--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৬ চনৰ ২৯ ছেপ্টেম্বৰত ভাৰতীয় সেনাৰ দ্বাৰা পাকিস্তানত সংঘটিত ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি মন্তব্য কৰিছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে৷ ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি ৰাহুল গান্ধীয়ে কৰা মন্তব্যই ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছিল৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰসভাত অংশ ল’বলৈ গৈ ৰাহুল গান্ধীক ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰাৰ প্ৰসংগ টানি নি সমালোচনাৰ লক্ষ্য কৰি লয়৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ গৈ ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈ কৰা অশোভনীয় মন্তব্যই এতিয়া সমগ্ৰ দেশতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ৷ মুখ্যমন্ত্ৰী শৰ্মাক উভতি ধৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে মন্তব্য কৰিছে যে, অকল ৰাহুল গান্ধীয়ে নহয়, ময়ো প্ৰমাণ বিচাৰিব পাৰো৷ তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তান অধিকৃত কাশ্মীৰত চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত পুনৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰমাণ বিচাৰিছে। তেওঁ কয়, আজিও, মই প্ৰমাণ বিচাৰিছোঁ। ভাৰত চৰকাৰে প্ৰমাণ দেখুৱায় দিয়ক। বিজেপিয়ে মিছা প্ৰচাৰ কৰে সেয়েহে মানুহে এইটো বিচাৰিছে বুলি ৰাওৱে মন্তব্য কৰে৷ তেওঁ লগতে কয়, বিজেপিয়ে ৰাজনৈতিকভাৱে ছাৰ্জিকেল ষ্ট্ৰাইকক ব্যৱহাৰ কৰি আছে। সেনাই সীমান্তত যুঁজ দি আছে। যদি কাৰোবাৰ মৃত্যু হয়, সেয়া সেনা জোৱান, আৰু তেওঁলোকক ইয়াৰ কৃতিত্ব দিয়া উচিত, বিজেপিক নহয়৷ উত্তৰাখণ্ডত হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক উদ্দেশ্যি কৈছিল, ৰাহুল গান্ধী কাৰ পুত্ৰ, তাৰ প্ৰমাণ আমি কেতিয়াবা আপোনাক বিচাৰিছিলোঁ নেকি? সেনাৰ পৰা প্ৰমাণ দাবী কৰাৰ ক্ষেত্ৰত আপোনাৰ কি অধিকাৰ আছে? শৰ্মাৰ মন্তব্যৰ পাছতে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি প্ৰকাশ নাড্ডাক ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ