--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকালৈ প্ৰথম ৰাজকীয় ভ্ৰমণৰ উদ্দেশ্যে গৈছে। বৃহস্পতিবাৰে (২২ জুন) হোৱাইট হাউছত নৰেন্দ্ৰ মোদীৰ বাবে এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইফালে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতত মুছলমান সংখ্যালঘুসকলৰ নিৰাপত্তা সন্দৰ্ভত এক ডাঙৰ বক্তব্য আগবঢ়াছে। যাৰ বাবে নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰা দেখা গৈছিল।

বাৰাক ওবামাই বৃহস্পতিবাৰে  চিএনএনৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত ৰাষ্ট্ৰপতি জো বাইডেনে সংখ্যাগৰিষ্ঠ হিন্দু,ভাৰতৰ মুছলমান সংখ্যালঘুসকলৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰিব লাগে।

ওবামাই কয় যে যেতিয়া বৃহৎ আভ্যন্তৰীণ সংঘাত হয় তেতিয়া কি হয় আমি দেখিছো। এয়া কেৱল মুছলমানেই নহয়, হিন্দুৰো স্বাৰ্থৰ বিৰুদ্ধে হ’ব। মই ভাবো এইবোৰ কথা সততাৰে ক'ব পৰাটো গুৰুত্বপূৰ্ণ।উল্লেখ্য যে বাৰাক ওবামাই ২০১৪ আৰু ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰধানমন্ত্ৰী মোদীক আতিথ্য প্ৰদান কৰিছিল। একে সময়তে ২০১৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত হোৱাৰ সময়ত দিল্লীত বাৰাক ওবামাক আতিথ্য প্ৰদান কৰিছিল।


ইপিনে বাইডেন আৰু মোদীৰ মাজৰ দ্বিপাক্ষিক বৈঠকৰ অন্তত এখন যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীক এজন সাংবাদিকে ভাৰতৰ সংখ্যালঘুৰ নিৰাপত্তাৰ বিষয়ে সোধাত তেওঁ কয় যে" মই আচৰিত হৈছো যে আপুনি কৈছে যে মানুহে ভাৰত গণতান্ত্ৰিক বুলি কয়। মানুহে যিয়েই নকওঁক কিন্তু ভাৰত গণতান্ত্ৰিক। ৰাষ্ট্ৰপতি বাইডেনে কোৱাৰ দৰে গণতন্ত্ৰ ভাৰত আৰু আমেৰিকা উভয়ৰে ডি এন এত আছে।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি