--°C
Loading...
Listen to Article
2 min read
80%

নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি জপিয়াই পৰিছে উদ্ধাৰত

ডিজিটেল ডেস্ক : যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰিছে ইউক্ৰেইন। আন নালাগে লাখ লাখ ইউক্ৰেইনৰ নাগৰিকে এতিয়া স্বভূমি ত্যাগ কৰি সন্ধান কৰিছে নিৰাপদ আশ্ৰয়ৰ। ভাৰতৰো হাজাৰ হাজাৰ শিক্ষাৰ্থীক ওভতাই অনা হৈছে দেশখনৰ পৰা। কেইবাহাজাৰো এতিয়াও আবদ্ধ হৈ আছে যুদ্ধজৰ্জৰ দেশখনত। অতি দুৰ্বিসহ পৰিস্থিতিৰ মাজত প্ৰতিপল সময় অতিবাহিত কৰিবলৈ বাধ্য হোৱা এইসকল ছাত্ৰ-ছাত্ৰীৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ কামনা সকলোৱে কৰিছে। কিন্তু এইসকল দুৰ্গত ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সহমৰ্মিতাৰে সেই দেশত থকা এগৰাকী ভাৰতীয় চিকিৎসকে গ্ৰহণ কৰা পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছে। যি সময়ত মানুহে ইউক্ৰেইন এৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছে, সেই সময়ত কলকাতাৰ এজন ৩৭ বছৰীয়া ভাৰতীয় চিকিৎসকে যুদ্ধবিধ্বস্ত দেশখন এৰি নোযোৱাৰ সিদ্ধান্ত লৈছে। ডাঃ পৃথ্বী ৰাজ ঘোষ নামৰ ইউক্ৰেইনত কৰ্তব্যৰত এগৰাকী চিকিৎসকে কৰা ঘোষণাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। চিকিৎসাসেৱাৰ লগতে  তেওঁ ছাত্ৰ-ছাত্ৰীৰ পৰামৰ্শদাতা হিচাপেও কাম কৰি আছিল দেশখনত। তেওঁ এতিয়া ভাৰতীয় শিক্ষাৰ্থীসকলক দেশখনৰ পৰা স্থানান্তৰ কৰা কাৰ্যত সহযোগ কৰিবলৈ দেশখনতে থকাৰ সিদ্ধান্ত লৈছে। ‘মই কিয়েভত আবদ্ধ হৈ থকা নাই, মই স্বইচ্ছাৰে দেশখন এৰি যোৱা নাই। মই ইউক্ৰেইনৰ পৰা প্ৰায় ৩৫০ জন শিক্ষাৰ্থীক স্থানান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোক কিয়েভত মোৰ শিক্ষাৰ্থী আছিল। দেশখন এৰি যোৱা আন সমন্বয়কসকলে মোক বিভিন্ন অংশত আবদ্ধ হৈ থকা আনসকল শিক্ষাৰ্থীকো সহায় কৰিবলৈ আহ্বান জনাইছিল, বিশেষকৈ ছুমীত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক।’ সংবাদ  ড ঘোষে সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰে যে, দেশখনত সাময়িক যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। এয়া বিশেষভাৱে শিক্ষাৰ্থীসকলৰ বাবে নহয় বৰং সকলো দেশৰ সাধাৰণ লোকৰ বাবে। কিন্তু ইয়াৰ ফলত শিক্ষাৰ্থীসকলো উপকৃত হ’ব। খাৰকিভত থকা প্ৰায় ২০০০ শিক্ষাৰ্থীয়ে যুদ্ধজৰ্জৰ এই পৰিস্থিতিৰ মাজৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে। ইফালে, ঘোষৰ পিতৃ-মাতৃ পুত্ৰৰ নিৰাপত্তাক লৈ শংকিত আছিল যদিও এতিয়া তেওঁলোক তেওঁক লৈ গৌৰৱান্বিত বুলি সংবাদ মাধ্যমৰ আগত কয়। তেওঁৰ মাতৃ ব্ৰততীয়ে কয় যে, তেওঁ তেওঁৰ পুত্ৰ আৰু শিক্ষাৰ্থীসকলৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ বাবে উভতি অহাৰ বাবে দৈনিক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। পিতৃ প্ৰদীপ ঘোষে গৌৰৱেৰে কয় যে, ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে পৃথ্বীক জ্যেষ্ঠ ভাতৃ হিচাপে গণ্য কৰে। "শিক্ষাৰ্থীসকলৰ তাত কোনো নাই। তেওঁলোকে পৃথ্বীক তেওঁলোকৰ অভিভাৱক বুলি গণ্য কৰে। তেওঁলোকক এৰি কেনেকৈ তেওঁ গুচি আহিব পাৰে?’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক