--°C
Loading...
Listen to Article
2 min read
80%

নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি জপিয়াই পৰিছে উদ্ধাৰত

ডিজিটেল ডেস্ক : যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰিছে ইউক্ৰেইন। আন নালাগে লাখ লাখ ইউক্ৰেইনৰ নাগৰিকে এতিয়া স্বভূমি ত্যাগ কৰি সন্ধান কৰিছে নিৰাপদ আশ্ৰয়ৰ। ভাৰতৰো হাজাৰ হাজাৰ শিক্ষাৰ্থীক ওভতাই অনা হৈছে দেশখনৰ পৰা। কেইবাহাজাৰো এতিয়াও আবদ্ধ হৈ আছে যুদ্ধজৰ্জৰ দেশখনত। অতি দুৰ্বিসহ পৰিস্থিতিৰ মাজত প্ৰতিপল সময় অতিবাহিত কৰিবলৈ বাধ্য হোৱা এইসকল ছাত্ৰ-ছাত্ৰীৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ কামনা সকলোৱে কৰিছে। কিন্তু এইসকল দুৰ্গত ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সহমৰ্মিতাৰে সেই দেশত থকা এগৰাকী ভাৰতীয় চিকিৎসকে গ্ৰহণ কৰা পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছে। যি সময়ত মানুহে ইউক্ৰেইন এৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছে, সেই সময়ত কলকাতাৰ এজন ৩৭ বছৰীয়া ভাৰতীয় চিকিৎসকে যুদ্ধবিধ্বস্ত দেশখন এৰি নোযোৱাৰ সিদ্ধান্ত লৈছে। ডাঃ পৃথ্বী ৰাজ ঘোষ নামৰ ইউক্ৰেইনত কৰ্তব্যৰত এগৰাকী চিকিৎসকে কৰা ঘোষণাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। চিকিৎসাসেৱাৰ লগতে  তেওঁ ছাত্ৰ-ছাত্ৰীৰ পৰামৰ্শদাতা হিচাপেও কাম কৰি আছিল দেশখনত। তেওঁ এতিয়া ভাৰতীয় শিক্ষাৰ্থীসকলক দেশখনৰ পৰা স্থানান্তৰ কৰা কাৰ্যত সহযোগ কৰিবলৈ দেশখনতে থকাৰ সিদ্ধান্ত লৈছে। ‘মই কিয়েভত আবদ্ধ হৈ থকা নাই, মই স্বইচ্ছাৰে দেশখন এৰি যোৱা নাই। মই ইউক্ৰেইনৰ পৰা প্ৰায় ৩৫০ জন শিক্ষাৰ্থীক স্থানান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোক কিয়েভত মোৰ শিক্ষাৰ্থী আছিল। দেশখন এৰি যোৱা আন সমন্বয়কসকলে মোক বিভিন্ন অংশত আবদ্ধ হৈ থকা আনসকল শিক্ষাৰ্থীকো সহায় কৰিবলৈ আহ্বান জনাইছিল, বিশেষকৈ ছুমীত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক।’ সংবাদ  ড ঘোষে সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰে যে, দেশখনত সাময়িক যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। এয়া বিশেষভাৱে শিক্ষাৰ্থীসকলৰ বাবে নহয় বৰং সকলো দেশৰ সাধাৰণ লোকৰ বাবে। কিন্তু ইয়াৰ ফলত শিক্ষাৰ্থীসকলো উপকৃত হ’ব। খাৰকিভত থকা প্ৰায় ২০০০ শিক্ষাৰ্থীয়ে যুদ্ধজৰ্জৰ এই পৰিস্থিতিৰ মাজৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে। ইফালে, ঘোষৰ পিতৃ-মাতৃ পুত্ৰৰ নিৰাপত্তাক লৈ শংকিত আছিল যদিও এতিয়া তেওঁলোক তেওঁক লৈ গৌৰৱান্বিত বুলি সংবাদ মাধ্যমৰ আগত কয়। তেওঁৰ মাতৃ ব্ৰততীয়ে কয় যে, তেওঁ তেওঁৰ পুত্ৰ আৰু শিক্ষাৰ্থীসকলৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ বাবে উভতি অহাৰ বাবে দৈনিক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। পিতৃ প্ৰদীপ ঘোষে গৌৰৱেৰে কয় যে, ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে পৃথ্বীক জ্যেষ্ঠ ভাতৃ হিচাপে গণ্য কৰে। "শিক্ষাৰ্থীসকলৰ তাত কোনো নাই। তেওঁলোকে পৃথ্বীক তেওঁলোকৰ অভিভাৱক বুলি গণ্য কৰে। তেওঁলোকক এৰি কেনেকৈ তেওঁ গুচি আহিব পাৰে?’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে