--°C
Loading...
Listen to Article
2 min read
80%
দেশৰ বাণিজ্যনগৰীত ৰাজনীতিৰ ধুমুহা! মহাৰাষ্ট্ৰ চৰকাৰৰ দায়িত্ব কোনে ল’ব? আৰম্ভ হৈছে সিন্দে বনাম উদ্ধৱ যুদ্ধ। মুখ্যমন্ত্ৰী আৰু বিৰোধী বিধায়কৰ মাজত মহাৰাষ্ট্ৰৰ ৰাজনীতিত এতিয়া এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটে চূড়ান্ত ৰূপ ধাৰণ কৰা দেখা গৈছে। একনাথ সিন্দেৰ বিদ্ৰোহৰ পাছত উদ্ধৱ থাকৰেৰ দল-চৰকাৰক বচাবলৈ আপ্ৰাণ চেষ্টা চলাইছে শিৱসেনাই। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ আত্মবিশ্বাসী একনাথ সিন্দেৰ বিদ্ৰোহৰ পাছত উদ্ধৱ থাকৰেই মন্ত্ৰীত্বৰ পদ ত্যাগ কৰা কথাটোও বিশেষভাৱে চৰ্চিত হৈছে। 

মহাৰাষ্ট্ৰ ৰাজনীতিত উদ্ধৱ থাকৰেই এনে বিপৰ্যয়ৰ দিন দেখিবলৈ লোৱা সময়তে উভতি ধৰিছে কংগনা ৰানাৱটে। কণ্ট্ৰভাৰ্ছী কুইনৰ এটা পুৰণি ভিডিঅ’ শেহতীয়াকৈ পুনৰ ভাইৰেল হৈ পৰিছে। ২০২০ চনতে উদ্ধৱ থাকৰেৰ অহংকাৰৰ পতন  হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল কংগনাই। বিএমচিয়ে মুম্বাইত থকা কংগনাৰ কার্যালয় ভাঙি পেলোৱাৰ পাছতে কংগনা ৰানাৱটে এই মন্তব্য কৰিছিল৷

কংগনাই কৈছিল- ‘উদ্ধৱ থাকৰে, তুমি মোৰ পৰা প্ৰতিশোধ লোৱা বুলি কিয় ভাবিছা? আজি মোৰ ঘৰ ভাঙিছে, কাইলৈ তোমাৰ অহংকাৰৰ পতন হ’ব।’

ইয়াৰ লগতে, কংগনাৰ আন এটা পুৰণি ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত কংগনাই কৈছিল যে, ‘যেতিয়াই কোনো পুৰুষে নাৰীক অপমান কৰে, তেতিয়াই তেওঁৰ পতন অনিবাৰ্য।’

অৱশ্যে, বোম্বাই উচ্চ ন্যায়ালয়ে বিএমচিৰ বিষয়াগৰাকীয়ে কংগনা ৰানাৱটৰ বাংলোৰ এটা অংশ ভাঙি এক কু-অভিপ্ৰায় কাৰ্য্য কৰা বুলি সদৰী কৰিছিল। আদালতৰ সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনা ৰানাৱটে টুইট কৰি কৈছিল যে, ‘যেতিয়া এজন ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে থিয় হৈ জয়ী হয় তেতিয়া এয়া কেৱল ব্যক্তিজনৰ জয় নহয়, এয়া গণতন্ত্ৰৰ জয়।’

স্বাভাৱিকতে, উদ্ধৱ ঠাকৰে-শিৱসেনাৰ দুৰ্দিন মানেই কংগনা ৰানাৱটৰ বাবে সুদিন! এই কথাকেই যেন দোহাৰিছে নেটিজেনে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগে লগে কংগনাই উদ্ধৱ পুত্ৰ আদিত্য থাকৰেক শিখণ্ডীৰ ভূমিকা গ্ৰহণ কৰা বুলি কটাক্ষ কৰিছিল। এই বিতৰ্ক শিপাই গৈ গৈ কণ্ট্ৰভাৰ্ছী কুইনৰ বাংলো পায়গৈ! সেই ঘটনাৰ বাবে অভিনেত্ৰী গৰাকীয়ে উদ্ধৱ থাকৰেক দিছিল অভিশাপ। উপহাৰ স্বৰূপে, কেন্দ্রীয় চৰকাৰৰ পৰা Y + নিৰাপত্তাও লাভ কৰে তেওঁ৷ এইবাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৰাজপাট কঁপি উঠা সময়তে কংগনা ৰানাৱটৰ বিতৰ্কিত টুইট পুনৰ হৈ পৰিছে চৰ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান