--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মানুহে কি পৰ্যায়ত কাৰোবাক প্ৰৱঞ্চনা কৰিব পাৰে, তাৰ এক সুন্দৰ উদাহৰণ পোৱা গৈছে জাপানত। এজন ভুৱা মহাকাশচাৰীৰ জালত পৰি এক বৃহৎ ধনৰাশি হেৰুৱালে দেশখনৰ এগৰাকী মহিলাই। কিন্তু কেনেদৰে ভুৱা মহাকাশচাৰীজনে এই প্ৰৱঞ্চনা কৰিলে?

জাপানৰ এটা সংবাদ মাধ্যমৰ বাতৰি অনুযায়ী, উক্ত প্ৰৱঞ্চকজনে ৰাছিয়াৰ মহাকাশচাৰীৰ পোছাক পিন্ধি ইনষ্টাগ্ৰামত ফটো আপলোড কৰে। তাৰপাছতে জাপানৰ মহিলাগৰাকীৰ স’তে সঘনে যোগাযোগ কৰিবলৈ ধৰে।

মহিলাগৰাকীৰ বয়স ৬৫ বছৰ আৰু তেওঁ জাপানৰ ছিগা পাৰফেকচাৰৰ বাসিন্দা। জুন মাহত তেওঁ আৰু ভুৱা মহাকাশচাৰীগৰাকীৰ ইনষ্টাগ্ৰামত কথা-বাৰ্তা হয়। প্ৰৱঞ্চকজনে মহিলাগৰাকীক কয় যে তেওঁ এটা স্পেচ ষ্টেচনত কাম কৰে।  

মহিলাগৰাকী আৰু প্ৰৱঞ্চকজনৰ মাজত কথা-বাৰ্তা চলি থাকোতেই প্ৰেমৰ বান্ধোনত বান্ধ খায়। আনকি ৬৫ বছৰ বয়সীয়া মহিলাগৰাকীক বিয়া পতাৰো প্ৰতিশ্ৰুতি দিয়ে প্ৰৱঞ্চকজনে।

প্ৰৱঞ্চকজনে কয় যে তেওঁ জাপানত এটা নতুন জীৱন কটাব বিচাৰে। কিন্তু তেওঁ থাকে পৃথিৱীৰ বাহিৰৰ এটা স্পেছ ষ্টেশ্যনত। পৃথিৱীলৈ উভটিবলৈ তেওঁক যথেষ্ট টকাৰ প্ৰয়োজন। যদি মহিলাগৰাকীয়ে তেওঁক ৪.৪ মিলিয়ন জাপানীজ য়েন প্ৰদান কৰে, তেন্তে তেওঁ এটা ৰকেটৰ যোগেৰে মহাকাশৰ পৰা পোনে পোনে জাপানত অৱতৰণ কৰিব পাৰিব আৰু তাৰপাছতে বিবাহপাশত আৱদ্ধ হ’ব। ভাৰতীয় হিচাপত টকাখিনিৰ মূল্য ২৪.৮ লাখ।

মহিলাগৰাকীয়েও প্ৰৱঞ্চকজনক ১৯ আগষ্টৰ পৰা ৫ চেপ্টেম্বৰৰ ভিতৰত টকাখিনি দিয়ে। কিন্তু ইমানিখিনি টকা দিয়াৰ পাছতো প্ৰৱঞ্চকজনে আৰু অধিক টকা বিচাৰি মহিলাগৰাকীক ব্যতিব্য্ত কৰে। তাৰপাছতে মহিলাগৰাকীৰ মনত সন্দেহে বাহ লয়।

অৱশেষত তেওঁ আৰক্ষীৰ কাষ চাপে আৰু সমগ্ৰ ঘটনাটো উলাই পৰে। আচলতে তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়া ভুৱা মহাকাশচাৰীজন এজন প্ৰৱঞ্চকহে। বৰ্তমান সমগ্ৰ ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা