--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমহাকাশ অভিযানত আজি ভাৰতে এক নতুন নজিৰ গঢ়িলে। দেশত প্ৰথমবাৰৰ বাবে ব্যক্তিগত উদ্যোগত নিৰ্মাণ কৰা ৰকেট বিক্ৰম-এছ আজি সফলতাৰে মহাকাশলৈ উৎক্ষেপণ কৰা হয়।ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম-এছ মহাকাশলৈ প্ৰেৰণৰ খবৰ মুহূৰ্তৰ ভিতৰতে বিশ্বত বিয়পি পৰিল। হায়দৰাবাদস্থিত ব্যক্তিগত কোম্পানী স্কাইৰুট এৰোস্পেছে বিকশিত কৰা এই ৰকেটটো শুকুৰবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ উৎক্ষেপণ পেডৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয়। ৰকেটটোৰ নাম ভাৰতীয় পৰম্পৰা অনুসৰি 'বিক্ৰম-এছ' ৰখা হৈছে।

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰত ঢাপে ঢাপে আগুৱাই গৈছে। বিশ্বৰ বহু উন্নত দেশৰ তুলনাত ভাৰতৰ মহাকাশ গৱেষণাৰ ধাৰাই এক বিশেষ গতি লাভ কৰিছে। তাৰ উদাহৰণ স্বৰূপেই আজি  দেশৰ মহাকাশ ইতিহাসত সংযোজন হল এক নতুন অধ্যায়। এই বহু অভিলাসী ব্যক্তিগত ৰকেটটো আজি   ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ উৎক্ষেপন ক্ষেত্ৰৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰে ভাৰতীয় বিজ্ঞানীসকল।

 হায়দৰাবাদস্থিত মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰোস্পেছে এই ৰকেট নিৰ্মাণ কৰিছে। দেশৰ প্ৰথম ব্যক্তিগত ৰকেট 'বিক্ৰম-এছ' উৎক্ষেপণৰ খবৰে এতিয়া দেশবাসীক আনন্দিত কৰি তুলিছে।   বিক্ৰম-এছ শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লঞ্চপেডৰ পৰা পুৱা ১১.৩০ বজাত উৎক্ষেপন  কৰা হয় বুলি  কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চন্দনাই সংবাদমাধ্যমক জনাইছে।  এই অভিযানৰ জৰিয়তে স্কাইৰুট এৰোস্পেছ হৈ পৰিল ভাৰতৰ প্ৰথম ব্যক্তিগত কোম্পানী যিটো কোম্পানীয়ে মহাকাশলৈ ব্যক্তিগত ৰকেট প্ৰেৰণ কৰিব। 

এই অভিযানে  এটা নতুন যুগৰ সূচনা কৰিলে বুলি বহুতে মন্তব্য কৰিছে। স্কাইৰুট এৰোস্পেছৰ মুখ্য কাৰ্যবাহী বিষয়া নাগা ভাৰত দাকাই কয়, "বিক্ৰম-এছ ৰকেট হৈছে একক পৰ্যায়ৰ উপ-কক্ষীয় উৎক্ষেপণ বাহন। ভাৰতৰ প্ৰথম ব্যক্তিগত ৰকেট বিক্ৰম এছ-এ বিক্ৰম শৃংখলাৰ অধীনত  মহাকাশলৈ উৎক্ষেপণ কৰা হৈছে।  স্কাইৰাট এৰোস্পেছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক পৱন কুমাৰ চন্দনাই লগতে কয়, "ইছৰো আৰু আইএন-স্পেচ (ইণ্ডিয়ান নেচনেল স্পেচ প্ৰমোচন এণ্ড অথৰাইচন চেণ্টাৰ)ৰ  সহযোগিতাৰ বাবেই স্কাইৰুটে এনে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হ’ব। স্কাইৰুট এৰোস্পেছে কৈছে যে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ অগ্ৰদূত 'বিক্ৰম চাৰাভাই'লৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰকেটটোৰ নাম 'বিক্ৰম' ৰখা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু