--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানুহে কি পৰ্যায়ত কাৰোবাক প্ৰৱঞ্চনা কৰিব পাৰে, তাৰ এক সুন্দৰ উদাহৰণ পোৱা গৈছে জাপানত। এজন ভুৱা মহাকাশচাৰীৰ জালত পৰি এক বৃহৎ ধনৰাশি হেৰুৱালে দেশখনৰ এগৰাকী মহিলাই। কিন্তু কেনেদৰে ভুৱা মহাকাশচাৰীজনে এই প্ৰৱঞ্চনা কৰিলে?

জাপানৰ এটা সংবাদ মাধ্যমৰ বাতৰি অনুযায়ী, উক্ত প্ৰৱঞ্চকজনে ৰাছিয়াৰ মহাকাশচাৰীৰ পোছাক পিন্ধি ইনষ্টাগ্ৰামত ফটো আপলোড কৰে। তাৰপাছতে জাপানৰ মহিলাগৰাকীৰ স’তে সঘনে যোগাযোগ কৰিবলৈ ধৰে।

মহিলাগৰাকীৰ বয়স ৬৫ বছৰ আৰু তেওঁ জাপানৰ ছিগা পাৰফেকচাৰৰ বাসিন্দা। জুন মাহত তেওঁ আৰু ভুৱা মহাকাশচাৰীগৰাকীৰ ইনষ্টাগ্ৰামত কথা-বাৰ্তা হয়। প্ৰৱঞ্চকজনে মহিলাগৰাকীক কয় যে তেওঁ এটা স্পেচ ষ্টেচনত কাম কৰে।  

মহিলাগৰাকী আৰু প্ৰৱঞ্চকজনৰ মাজত কথা-বাৰ্তা চলি থাকোতেই প্ৰেমৰ বান্ধোনত বান্ধ খায়। আনকি ৬৫ বছৰ বয়সীয়া মহিলাগৰাকীক বিয়া পতাৰো প্ৰতিশ্ৰুতি দিয়ে প্ৰৱঞ্চকজনে।

প্ৰৱঞ্চকজনে কয় যে তেওঁ জাপানত এটা নতুন জীৱন কটাব বিচাৰে। কিন্তু তেওঁ থাকে পৃথিৱীৰ বাহিৰৰ এটা স্পেছ ষ্টেশ্যনত। পৃথিৱীলৈ উভটিবলৈ তেওঁক যথেষ্ট টকাৰ প্ৰয়োজন। যদি মহিলাগৰাকীয়ে তেওঁক ৪.৪ মিলিয়ন জাপানীজ য়েন প্ৰদান কৰে, তেন্তে তেওঁ এটা ৰকেটৰ যোগেৰে মহাকাশৰ পৰা পোনে পোনে জাপানত অৱতৰণ কৰিব পাৰিব আৰু তাৰপাছতে বিবাহপাশত আৱদ্ধ হ’ব। ভাৰতীয় হিচাপত টকাখিনিৰ মূল্য ২৪.৮ লাখ।

মহিলাগৰাকীয়েও প্ৰৱঞ্চকজনক ১৯ আগষ্টৰ পৰা ৫ চেপ্টেম্বৰৰ ভিতৰত টকাখিনি দিয়ে। কিন্তু ইমানিখিনি টকা দিয়াৰ পাছতো প্ৰৱঞ্চকজনে আৰু অধিক টকা বিচাৰি মহিলাগৰাকীক ব্যতিব্য্ত কৰে। তাৰপাছতে মহিলাগৰাকীৰ মনত সন্দেহে বাহ লয়।

অৱশেষত তেওঁ আৰক্ষীৰ কাষ চাপে আৰু সমগ্ৰ ঘটনাটো উলাই পৰে। আচলতে তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়া ভুৱা মহাকাশচাৰীজন এজন প্ৰৱঞ্চকহে। বৰ্তমান সমগ্ৰ ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য