--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, চমুকৈ ‘ISRO’ত বিজ্ঞানী হিচাপে নিযুক্তিলাভ কৰিছে দুগৰাকী অসম সন্তানে৷ এই খবৰে আনন্দিত কৰি তুলিছে অসমবাসীক৷ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ অন্তৰ্গত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান স্পেচ চেণ্টাৰত বিজ্ঞানী হিচাপে গৱেষণাৰ বাবে নিযুক্তি লাভ কৰিছে নগাঁৱৰ জীয়াৰী নাজনিন ইয়ামিন আৰু তিতাবৰৰ অলকেশ কলিতাই৷

কালি নাজনিন ইয়াচমিনৰ খবৰ বিয়পি পৰাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল এক আনন্দৰ পৰিৱেশ৷ নাজনিন ইয়াচমিনৰ খবৰে সুখী কৰি ৰখাৰ মাজতে আজি আহিল আন এক সুখবৰ৷ তিতাবৰৰ ছাত্ৰ অলকেশ কলিতা নিযুক্ত হৈছে ইছৰোৰ বিজ্ঞানী হিচাপে৷ ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ অলকেশৰ ঘৰ যোৰহাটৰ তিতাবৰত৷ ইঞ্জিনীয়াৰিং ফিজিক্সৰ স্নাতক আৰু কনডেন্সড মেটাৰ ফিজিক্সৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী অলকেশ কলিতা৷ একেদৰে, নাজনিন ইয়াছমিনৰ পিতৃগৃহ হৈছে নগাঁৱৰ জুৰীয়াত৷ ২০১৩ চনত ইলেক্ট্ৰ’নিকছ্ এণ্ড কমিউনিকেশ্যন ইঞ্জিনীয়াৰিঙত বি.টেক. আৰু ২০১৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰ’নিক ডিজাইন এণ্ড টেকন’ল’জীত এম.টেক. ডিগ্ৰী লাভ কৰে নাজনিনে৷ 

অলকেশ কলিতা


এই দুগৰাকী অসমীয়া শিক্ষাৰ্থীৰ সাফল্যই অসমলৈ কঢ়িয়াই আনিছে সম্ভাৱনাৰ নতুন পোহৰ৷ স্থূল ৰাজনৈতিক বাতাবৰণৰ বিপৰীতে শিক্ষা আৰু বিজ্ঞানৰ অন্বেষণৰ মাজেৰে বাট বুলা এইসকল অসমীয়াৰ হাততেই অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত বুলি বহুজনে মন্তব্য কৰিছে৷ ধৰ্ম, সাম্প্ৰদায়িক বিভাজনৰ বিপৰীতে নাজনিন-অলকেশৰ সফলতাই পুনৰবাৰ অসমবাসীক গৌৰৱ কৰাৰ সুযোগ দিলে৷ আশা কৰিব পাৰি, এওঁলোকৰ সফলতাৰ এই জয়যাত্ৰাই অসমৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব৷ একেসময়তে, গুৰুপ্ৰসাদ দাসৰ পৰা আৰম্ভ কৰি জিতেন্দ্ৰনাথ গোস্বামী, উদ্ভৱ ভৰালী, দীনেশ চন্দ্ৰ গোস্বামীয়ে দেখুওৱা বাটৰ পথিক হৈ নাজনিন-অলকেশেও অসমত বিজ্ঞানচৰ্চা আৰু অধ্যয়নৰ নতুন পৰিৱেশ নিৰ্মাণ হ’ব বুলি আশা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ