--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনৰ বিধি বলবৎ হোৱাই নাই৷ তৎসত্ত্বেও ভাৰতৰ নাগৰিকত্ব বিচাৰি ১০ হাজাৰতকৈয়ো অধিক বিদেশীয়ে কৰিছে আৱেদন৷ তাৰ ভিতৰত ৭ হাজাৰতকৈয়ো অধিক পাকিস্তানী নাগৰিকে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিবৰ বাবে অপেক্ষা কৰি আছে৷ সংসদত গৃহ-মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২১ চনৰ ১৪ ডিচেম্বৰলৈকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰা বিভিন্ন দেশৰ মুঠ নাগৰিকৰ সংখ্যা হৈছে ১০,৬৩৫গৰাকী৷ এইসকল আৱেদনকাৰীৰ ভিতৰত ৭,৩০৬ গৰাকী পাকিস্তানৰ নাগৰিক৷

গৃহ-মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি ভাৰতীয় নাগৰিকত্বৰ বাবে বাকী থকা প্ৰায় ৭০ শতাংশ আৱেদন পাকিস্তানীসকলৰ। বুধবাৰে সাংসদ আব্দুল ৱাহাবে সোধা তেওঁলোকৰ বৰ্তমানৰ নাগৰিকত্বৰ তথ্যসহ ভাৰতীয় নাগৰিকত্বৰ বাবে বৰ্তমানৰ আৱেদনকাৰীসকলৰ বিৱৰণৰ উত্তৰত গৃহ-ৰাজ্যিক মন্ত্ৰী ৰায়ে এই তথ্য সদৰী কৰে৷

আফগানিস্তানৰ পৰা ১,১৫২খন আৱেদন আহিছিল, তাৰ পাছত শৰণাৰ্থীৰ পৰা ৪২৮খন, শ্ৰীলংকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২২৩খন, নেপালৰ পৰা ১৮৯খন আৰু বাংলাদেশৰ পৰা ১৬১খন আৱেদন কেন্দ্ৰীয় চৰকাৰে লাভ কৰিছে৷ চীনৰ পৰা ১০গৰাকী আৱেদনকাৰীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছে৷ ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষমতা গৃহ-মন্ত্ৰণালয়ৰ ওচৰত আছে, যিয়ে বিতং প্ৰমাণীকৰণ আৰু পৰীক্ষাৰ পাছত আৱেদনখন অনুমোদন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু