--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বঙহৰ যুঁজ চলিছে নেকি ভাৰতীয় জনতা পাৰ্টীত? উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত সামগ্ৰিকভাৱে দলটোৰ প্ৰদৰ্শন আশাপ্ৰদ হোৱা নাই বুলি চৰ্চা চলি আছে৷ তাৰ মাজতে উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি সাংসদে দলৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷ সাহসেৰে তেওঁ বিৰোধিতা কৰিছে বিজেপিৰ জনবিৰোধী নীতি আৰু কাৰ্যক৷ ৰাজ্যখনৰ পিলিভিট লোকসভা সমষ্টিৰ বিজেপি সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা বৰুণ গান্ধীয়ে মন্তব্য কৰিছে যে, উত্তৰ প্ৰদেশৰ নিৰ্বাচনত কৰ্মসংস্থাপন আৰু কৃষি আইন মুখ্য বিষয় হৈ পৰিছে৷ তেওঁ লগতে কৈছে, উত্তৰ প্ৰদেশৰ ভোটাৰে হিন্দু-মুছলমানৰ নামত ভোটদান নকৰে৷ বৰুণ গান্ধীয়ে কয়, এতিয়া যি শব্দ শুনি থকা গৈছে, সেয়া হিন্দু-মুছলমানৰ ৰাজনীতিৰে পিছুৱাই যোৱাৰ ৰাজনীতি৷ দৰাচলতে, ভোট এনে কোনো বিভাজনমূলক বিষয়ত নহ’ব৷ এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰৰে হোৱা বাৰ্তালাপত নেতাগৰাকীয়ে তেওঁৰ দলৰ ৮০% বনাম ২০% নিৰ্বাচনী সমীকৰণক নাকচ কৰে। যিকোনো ভোটাৰক ধৰ্ম বা জাতিৰ ভিত্তিত চোৱাতো অনৈতিক হ’ব। মই ভোটাৰক আটাইতকৈ গণতন্ত্ৰৰ বৃহৎ অংশীদাৰ বুলি বিবেচনা কৰোঁ বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয়, চলিত নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ভোটাৰসকলে তেওঁলোকৰ ভোটৰ জৰিয়তে এই মৌলিক প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব যে বিগত পাঁচ বছৰত মাটিত দুৰ্নীতি হ্ৰাস পাইছে নেকি? কৃষকসকলক ন্যায় দিয়া হৈছিল নেকি? মুদ্ৰাস্ফীতিৰ প্ৰভাৱৰ পৰা ৰাইজে সকাহ পাইছে নেকি? ঠিকাভিত্তিক কৰ্মীসকলে ন্যায়ৰ বাবে কিমান সময় অপেক্ষা কৰিব লাগিব? আৰু যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰিছে নে নাই? গান্ধীয়ে লগতে কয়, ২০১৭ চনত উত্তৰ প্ৰদেশবাসীয়ে বৃহৎ জনাদেশ দি সমগ্ৰ ৰাজ্যতে আমূল পৰিৱৰ্তন হোৱাৰ আশা কৰিছিল৷ কেৱল আন্তঃগাঁথনিতে নহয়, সমগ্ৰ শাসন ব্যৱস্থাত। কিন্তু, মানুহৰ এই আশাবোৰ পূৰণ হৈছে নে? তেওঁ কয়, আমাৰ ৰাষ্ট্ৰখনে নিবনুৱাৰ আটাইতকৈ ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ পৰীক্ষাৰ সময়ত কি ঘটিছিল সকলোৱে দেখিছে৷ কৃষক আন্দোলন সন্দৰ্ভত বিজেপি সাংসদগৰাকীয়ে কয়, গণতন্ত্ৰত প্ৰতিটো গণআন্দোলনৰ নিজা শক্তি আৰু প্ৰভাৱ আছে। এইটো বাৰে বাৰে প্ৰমাণিত হৈছে যে গণআন্দোলনৰ কেৱল যিকোনো চৰকাৰ সলনি কৰাৰ ক্ষমতাই নহয়, ইয়াৰ নতুন নেতৃত্ব সৃষ্টি কৰাৰ শক্তিও আছে। তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধাত গান্ধীয়ে কয়, কাইলৈ কি হ’ব সেয়া কোনেও ভৱিষ্যদ্বাণী কৰিব নোৱাৰে। কেৱল সময়হে এনে প্ৰশ্নৰ উত্তৰ দিব পাৰে। মই জনভিত্তিক ৰাজনীতিৰ আকাংক্ষা কৰো। ন্যায়সংগত আৰু সামগ্ৰিক ৰাজনীতি মোৰ তেজত আছে বুলি বৰুণ গান্ধীয়ে মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু