--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰায়গড়ত সংঘটিত হৈছে এক ডাঙৰ ঘটনা। নেৰানেপেৰা বৰষুণৰ ফলত মহাৰাষ্ট্ৰত সংঘটিত হৈছে প্ৰাকৃতিক দুৰ্যোগ। ৰায়গড়ত হোৱা ভূমিস্খলনত ৪০ টাতকৈও অধিক পৰিয়াল আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এই ঘটনাটো ৰায়গড়ৰ খালাপুৰ তহচিলৰ ইৰশালৱাড়ী গাঁৱত সংঘটিত হৈছে, য'ত প্ৰায় ১২০ জন লোক আবদ্ধ হৈ আছে। এই দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখন মৰ্বি বান্ধৰ পৰা ছয় কিলোমিটাৰ দূৰত। 

এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা। এই পৰ্যন্ত ১৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ। একে সময়তে তিনিজন লোক আহত, তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মুখ্যমন্ত্রী একনাথ সিন্দে সেই স্থানত উপস্থিত হৈছে৷ একে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ঘটনা সন্দৰ্ভত নিৰীক্ষণ কৰি আছে।

ৰায়গড় জিলাৰ দণ্ডাধীশ যোগেশ মহাসে কয় যে মাজনিশা সংঘটিত হৈছে এই ঘটনা। মহকুমা বিষয়া আৰু তহচিলদাৰক লৈ গঠিত এটা দলে সেই স্থানত উপস্থিত হৈছে। জিলা দণ্ডাধীশে কয় যে ভূমিস্খলন সংঘটিত হোৱা ঠাইখনলৈ যাবলৈ দুঘণ্টা ট্ৰেকিং কৰিবলগীয়া হয়, যাৰ বাবে সাহায্য আৰু উদ্ধাৰৰ কাম প্ৰত্যাহ্বানজনক। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী একনাথ সিন্দেই বিষয়াসকলক ফোন কৰি ঘটনা সন্দৰ্ভত সোধা-পোছা কৰি বৃহস্পতিবাৰে পুৱা সেই স্থানত উপস্থিত হয়। পানভেল আৰু নৱী মুম্বাইৰ সকলো চিকিৎসালয়কে ক্ষতিগ্ৰস্তসকলক সকলো প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াবলৈ অৱগত আৰু নিৰ্দেশ দিয়া হৈছে।

আনহাতে, বৃহস্পতিবাৰে ৰায়গড়ত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে। জিলা প্ৰশাসনে এন জি অ’ সমূহক এন ডি আৰ এফক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে যাতে উদ্ধাৰ অভিযান অতি সোনকালে সম্পূৰ্ণ কৰিব পৰা যায়। সেই স্থানত উপস্থিত হৈছে এন ডি আৰ এফৰ দুটা দল। ইয়াৰ লগতে চাৰিখন এম্বুলেন্সো উপস্থিত আছে। দুৰ্ঘটনা সংঘটিত হোৱা স্থানত জনজাতীয় লোকে বাস কৰে। দুৰ্ঘটনাস্থলীত পাঁচ-ছটা ঘৰ আৰু এখন বিদ্যালয় নিৰাপদে ৰক্ষা কৰা হয়। বৰষুণৰ বাবে ১০-১২ জন লোক বিদ্যালয়ত থাকিবলগীয়া হৈছিল, যাৰ বাবে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছিল। আনহাতে, মাছ ধৰাৰ বাবে মৰ্বি মথাউৰিলৈ যোৱা পাঁচজন লোকৰ প্ৰাণো ৰক্ষা পৰিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পৰা ফোনযোগে এই ঘটনাৰ তথ্য লৈছে। এটা টুইটযোগে অমিত শ্বাহে লিখিছে যে ‘মহাৰাষ্ট্ৰৰ ৰায়গড়ত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ সৈতে কথা পাতিছিলো। ঘটনাস্থলীত উপস্থিত হৈ ৪টা এন ডি আৰ এফৰ দলে স্থানীয় প্ৰশাসনৰ লগতে উদ্ধাৰ অভিযান চলাই আছে। তাৰ পৰা মানুহ উলিয়াই আনি আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰাটো আমাৰ অগ্ৰাধিকাৰ।

এই শোকাৱহ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী একনাথ সিন্দেই ঘোষণা কৰিছে ৫ লাখ টকাৰ অনুদান। ইয়াৰোপৰি ৰাজ্য চৰকাৰে আহতসকলৰো চিকিৎসাৰ খৰচ বহন কৰিব বুলি উল্লেখ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement