--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, চমুকৈ ‘ISRO’ত বিজ্ঞানী হিচাপে নিযুক্তিলাভ কৰিছে দুগৰাকী অসম সন্তানে৷ এই খবৰে আনন্দিত কৰি তুলিছে অসমবাসীক৷ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ অন্তৰ্গত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান স্পেচ চেণ্টাৰত বিজ্ঞানী হিচাপে গৱেষণাৰ বাবে নিযুক্তি লাভ কৰিছে নগাঁৱৰ জীয়াৰী নাজনিন ইয়াচমিন আৰু তিতাবৰৰ অলকেশ কলিতাই৷

কালি নাজনিন ইয়াচমিনৰ খবৰ বিয়পি পৰাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল এক আনন্দৰ পৰিৱেশ৷ নাজনিন ইয়াচমিনৰ খবৰে সুখী কৰি ৰখাৰ মাজতে আজি আহিল আন এক সুখবৰ৷ তিতাবৰৰ ছাত্ৰ অলকেশ কলিতা নিযুক্ত হৈছে ইছৰোৰ বিজ্ঞানী হিচাপে৷ ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ অলকেশৰ ঘৰ যোৰহাটৰ তিতাবৰত৷ ইঞ্জিনীয়াৰিং ফিজিক্সৰ স্নাতক আৰু কনডেন্সড মেটাৰ ফিজিক্সৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী অলকেশ কলিতা৷ একেদৰে, নাজনিন ইয়াছমিনৰ পিতৃগৃহ হৈছে নগাঁৱৰ জুৰীয়াত৷ ২০১৩ চনত ইলেক্ট্ৰ’নিকছ্ এণ্ড কমিউনিকেশ্যন ইঞ্জিনীয়াৰিঙত বি.টেক. আৰু ২০১৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰ’নিক ডিজাইন এণ্ড টেকন’ল’জীত এম.টেক. ডিগ্ৰী লাভ কৰে নাজনিনে৷ 

অলকেশ কলিতা


এই দুগৰাকী অসমীয়া শিক্ষাৰ্থীৰ সাফল্যই অসমলৈ কঢ়িয়াই আনিছে সম্ভাৱনাৰ নতুন পোহৰ৷ স্থূল ৰাজনৈতিক বাতাবৰণৰ বিপৰীতে শিক্ষা আৰু বিজ্ঞানৰ অন্বেষণৰ মাজেৰে বাট বুলা এইসকল অসমীয়াৰ হাততেই অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত বুলি বহুজনে মন্তব্য কৰিছে৷ ধৰ্ম, সাম্প্ৰদায়িক বিভাজনৰ বিপৰীতে নাজনিন-অলকেশৰ সফলতাই পুনৰবাৰ অসমবাসীক গৌৰৱ কৰাৰ সুযোগ দিলে৷ আশা কৰিব পাৰি, এওঁলোকৰ সফলতাৰ এই জয়যাত্ৰাই অসমৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব৷ একেসময়তে, গুৰুপ্ৰসাদ দাসৰ পৰা আৰম্ভ কৰি জিতেন্দ্ৰনাথ গোস্বামী, উদ্ভৱ ভৰালী, দীনেশ চন্দ্ৰ গোস্বামীয়ে দেখুওৱা বাটৰ পথিক হৈ নাজনিন-অলকেশেও অসমত বিজ্ঞানচৰ্চা আৰু অধ্যয়নৰ নতুন পৰিৱেশ নিৰ্মাণ হ’ব বুলি আশা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু