--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমহাকাশ অভিযানত আজি ভাৰতে এক নতুন নজিৰ গঢ়িলে। দেশত প্ৰথমবাৰৰ বাবে ব্যক্তিগত উদ্যোগত নিৰ্মাণ কৰা ৰকেট বিক্ৰম-এছ আজি সফলতাৰে মহাকাশলৈ উৎক্ষেপণ কৰা হয়।ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম-এছ মহাকাশলৈ প্ৰেৰণৰ খবৰ মুহূৰ্তৰ ভিতৰতে বিশ্বত বিয়পি পৰিল। হায়দৰাবাদস্থিত ব্যক্তিগত কোম্পানী স্কাইৰুট এৰোস্পেছে বিকশিত কৰা এই ৰকেটটো শুকুৰবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ উৎক্ষেপণ পেডৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয়। ৰকেটটোৰ নাম ভাৰতীয় পৰম্পৰা অনুসৰি 'বিক্ৰম-এছ' ৰখা হৈছে।

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰত ঢাপে ঢাপে আগুৱাই গৈছে। বিশ্বৰ বহু উন্নত দেশৰ তুলনাত ভাৰতৰ মহাকাশ গৱেষণাৰ ধাৰাই এক বিশেষ গতি লাভ কৰিছে। তাৰ উদাহৰণ স্বৰূপেই আজি  দেশৰ মহাকাশ ইতিহাসত সংযোজন হল এক নতুন অধ্যায়। এই বহু অভিলাসী ব্যক্তিগত ৰকেটটো আজি   ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ উৎক্ষেপন ক্ষেত্ৰৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰে ভাৰতীয় বিজ্ঞানীসকল।

 হায়দৰাবাদস্থিত মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰোস্পেছে এই ৰকেট নিৰ্মাণ কৰিছে। দেশৰ প্ৰথম ব্যক্তিগত ৰকেট 'বিক্ৰম-এছ' উৎক্ষেপণৰ খবৰে এতিয়া দেশবাসীক আনন্দিত কৰি তুলিছে।   বিক্ৰম-এছ শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লঞ্চপেডৰ পৰা পুৱা ১১.৩০ বজাত উৎক্ষেপন  কৰা হয় বুলি  কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চন্দনাই সংবাদমাধ্যমক জনাইছে।  এই অভিযানৰ জৰিয়তে স্কাইৰুট এৰোস্পেছ হৈ পৰিল ভাৰতৰ প্ৰথম ব্যক্তিগত কোম্পানী যিটো কোম্পানীয়ে মহাকাশলৈ ব্যক্তিগত ৰকেট প্ৰেৰণ কৰিব। 

এই অভিযানে  এটা নতুন যুগৰ সূচনা কৰিলে বুলি বহুতে মন্তব্য কৰিছে। স্কাইৰুট এৰোস্পেছৰ মুখ্য কাৰ্যবাহী বিষয়া নাগা ভাৰত দাকাই কয়, "বিক্ৰম-এছ ৰকেট হৈছে একক পৰ্যায়ৰ উপ-কক্ষীয় উৎক্ষেপণ বাহন। ভাৰতৰ প্ৰথম ব্যক্তিগত ৰকেট বিক্ৰম এছ-এ বিক্ৰম শৃংখলাৰ অধীনত  মহাকাশলৈ উৎক্ষেপণ কৰা হৈছে।  স্কাইৰাট এৰোস্পেছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক পৱন কুমাৰ চন্দনাই লগতে কয়, "ইছৰো আৰু আইএন-স্পেচ (ইণ্ডিয়ান নেচনেল স্পেচ প্ৰমোচন এণ্ড অথৰাইচন চেণ্টাৰ)ৰ  সহযোগিতাৰ বাবেই স্কাইৰুটে এনে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হ’ব। স্কাইৰুট এৰোস্পেছে কৈছে যে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ অগ্ৰদূত 'বিক্ৰম চাৰাভাই'লৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰকেটটোৰ নাম 'বিক্ৰম' ৰখা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ