--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপানীয়ে পৃথিৱীৰ পৃষ্ঠৰ তিনি-চতুৰ্থাংশ আৱৰি আছে আৰু জীৱনৰ উদ্ভৱৰ বাবে গুৰুত্বপূৰ্ণ উপাদান । কিন্তু পানীৰ উৎপত্তিৰ বিষয়টো বিজ্ঞানীসকলৰ মাজত  বিতৰ্কৰ বিষয় হৈ আছে।  যোৱা বছৰ গ্লচেষ্টাৰশ্বায়াৰত মহাকাশৰ পৰা সৰি পৰা  এটা ৪.৬ বিলিয়ন বছৰ পুৰণি শিলে পানীৰ উৎপত্তিৰ বিষয়ে   কিছুমান  আকৰ্ষণীয় প্ৰমাণ দাঙি ধৰিছে। সেই শিল অধ্যয়ন কৰি একাংশ বিজ্ঞানী পতিয়ন গৈছে যে বাহিৰৰ সৌৰজগতৰ গ্ৰহাণুবোৰৰ পৰা পৃথিৱীলৈ পানী আহিছিল।

 লণ্ডনৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ গৱেষণা ফেলো আৰু মহাকাশীয় শিলৰ বিষয়ে অধ্যয়ন কৰি থকা  ড০ এছলী কিংয়ে কয় যে বিশ্লেষণৰ বাবে উপলব্ধ "আটাইতকৈ প্ৰাচীন" উল্কাপিণ্ডটোৱে বিজ্ঞানীসকলক "৪.৬ বিলিয়ন বছৰ আগতে সৌৰজগতৰ মূল গঠনৰ  এক আকৰ্ষণীয় আভাস" দিছে। এটা প্ৰচলিত তত্ত্ব হৈছে যে পৃথিৱী গঠন হোৱাৰ সময়ত অনুৰ্বৰ আছিল, কিয়নো সৌৰজগতৰ ভিতৰৰ অঞ্চলটো অত্যধিক গৰম আছিল সেয়া ঘনীভূত হ'বলৈ পানীৰ প্ৰয়োজন হৈছিল। 

 সৌৰজগতত বৰফ সৃষ্টি হ'ব পৰা অঞ্চলটোৰ সীমাক ফ্ৰষ্ট লাইন বুলি কোৱা হয়, আৰু ই বৰ্তমান  গ্ৰহাণু বেল্টত অৱস্থিত। বিজ্ঞানীসকলে ভাবে যে পানী পিছত পৃথিৱীলৈ আহিছিল।বৰফৰ উল্কাপিণ্ড পৃথিৱীত খহি পৰি প্ৰথমে পানীৰ উৎপত্তি হৈছিল। কিছুসংখ্যক বিজ্ঞানীয়ে ভাবে যে   ধূমকেতুৰ পৰা পানী পৃথিৱীলৈ আহিছিল। ধূমকেতু বৰফ আৰু ধূলিৰে নিৰ্মিত ।সেয়ে ইয়াৰ পৰা পানী পৃথিৱীলৈ অহাটো আচৰিত কথা নহয়। শেহতীয়া বিশ্লেষণে এই তত্ত্বক অধিক গ্ৰহণযোগ্যতা প্ৰদান  কৰি কৈছে যে গ্ৰহাণুবোৰে পৃথিৱীত পানীৰ সৃষ্টিত উল্লেখনীয় অৱদান আগবঢ়াইছিল। 

২০২১ চনৰ ফেব্ৰুৱাৰীত লকডাউনৰ সময়ত ব্ৰিটেইনৰ আকাশত  দৰ্শনীয় ফায়াৰবল জ্বলি উঠাৰ কেইঘণ্টামানৰ পিছতে উইঞ্চকম্ব উল্কাপিণ্ডৰ তললৈ সৰি পৰিছিল। উইলকক পৰিয়ালৰ ঘৰৰ চৌহদত এটা ডাঙৰ টুকুৰা আৱিষ্কাৰ কৰা হৈছিল, আৰু ওচৰৰ বাগিচাবোৰত কেইটামান সৰু টুকুৰা পোৱা গৈছিল। ই হৈছে প্ৰথমবাৰৰ বাবে পোৱা কাৰ্বনেচিয়াছ কণ্ড্ৰাইট উল্কাপিণ্ড আৰু ই আটাইতকৈ পুৰণি শ্ৰেণীৰ উল্কাপিণ্ড, য'ত সৌৰজগত গঠনৰ সময়ত থকা উপাদান থাকে ।

 উল্লেখ্য  ৭০ হাজাৰ জ্ঞাত উল্কাপিণ্ডৰ বেছিভাগৰ  প্ৰভাৱৰ কথা নথিভুক্ত নোহোৱাকৈ ৰৈ গৈছে । চাইন্স এডভান্সছ আলোচনীত প্ৰকাশিত বিশ্লেষণে এই সিদ্ধান্তত উপনীত হৈছে যে উল্কাপিণ্ডটোত পানীৰ উপস্থিতি পোৱা গৈছে। এই উল্কা বৃহস্পতিগ্ৰহৰ ওচৰৰ কোনো ঠাইৰ এটা গ্ৰহাণুৰ শাৰীৰ পৰা উদ্ভৱ হৈছিল। গৱেষণাটোত এইটোও পোৱা গৈছে যে ইয়াত পোৱা পানীত হাইড্ৰজেন আইচ'টোপৰ অনুপাত পৃথিৱীৰ পানীৰ গঠনৰ সৈতে ওতঃপ্ৰোতভাৱে সাদৃশ্যপূৰ্ণ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক