগনা ৰানাৱটৰ বিতৰ্কিত টুইট পুনৰ হৈ পৰিছে চৰ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি