--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বঙহৰ যুঁজ চলিছে নেকি ভাৰতীয় জনতা পাৰ্টীত? উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত সামগ্ৰিকভাৱে দলটোৰ প্ৰদৰ্শন আশাপ্ৰদ হোৱা নাই বুলি চৰ্চা চলি আছে৷ তাৰ মাজতে উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি সাংসদে দলৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷ সাহসেৰে তেওঁ বিৰোধিতা কৰিছে বিজেপিৰ জনবিৰোধী নীতি আৰু কাৰ্যক৷ ৰাজ্যখনৰ পিলিভিট লোকসভা সমষ্টিৰ বিজেপি সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা বৰুণ গান্ধীয়ে মন্তব্য কৰিছে যে, উত্তৰ প্ৰদেশৰ নিৰ্বাচনত কৰ্মসংস্থাপন আৰু কৃষি আইন মুখ্য বিষয় হৈ পৰিছে৷ তেওঁ লগতে কৈছে, উত্তৰ প্ৰদেশৰ ভোটাৰে হিন্দু-মুছলমানৰ নামত ভোটদান নকৰে৷ বৰুণ গান্ধীয়ে কয়, এতিয়া যি শব্দ শুনি থকা গৈছে, সেয়া হিন্দু-মুছলমানৰ ৰাজনীতিৰে পিছুৱাই যোৱাৰ ৰাজনীতি৷ দৰাচলতে, ভোট এনে কোনো বিভাজনমূলক বিষয়ত নহ’ব৷ এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰৰে হোৱা বাৰ্তালাপত নেতাগৰাকীয়ে তেওঁৰ দলৰ ৮০% বনাম ২০% নিৰ্বাচনী সমীকৰণক নাকচ কৰে। যিকোনো ভোটাৰক ধৰ্ম বা জাতিৰ ভিত্তিত চোৱাতো অনৈতিক হ’ব। মই ভোটাৰক আটাইতকৈ গণতন্ত্ৰৰ বৃহৎ অংশীদাৰ বুলি বিবেচনা কৰোঁ বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয়, চলিত নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ভোটাৰসকলে তেওঁলোকৰ ভোটৰ জৰিয়তে এই মৌলিক প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব যে বিগত পাঁচ বছৰত মাটিত দুৰ্নীতি হ্ৰাস পাইছে নেকি? কৃষকসকলক ন্যায় দিয়া হৈছিল নেকি? মুদ্ৰাস্ফীতিৰ প্ৰভাৱৰ পৰা ৰাইজে সকাহ পাইছে নেকি? ঠিকাভিত্তিক কৰ্মীসকলে ন্যায়ৰ বাবে কিমান সময় অপেক্ষা কৰিব লাগিব? আৰু যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰিছে নে নাই? গান্ধীয়ে লগতে কয়, ২০১৭ চনত উত্তৰ প্ৰদেশবাসীয়ে বৃহৎ জনাদেশ দি সমগ্ৰ ৰাজ্যতে আমূল পৰিৱৰ্তন হোৱাৰ আশা কৰিছিল৷ কেৱল আন্তঃগাঁথনিতে নহয়, সমগ্ৰ শাসন ব্যৱস্থাত। কিন্তু, মানুহৰ এই আশাবোৰ পূৰণ হৈছে নে? তেওঁ কয়, আমাৰ ৰাষ্ট্ৰখনে নিবনুৱাৰ আটাইতকৈ ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ পৰীক্ষাৰ সময়ত কি ঘটিছিল সকলোৱে দেখিছে৷ কৃষক আন্দোলন সন্দৰ্ভত বিজেপি সাংসদগৰাকীয়ে কয়, গণতন্ত্ৰত প্ৰতিটো গণআন্দোলনৰ নিজা শক্তি আৰু প্ৰভাৱ আছে। এইটো বাৰে বাৰে প্ৰমাণিত হৈছে যে গণআন্দোলনৰ কেৱল যিকোনো চৰকাৰ সলনি কৰাৰ ক্ষমতাই নহয়, ইয়াৰ নতুন নেতৃত্ব সৃষ্টি কৰাৰ শক্তিও আছে। তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধাত গান্ধীয়ে কয়, কাইলৈ কি হ’ব সেয়া কোনেও ভৱিষ্যদ্বাণী কৰিব নোৱাৰে। কেৱল সময়হে এনে প্ৰশ্নৰ উত্তৰ দিব পাৰে। মই জনভিত্তিক ৰাজনীতিৰ আকাংক্ষা কৰো। ন্যায়সংগত আৰু সামগ্ৰিক ৰাজনীতি মোৰ তেজত আছে বুলি বৰুণ গান্ধীয়ে মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ