--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পৃথিৱী  মহাকাশ পৰা  শ শ কিলোমিটাৰ দূৰৈত অৱস্থিত৷ কিন্তু ইমান দূৰত্ব থকা স্বত্বেও  মহাকাশৰ পৰা পৃথিৱীৰ বহু ঠাই  স্পষ্টকৈ দেখা যায়। আপুনি জানি আচৰিত হ’ব  যে এই বিশেষ স্থানসমূহ  ডুবাই, চীন আৰু  আমেৰিকাৰ পশ্চিমাংশত  আছে। এই স্থানসমূহৰ লগতে পৃথিৱীৰ কিছু পথো মহাকাশৰ পৰা দেখা যায় বুলি জানিব পৰা গৈছে ৷আহক জানো, মহাকাশৰ পৰা দেখা পোৱা এই ঠাই সমূহ কি কি অথবা ক’ত আছে৷

পৃথিৱী আৰু মহাকাশৰ  সীমা ৰেখাক  কাৰম্যান লাইন বোলা হয়। এই ৰেখাদাল পৃথিৱী পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত। এই উচ্চতাৰ পৰা পৃথিৱীৰ অনেক ঠাই দেখা যায়। এই ঠাইৰ পৰা দেখা দৃশ্যসমূহ  অতুলনীয়৷ 

মহাকাশ পৰা  চীনৰ থ্রি গর্জেস বান্ধ পৰিষ্কাৰভাৱে দেখা যায়। বিশ্বৰ বৃহত্তম বান্ধটো  তৈয়াৰ কৰোতে ২.৫ লক্ষ কোটি টকাতকৈয়ো অধিক ধন ব্যয় কৰা  হৈছে। এই বান্ধটো চীনেৰ ইয়াংজি নদীৰ ওপৰত  নির্মিত৷ এই নদীখন  বিশ্বৰ  তৃতীয় দীর্ঘতম নদী হিচাপে স্বীকৃত হৈছে।

 ডুবাইৰ বিখ্যাত অৰণ্য  জুমেইৰাকো মহাকাশৰ পৰা স্পষ্ট ৰূপত দেখা যায়। সমগ্ৰ বিশ্বতে  ডুবাই সুউচ্চ অট্টালিকাসমূহৰ বাবে পৰিচিত। গছৰ আকৃতিৰ  জুমেইৰা দ্বীপটো এখন বিলাসী হোটেল, ব্যয়বহুল এপাৰ্টমেণ্ট  আৰু  আপমার্কেট গ্লোবেল ৰেষ্টুৰেণ্টৰ বাবে বিখ্যাত।

এই ঠাইসমূহৰ উপৰিও কিছু সময়ত  মহাকাশৰ পৰা  পৃথিৱীৰ  বহু  বৃহৎ পথ  দেখা পোৱা যায় বুলি  জানিব পৰা গৈছে ৷ ইয়াৰোপৰি চীনৰ বৃহৎ প্ৰাচীৰো মহাকাশৰ পৰা সুন্দৰকৈ দেখা পোৱা যায়৷ এই প্ৰাচীন প্ৰাচীৰ পৃথিৱীৰ পৃথিৱীৰ সপ্তম আশ্চৰ্যৰ ভিতৰত এটা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক