--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৬ চনৰ ২৯ ছেপ্টেম্বৰত ভাৰতীয় সেনাৰ দ্বাৰা পাকিস্তানত সংঘটিত ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি মন্তব্য কৰিছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে৷ ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি ৰাহুল গান্ধীয়ে কৰা মন্তব্যই ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছিল৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰসভাত অংশ ল’বলৈ গৈ ৰাহুল গান্ধীক ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰাৰ প্ৰসংগ টানি নি সমালোচনাৰ লক্ষ্য কৰি লয়৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ গৈ ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈ কৰা অশোভনীয় মন্তব্যই এতিয়া সমগ্ৰ দেশতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ৷ মুখ্যমন্ত্ৰী শৰ্মাক উভতি ধৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে মন্তব্য কৰিছে যে, অকল ৰাহুল গান্ধীয়ে নহয়, ময়ো প্ৰমাণ বিচাৰিব পাৰো৷ তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তান অধিকৃত কাশ্মীৰত চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত পুনৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰমাণ বিচাৰিছে। তেওঁ কয়, আজিও, মই প্ৰমাণ বিচাৰিছোঁ। ভাৰত চৰকাৰে প্ৰমাণ দেখুৱায় দিয়ক। বিজেপিয়ে মিছা প্ৰচাৰ কৰে সেয়েহে মানুহে এইটো বিচাৰিছে বুলি ৰাওৱে মন্তব্য কৰে৷ তেওঁ লগতে কয়, বিজেপিয়ে ৰাজনৈতিকভাৱে ছাৰ্জিকেল ষ্ট্ৰাইকক ব্যৱহাৰ কৰি আছে। সেনাই সীমান্তত যুঁজ দি আছে। যদি কাৰোবাৰ মৃত্যু হয়, সেয়া সেনা জোৱান, আৰু তেওঁলোকক ইয়াৰ কৃতিত্ব দিয়া উচিত, বিজেপিক নহয়৷ উত্তৰাখণ্ডত হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক উদ্দেশ্যি কৈছিল, ৰাহুল গান্ধী কাৰ পুত্ৰ, তাৰ প্ৰমাণ আমি কেতিয়াবা আপোনাক বিচাৰিছিলোঁ নেকি? সেনাৰ পৰা প্ৰমাণ দাবী কৰাৰ ক্ষেত্ৰত আপোনাৰ কি অধিকাৰ আছে? শৰ্মাৰ মন্তব্যৰ পাছতে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি প্ৰকাশ নাড্ডাক ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু