--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৈনিক বিনিময় হ’ব সোণৰ মুদ্ৰাত? একবিংশ শতিকাত পুনৰ প্ৰচলন হ’ব নেকি প্ৰাচীন যুগৰ প্ৰথা? হয়, শেহতীয়াকৈ, জিম্বাবুৱেৰ নাগৰিকৰ মাজত এই প্ৰশ্নই অগা-দেৱা কৰা দেখা গৈছে। সোণৰ মুদ্ৰাক এইবাৰ স্থানীয় মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব পৰা যাব বুলি সদৰী কৰিছে দেশখনৰ কেন্দ্ৰীয় বেংকে। শেহতীয়াকৈ, জিম্বাবুৱেত অভিলেখ সৃষ্টি কৰা মুদ্ৰাস্ফীতি হৈছে। এই মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

দেশৰ কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ জন মাংগুডিয়াই এক বিবৃতিত কয় যে, অহা ২৫ জুলাইৰ পৰা এই মুদ্ৰা বিক্ৰীৰ বাবে উপলব্ধ হ’ব। স্থানীয় মুদ্ৰা, মাৰ্কিন ডলাৰ আৰু অন্যান্য বিদেশী মুদ্ৰাৰ দৰে এই সোণৰ মুদ্ৰাসমূহ আন্তঃৰাষ্ট্ৰীয় মূল্যত আৰু খৰচৰ ভিত্তিত বিক্ৰী কৰা হ’ব।

ভিক্টোৰিয়া জলপ্ৰপাতৰ নামেৰে এই মুদ্ৰাৰ নামকৰণ কৰা হৈছে।  মুদ্ৰাৰ নাম ‘মোছী-ও-টুনিয়া।’ ইয়াৰ জৰিয়তে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ো কৰিব পৰা যাব। এই সোণৰ মুদ্ৰাত থাকিব এক ট্ৰয় আউন্স সোণ। ইয়াক বিক্ৰী কৰিব ফিডেলিটী গোল্ড ৰিফাইনেৰী, অ’ৰেক্স আৰু স্থানীয় বেংকে। দক্ষিণ আফ্ৰিকাৰ এই দেশখনত অভাৱনীয় হাৰত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিয়ে জনজীৱনত প্ৰভাৱ পেলাইছে। ইয়াৰ পূৰ্বে প্ৰবীণ নেতা ৰবাৰ্ট মুগাবেৰ প্ৰায় চাৰিটা দশকৰ শাসনকালত সোণৰ মুদ্ৰাৰ প্ৰচলন হৈছিল। জানিবলৈ পোৱা মতে, অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে এই চুক্তিখনৰ প্ৰতি সৌহাৰ্দপূৰ্ণ সঁহাৰি আগবঢ়াইছে ৰাষ্ট্ৰপতি এমাৰ্চনে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি