--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈলৈ যাত্ৰা কৰা পাঁচজন লোকৰ মৃত্যু হৈছে৷“ বিস্ফোৰণ" ঘটা চাবমেৰিনখন টুকুৰা-টুকুৰকৈ উদ্ধাৰ কৰা হৈছে, যাৰ ফলত চাবমেৰিনখনত থকা সকলোৱে মৃত্যুমুখত পৰা বুলি বৃহস্পতিবাৰে আমেৰিকাৰ ক’ষ্ট গাৰ্ডে জনায়৷

কানাডাৰ এখন জাহাজৰ পৰা নিয়োজিত এখন ৰবটিক ডাইভিং বাহনে বৃহস্পতিবাৰে পুৱা টাইটানিকৰ পৰা প্ৰায় ১৬০০ ফুট (৪৮৮ মিটাৰ) দূৰত্বত, ভূপৃষ্ঠৰ ২ ১/২ মাইল (৪ কিলোমিটাৰ) দূৰত্বত সাগৰৰ তলত ডুব যোৱা টাইটানৰ পৰা ধ্বংসাৱশেষ আৱিষ্কাৰ কৰে৷

উল্লেখযোগ্য যে,আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী অ’চেনগেট এক্সপেডিচনে পৰিচালনা কৰা টাইটানখন দেওবাৰে পুৱা পৰিচালনা কৰা জাহাজৰ সৈতে যোগাযোগ হেৰুৱাৰ পৰাই নিৰুদ্দেশ হৈছিল৷ .ক’ষ্ট গাৰ্ডৰ বিষয়াসকলে জনোৱা মতে, ২২ ফুট (৬.৭ মিটাৰ) টাইটানৰ পাঁচটা ডাঙৰ খণ্ড ইয়াৰ বিভাজনৰ পৰা বাকী থকা ধ্বংসাৱশেষৰ ক্ষেত্ৰত অৱস্থিত আছিল, য’ত জাহাজখনৰ শঙ্কু আৰু চাপৰ হালৰ দুটা অংশও আছিল। অৱশ্যে মানুহৰ অৱশিষ্ট দেখা গ’ল নে নাই সেই বিষয়ে কোনোধৰণৰ উল্লেখ কৰা হোৱা নগ’ল।

আনকি ক’ষ্ট গাৰ্ডৰ সংবাদমেলৰ পূৰ্বেই অ’চেনগেটে এক বিবৃতি প্ৰকাশ কৰি কয় যে টাইটানত থকা পাঁচজন লোকৰ ভিতৰত টাইটানৰ পাইলট পৰিচালনা কৰা কোম্পানীটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ষ্টকটন ৰাছকে ধৰি কোনো লোক জীৱিত অৱস্থাত নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি