--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰায়গড়ত সংঘটিত হৈছে এক ডাঙৰ ঘটনা। নেৰানেপেৰা বৰষুণৰ ফলত মহাৰাষ্ট্ৰত সংঘটিত হৈছে প্ৰাকৃতিক দুৰ্যোগ। ৰায়গড়ত হোৱা ভূমিস্খলনত ৪০ টাতকৈও অধিক পৰিয়াল আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এই ঘটনাটো ৰায়গড়ৰ খালাপুৰ তহচিলৰ ইৰশালৱাড়ী গাঁৱত সংঘটিত হৈছে, য'ত প্ৰায় ১২০ জন লোক আবদ্ধ হৈ আছে। এই দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখন মৰ্বি বান্ধৰ পৰা ছয় কিলোমিটাৰ দূৰত। 

এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা। এই পৰ্যন্ত ১৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ। একে সময়তে তিনিজন লোক আহত, তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মুখ্যমন্ত্রী একনাথ সিন্দে সেই স্থানত উপস্থিত হৈছে৷ একে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ঘটনা সন্দৰ্ভত নিৰীক্ষণ কৰি আছে।

ৰায়গড় জিলাৰ দণ্ডাধীশ যোগেশ মহাসে কয় যে মাজনিশা সংঘটিত হৈছে এই ঘটনা। মহকুমা বিষয়া আৰু তহচিলদাৰক লৈ গঠিত এটা দলে সেই স্থানত উপস্থিত হৈছে। জিলা দণ্ডাধীশে কয় যে ভূমিস্খলন সংঘটিত হোৱা ঠাইখনলৈ যাবলৈ দুঘণ্টা ট্ৰেকিং কৰিবলগীয়া হয়, যাৰ বাবে সাহায্য আৰু উদ্ধাৰৰ কাম প্ৰত্যাহ্বানজনক। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী একনাথ সিন্দেই বিষয়াসকলক ফোন কৰি ঘটনা সন্দৰ্ভত সোধা-পোছা কৰি বৃহস্পতিবাৰে পুৱা সেই স্থানত উপস্থিত হয়। পানভেল আৰু নৱী মুম্বাইৰ সকলো চিকিৎসালয়কে ক্ষতিগ্ৰস্তসকলক সকলো প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াবলৈ অৱগত আৰু নিৰ্দেশ দিয়া হৈছে।

আনহাতে, বৃহস্পতিবাৰে ৰায়গড়ত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে। জিলা প্ৰশাসনে এন জি অ’ সমূহক এন ডি আৰ এফক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে যাতে উদ্ধাৰ অভিযান অতি সোনকালে সম্পূৰ্ণ কৰিব পৰা যায়। সেই স্থানত উপস্থিত হৈছে এন ডি আৰ এফৰ দুটা দল। ইয়াৰ লগতে চাৰিখন এম্বুলেন্সো উপস্থিত আছে। দুৰ্ঘটনা সংঘটিত হোৱা স্থানত জনজাতীয় লোকে বাস কৰে। দুৰ্ঘটনাস্থলীত পাঁচ-ছটা ঘৰ আৰু এখন বিদ্যালয় নিৰাপদে ৰক্ষা কৰা হয়। বৰষুণৰ বাবে ১০-১২ জন লোক বিদ্যালয়ত থাকিবলগীয়া হৈছিল, যাৰ বাবে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছিল। আনহাতে, মাছ ধৰাৰ বাবে মৰ্বি মথাউৰিলৈ যোৱা পাঁচজন লোকৰ প্ৰাণো ৰক্ষা পৰিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পৰা ফোনযোগে এই ঘটনাৰ তথ্য লৈছে। এটা টুইটযোগে অমিত শ্বাহে লিখিছে যে ‘মহাৰাষ্ট্ৰৰ ৰায়গড়ত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ সৈতে কথা পাতিছিলো। ঘটনাস্থলীত উপস্থিত হৈ ৪টা এন ডি আৰ এফৰ দলে স্থানীয় প্ৰশাসনৰ লগতে উদ্ধাৰ অভিযান চলাই আছে। তাৰ পৰা মানুহ উলিয়াই আনি আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰাটো আমাৰ অগ্ৰাধিকাৰ।

এই শোকাৱহ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী একনাথ সিন্দেই ঘোষণা কৰিছে ৫ লাখ টকাৰ অনুদান। ইয়াৰোপৰি ৰাজ্য চৰকাৰে আহতসকলৰো চিকিৎসাৰ খৰচ বহন কৰিব বুলি উল্লেখ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক