--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ ফালে লহৰি আহিছে, তাৰ পাছতে চন্দ্ৰৰ ফালে দিশ ল’ব এটা বৃহদাকাৰ ধুমকেতুই। এই ধুমকেতুটোৰ নাম C / 2017 K2 বুলি সদৰী কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। তীব্ৰ বেগে পৃথিৱীৰ ফালে লহৰি আহিছে এই ধুমকেতুটো। এই ধুমকেতুটো আজিৰ আৱিষ্কাৰ নহয়, ২০১৭ চনতে প্ৰথমবাৰৰ বাবে ইয়াৰ বিষয়ে জানিবলৈ পোৱা গৈছিল। কিন্তু অহা ১৪ জুলাইত ই পৃথিৱীলৈ আহি আছে। নাছাৰ হাবল স্পেচ টেলিস্কোপে এই ধুঅমকেতুটোৰ সন্ধান লাভ কৰিছিল। ২০১৭ চনত যেতিয়া এই ধু্মকেতুটো টেলিস্কোপেৰে বন্দী কৰা হৈছিল, তেতিয়া শনিগ্ৰহৰ মাজত আছিল ইয়াৰ অবস্থিতি আছিল বুলি প্ৰকাশ পাইছে।

কিন্তু এতিয়া  পৃথিৱীৰ বহু ওচৰ চাপিছে। পৃথিৱীৰ পৰা মাত্ৰ ২৭০ মিলিয়ন কিলোমিটাৰ দূৰৈত আছে গ্ৰহটো। যদিও এই ধুমকেতুটো এতিয়ালৈকে পৃথিৱীৰ বাবে ইমান ভয়ংকৰ হৈ পৰা নাই। অৱশ্যে, পৰৱৰ্তী সময়ত ই চন্দ্ৰলৈ বাট লোৱাৰ প্ৰৱল  সম্ভাৱনা আছে বুলি জনা গৈছে। 
কিন্তু ধুমকেতুটো ক’ৰ পৰা আহে?

আমাৰ মহাকাশত এটা অঞ্চল আছে যাক ‘Wort Cloud’ বুলি কোৱা হয়। যিটো ধুমকেতুৰ উৎস। সময়ে সময়ে এনে উল্কাপিণ্ডৰ দৰে বস্তু এই গোলক ডাৱৰৰ পৰা ওলাই আহে। প্ৰসংগক্ৰমে, C / 2014 UN271 নামৰ আন এটা বিশাল ধুমকেতু ৱৰ্ট ক্লাউডৰ পৰা পৃথিৱী আৰু আমাৰ আন্তঃসৌৰজগতৰ ফালে আহি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি