--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপানীয়ে পৃথিৱীৰ পৃষ্ঠৰ তিনি-চতুৰ্থাংশ আৱৰি আছে আৰু জীৱনৰ উদ্ভৱৰ বাবে গুৰুত্বপূৰ্ণ উপাদান । কিন্তু পানীৰ উৎপত্তিৰ বিষয়টো বিজ্ঞানীসকলৰ মাজত  বিতৰ্কৰ বিষয় হৈ আছে।  যোৱা বছৰ গ্লচেষ্টাৰশ্বায়াৰত মহাকাশৰ পৰা সৰি পৰা  এটা ৪.৬ বিলিয়ন বছৰ পুৰণি শিলে পানীৰ উৎপত্তিৰ বিষয়ে   কিছুমান  আকৰ্ষণীয় প্ৰমাণ দাঙি ধৰিছে। সেই শিল অধ্যয়ন কৰি একাংশ বিজ্ঞানী পতিয়ন গৈছে যে বাহিৰৰ সৌৰজগতৰ গ্ৰহাণুবোৰৰ পৰা পৃথিৱীলৈ পানী আহিছিল।

 লণ্ডনৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ গৱেষণা ফেলো আৰু মহাকাশীয় শিলৰ বিষয়ে অধ্যয়ন কৰি থকা  ড০ এছলী কিংয়ে কয় যে বিশ্লেষণৰ বাবে উপলব্ধ "আটাইতকৈ প্ৰাচীন" উল্কাপিণ্ডটোৱে বিজ্ঞানীসকলক "৪.৬ বিলিয়ন বছৰ আগতে সৌৰজগতৰ মূল গঠনৰ  এক আকৰ্ষণীয় আভাস" দিছে। এটা প্ৰচলিত তত্ত্ব হৈছে যে পৃথিৱী গঠন হোৱাৰ সময়ত অনুৰ্বৰ আছিল, কিয়নো সৌৰজগতৰ ভিতৰৰ অঞ্চলটো অত্যধিক গৰম আছিল সেয়া ঘনীভূত হ'বলৈ পানীৰ প্ৰয়োজন হৈছিল। 

 সৌৰজগতত বৰফ সৃষ্টি হ'ব পৰা অঞ্চলটোৰ সীমাক ফ্ৰষ্ট লাইন বুলি কোৱা হয়, আৰু ই বৰ্তমান  গ্ৰহাণু বেল্টত অৱস্থিত। বিজ্ঞানীসকলে ভাবে যে পানী পিছত পৃথিৱীলৈ আহিছিল।বৰফৰ উল্কাপিণ্ড পৃথিৱীত খহি পৰি প্ৰথমে পানীৰ উৎপত্তি হৈছিল। কিছুসংখ্যক বিজ্ঞানীয়ে ভাবে যে   ধূমকেতুৰ পৰা পানী পৃথিৱীলৈ আহিছিল। ধূমকেতু বৰফ আৰু ধূলিৰে নিৰ্মিত ।সেয়ে ইয়াৰ পৰা পানী পৃথিৱীলৈ অহাটো আচৰিত কথা নহয়। শেহতীয়া বিশ্লেষণে এই তত্ত্বক অধিক গ্ৰহণযোগ্যতা প্ৰদান  কৰি কৈছে যে গ্ৰহাণুবোৰে পৃথিৱীত পানীৰ সৃষ্টিত উল্লেখনীয় অৱদান আগবঢ়াইছিল। 

২০২১ চনৰ ফেব্ৰুৱাৰীত লকডাউনৰ সময়ত ব্ৰিটেইনৰ আকাশত  দৰ্শনীয় ফায়াৰবল জ্বলি উঠাৰ কেইঘণ্টামানৰ পিছতে উইঞ্চকম্ব উল্কাপিণ্ডৰ তললৈ সৰি পৰিছিল। উইলকক পৰিয়ালৰ ঘৰৰ চৌহদত এটা ডাঙৰ টুকুৰা আৱিষ্কাৰ কৰা হৈছিল, আৰু ওচৰৰ বাগিচাবোৰত কেইটামান সৰু টুকুৰা পোৱা গৈছিল। ই হৈছে প্ৰথমবাৰৰ বাবে পোৱা কাৰ্বনেচিয়াছ কণ্ড্ৰাইট উল্কাপিণ্ড আৰু ই আটাইতকৈ পুৰণি শ্ৰেণীৰ উল্কাপিণ্ড, য'ত সৌৰজগত গঠনৰ সময়ত থকা উপাদান থাকে ।

 উল্লেখ্য  ৭০ হাজাৰ জ্ঞাত উল্কাপিণ্ডৰ বেছিভাগৰ  প্ৰভাৱৰ কথা নথিভুক্ত নোহোৱাকৈ ৰৈ গৈছে । চাইন্স এডভান্সছ আলোচনীত প্ৰকাশিত বিশ্লেষণে এই সিদ্ধান্তত উপনীত হৈছে যে উল্কাপিণ্ডটোত পানীৰ উপস্থিতি পোৱা গৈছে। এই উল্কা বৃহস্পতিগ্ৰহৰ ওচৰৰ কোনো ঠাইৰ এটা গ্ৰহাণুৰ শাৰীৰ পৰা উদ্ভৱ হৈছিল। গৱেষণাটোত এইটোও পোৱা গৈছে যে ইয়াত পোৱা পানীত হাইড্ৰজেন আইচ'টোপৰ অনুপাত পৃথিৱীৰ পানীৰ গঠনৰ সৈতে ওতঃপ্ৰোতভাৱে সাদৃশ্যপূৰ্ণ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু