--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজ্ঞানীসকলে পৃথিৱী তথা অন্তৰীক্ষক লৈ অহৰহ অধ্যয়ন কৰি আছে। বিজ্ঞানীসকল সময় ভ্ৰমণ সম্পৰ্কীয় যাক টাইম ট্ৰেভেল বুলি কোৱা হয়, তাৰ গৱেষণাত নিয়োজিত হৈ আছে। যদিও এই সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাই, কিন্তু বহু বিজ্ঞানীৰ মতে টাইম ট্ৰেভেল (এটা সময়ৰ পৰা আন এটা সময়লৈ যোৱা) সম্ভৱ আৰু ভৱিষ্যতে মানুহে সহজে টাইম ট্ৰেভেল কৰিব পাৰিব। ইফালে নিজকে ‘টাইম ট্ৰেভেলাৰ’ বুলি অভিহিত কৰা এজন লোকে এক চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁ কৈছে যে সূৰ্য্যৰ পৰা পৃথিৱীত শক্তিৰ ভয়ংকৰ বিস্ফোৰণ হ’ব আৰু এই বিস্ফোৰণৰ পিছত পৃথিৱীত ‘ছুপাৰহিৰো’ আৰু ‘ছুপাৰভিলেইন’ৰ জন্ম হ’ব।

ডেইলীষ্টাৰৰ ৰিপ’ৰ্ট অনুসৰি, ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টিকটকত এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ সময়তে ব্যক্তিজনে এই দাবী কৰিছে। এই দাবীত কিমান সত্য আছে, ইয়াৰ বিষয়ে একো কব নোৱাৰি কিন্তু @timevoyaging নামৰ এই ইউজাৰজনৰ ভিডিঅ’টোৱে সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।  টাইম ট্ৰেভেলাৰগৰাকীয়ে ভিডিঅ’টোত মানুহক সকীয়াই দিছে যে ২০২২ চনৰ নৱেম্বৰ মাহত এই ভয়ংকৰ বিস্ফোৰণ হ’ব। যেতিয়া সূৰ্য্যই পৃথিৱীত এটা ‘বিৰল শক্তি’ বিস্ফোৰণ কৰিব তেতিয়া ইয়াৰ পৰা ১০ জন লোকে মহাশক্তি লাভ কৰিব। তেওঁ আৰু দাবী কৰে যে যিসকল বিস্ফোৰণত বেয়াকৈ প্ৰভাৱিত হ’ব তেওঁলোকৰ টেলিকাইনেছিছৰ পৰা আৰম্ভ কৰি অসীম ষ্টেমিনালৈকে শক্তি থাকিব, কিন্তু তেওঁলোক সকলোৱেই সেইবোৰ ভালৰ বাবে ব্যৱহাৰ নকৰিব।

নিজৰ বৰ্ণনা কৰি মানুহজনে ক’লে, ‘সাৱধান হওক! হয়, মই এজন ৰিয়েল টাইম ট্ৰেভেলাৰ। অতি সোনকালে ১০ জন লোকে লাভ কৰিব ছুপাৰ পাৱাৰ। ২০২২ চনৰ ১৪ নৱেম্বৰত সূৰ্য্যৰ পৰা এক প্ৰকাৰৰ শক্তি ওলাই আহিব, যিয়ে পৃথিৱীত খুন্দা মাৰিব। লোকজনে দাবী কৰিছিল যে এই শক্তিৰ দ্বাৰা ১০ জন লোক বেয়াকৈ প্ৰভাৱিত হ’ব আৰু তেওঁলোকে ক্ষমতা লাভ কৰিব। এই শক্তিবোৰৰ কিছুমান ষ্টেমিনা আৰু টেলিকাইনেছিছৰ দৰেই ভাল হ’ব, আনহাতে এই শক্তিবোৰৰ কিছুমান অত্যন্ত বেয়া হ’ব আৰু আপোনাৰ জীৱনটো ধ্বংস কৰিব পাৰে। 

নিজকে টাইম ট্ৰেভেলাৰ বুলি অভিহিত কৰা এজন ব্যক্তিৰ ভিডিঅ’ত মানুহে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একাংশ লোকে এই দাবীক সঁচা বুলি বিশ্বাস কৰি আছে, আনহাতে কিছুমানে বিশ্বাস কৰা নাই। ভাল শক্তি লাভ কৰা কেইজন ‘ছুপাৰহিৰো’ আৰু শক্তিখিনিক বেয়া দিশত ব্যৱহাৰ কৰাসকল ‘ছুপাৰভিলেইন’ হব বুলি দাবী কৰিছে ব্যক্তিজনে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক