--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে দেশৰ ৰাজনীতিত এতিয়া ব্যাপক ব্যস্ততাৰ সৃষ্টি কৰিছে। আজি তিনিখনকৈ ৰাজ্যত চলিছে ভোটগ্ৰহণ। দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূ্ৰ্ণ হিচাপে চিহ্নিত ৰাজ্য উত্তৰ প্ৰদেশত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলিছে। আজি ৰাজ্যখনৰ নখন জিলাৰ ৫৫টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। আনহাতে, আন দুখন বিজেপি শাসিত ৰাজ্য গোৱা আৰু উত্তৰাখণ্ডতো আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। উত্তৰাখণ্ড বিধানসভাৰ ৭০খন আসনৰ বাবে আৰু গোৱাৰ মুঠ ৪০খন আসনৰ বাবে ভোটগ্ৰহণ হৈছে আজি। মন কৰিবলগীয়া যে, তিনিওখন ৰাজ্যতে ভোটাৰৰ সঁহাৰি মিশ্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। উত্তৰ প্ৰদেশৰ ৫৫খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণত বিয়লিৰ ভাগলৈ প্ৰায় ৬০শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। গোৱাত তুলনামূলকভাৱে ভোটদানৰ হাৰ বেছি আৰু বিয়লিৰ ভাগলৈ ৭৫শতাংশৰো অধিক লোকে ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। উত্তৰাখণ্ডত ভোটদানৰ হাৰ আৰু অধিক কম হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনত বিয়লিৰ ভাগলৈ প্ৰায় ৫০শতাংশ ভোটাৰেহে নিজৰ মতদান কৰিছিল। ভোটদানৰ এনে নিম্নগামী হাৰে শাসকীয় পক্ষক লাভান্বিত কৰে বুলি ধৰা হয়। নিৰ্বাচনত ভোটাৰৰ এনে উৎসাহহীনতাই শাসন ব্যৱস্থাত স্থিতাৱস্থা বাহাল ৰখাৰ ইংগিত দিয়ে বুলি বিভিন্নজন ৰাজনৈতিক বিশেষজ্ঞই মত প্ৰকাশ কৰি আহিছে। সেয়েহে তিনিওখন বিজেপি শাসিত ৰাজ্যৰ নিৰ্বাচনক লৈ বিজেপি দল সুখী হোৱাৰে সম্ভাৱনা অধিক। ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত আঠটা অতি স্পৰ্শকাতৰ সমষ্টিৰ ওপৰত বিভিন্নজনে দৃষ্টি নিবদ্ধ ৰাখিছে।বিজনোৰ, চম্বল আৰু শ্বাহাৰনপুৰ জিলাৰ এই আঠটা সমষ্টি ধৰ্মীয় সংখ্যালঘু লোকৰ বসতি প্ৰধান সমষ্টি আৰু এইকেইটাত সমাজবাদী পাৰ্টীৰ প্ৰভাৱ অতি বেছি। কেৱল এয়াই নহয় আজি ভোটগ্ৰহণ হোৱা ৫৫টা সমষ্টিতে সমাজবাদী পাৰ্টীয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনাৰ কথা চৰ্চা হৈছে। বিগত বিধানসভা নিৰ্বাচনত এই সমষ্টিকেইটাৰ ভিতৰত বিজেপিয়ে ৩৮খন আসন দখল কৰিছিল। সমাজবাদীয়ে মাত্ৰ ১৫খন আৰু কংগ্ৰেছে দুখন আসনত বিজয়ী হৈছিল। কিন্তু এইবাৰ দলিত ভোটাৰৰ মনযোগ সমাজবাদীৰ প্ৰতি আকৰ্ষিত হোৱা বুলি ধাৰণা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত এই আসনকেইখনৰ ফলাফলে সমাজবাদীক নিৰ্বাচনত শক্তিশালী কৰি তোলাৰ সম্ভাৱনা আছে। ইফালে, ৪০খন আসনৰ ক্ষুদ্ৰ ৰাজ্য হ’লেও গোৱাৰ নিৰ্বাচনক লৈও এইবাৰ ব্যাপক চৰ্চা চলিছে। তাৰ কাৰণ হৈছে গোৱাত আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছৰ দৰে নতুন দলে খোপনি পুতিবলৈ চেষ্টা কৰাটো। দিল্লীৰ পৰা সাম্ৰাজ্য বিস্তাৰৰ বাবে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী আৰু মমতাৰ তৃণমূলে গোৱাত নিজৰ প্ৰভাৱ বিস্তাৰৰ তীব্ৰ চেষ্টা চলাইছে। ইফালে, ৰাজ্যখনৰ পানাজী আসনখনৰ ওপৰতো সকলোৰে দৃষ্টি আবদ্ধ হৈ আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰে প্ৰতিনিধিত্ব কৰা এই আসনখনত বিজেপিৰ টিকট বিচাৰি বিমুখ হৈছিল পাৰিকৰৰ পুত্ৰ উতপল পাৰিকৰ। সেইবাবে তেওঁ বিজেপি ত্যাগ কৰি নিৰ্দলীয়ভাৱে এই আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু