--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৭৫সংখ্যক গণৰাজ্য দিৱসৰ পূৰ্বসন্ধ্যা দেশবাসীক সম্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে৷ গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দেশবাসীক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত সঁচাকৈয়ে গণতন্ত্ৰৰ মাতৃ৷ তেওঁ কয়, ভাৰতত গণতান্ত্ৰিক ব্যৱস্থা পশ্চিমীয়া গণতন্ত্ৰৰ ধাৰণাতকৈ বহু পুৰণি। সেইকাৰণেই ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি কোৱা হয়৷ 

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত অমৃতকালৰ প্ৰাৰম্ভিক বছৰত আছে আৰু দেশবাসীয়ে ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ সোণালী সুযোগ লাভ কৰিছে। এয়া হৈছে পৰিৱৰ্তনৰ সময়। আমাৰ লক্ষ্যপ্ৰাপ্ত কৰাৰ বাবে প্ৰতিজন নাগৰিকৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব৷

দেশক উদ্দেশ্যি কৰা সম্বোধনত ৰাষ্ট্ৰপতিগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু যন্ত্ৰ শিক্ষণ প্ৰক্ৰিয়া কেনেকৈ আমাৰ জীৱনৰ অংশ হৈ পৰিছে সেই বিষয়েও উল্লেখ কৰে৷

তেওঁ লগতে কয়, অমৃত কালৰ সময়ছোৱা অভূতপূৰ্ব প্ৰযুক্তিগত পৰিৱৰ্তনৰ সময় হ’ব। ভৱিষ্যতে চিন্তাৰ বহুতো ক্ষেত্ৰ আছে, কিন্তু আগলৈ বিশেষকৈ যুৱসকলৰ বাবে ৰোমাঞ্চকৰ সুযোগো আছে৷ তেওঁলোকে নতুন সীমাৰ অন্বেষণ কৰি আছে। আমি তেওঁলোকৰ পথৰ পৰা বাধা আঁতৰাবলৈ আৰু তেওঁলোকক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা উলিয়াবলৈ দিবলৈ যিমান পাৰো কৰিব লাগিব৷

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, মই বিশ্বাস কৰোঁ যে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ নাৰী সবলীকৰণৰ বৈপ্লৱিক আধাৰ হিচাপে প্ৰমাণিত হ’ব৷ আনহাতে, ৰাম মন্দিৰৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ভৱিষ্যতৰ ইতিহাসবিদসকলে ৰাম মন্দিৰক ভাৰতীয় সভ্যতাৰ ঐতিহ্যৰ পুনৰাৱিষ্কাৰৰ গুৰুত্বপূৰ্ণ স্থান হিচাপে বিবেচনা কৰিব বুলি মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু