--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনৰ বিধি বলবৎ হোৱাই নাই৷ তৎসত্ত্বেও ভাৰতৰ নাগৰিকত্ব বিচাৰি ১০ হাজাৰতকৈয়ো অধিক বিদেশীয়ে কৰিছে আৱেদন৷ তাৰ ভিতৰত ৭ হাজাৰতকৈয়ো অধিক পাকিস্তানী নাগৰিকে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিবৰ বাবে অপেক্ষা কৰি আছে৷ সংসদত গৃহ-মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২১ চনৰ ১৪ ডিচেম্বৰলৈকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰা বিভিন্ন দেশৰ মুঠ নাগৰিকৰ সংখ্যা হৈছে ১০,৬৩৫গৰাকী৷ এইসকল আৱেদনকাৰীৰ ভিতৰত ৭,৩০৬ গৰাকী পাকিস্তানৰ নাগৰিক৷

গৃহ-মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি ভাৰতীয় নাগৰিকত্বৰ বাবে বাকী থকা প্ৰায় ৭০ শতাংশ আৱেদন পাকিস্তানীসকলৰ। বুধবাৰে সাংসদ আব্দুল ৱাহাবে সোধা তেওঁলোকৰ বৰ্তমানৰ নাগৰিকত্বৰ তথ্যসহ ভাৰতীয় নাগৰিকত্বৰ বাবে বৰ্তমানৰ আৱেদনকাৰীসকলৰ বিৱৰণৰ উত্তৰত গৃহ-ৰাজ্যিক মন্ত্ৰী ৰায়ে এই তথ্য সদৰী কৰে৷

আফগানিস্তানৰ পৰা ১,১৫২খন আৱেদন আহিছিল, তাৰ পাছত শৰণাৰ্থীৰ পৰা ৪২৮খন, শ্ৰীলংকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২২৩খন, নেপালৰ পৰা ১৮৯খন আৰু বাংলাদেশৰ পৰা ১৬১খন আৱেদন কেন্দ্ৰীয় চৰকাৰে লাভ কৰিছে৷ চীনৰ পৰা ১০গৰাকী আৱেদনকাৰীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছে৷ ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষমতা গৃহ-মন্ত্ৰণালয়ৰ ওচৰত আছে, যিয়ে বিতং প্ৰমাণীকৰণ আৰু পৰীক্ষাৰ পাছত আৱেদনখন অনুমোদন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ