--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকালৈ প্ৰথম ৰাজকীয় ভ্ৰমণৰ উদ্দেশ্যে গৈছে। বৃহস্পতিবাৰে (২২ জুন) হোৱাইট হাউছত নৰেন্দ্ৰ মোদীৰ বাবে এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইফালে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতত মুছলমান সংখ্যালঘুসকলৰ নিৰাপত্তা সন্দৰ্ভত এক ডাঙৰ বক্তব্য আগবঢ়াছে। যাৰ বাবে নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰা দেখা গৈছিল।

বাৰাক ওবামাই বৃহস্পতিবাৰে  চিএনএনৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত ৰাষ্ট্ৰপতি জো বাইডেনে সংখ্যাগৰিষ্ঠ হিন্দু,ভাৰতৰ মুছলমান সংখ্যালঘুসকলৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰিব লাগে।

ওবামাই কয় যে যেতিয়া বৃহৎ আভ্যন্তৰীণ সংঘাত হয় তেতিয়া কি হয় আমি দেখিছো। এয়া কেৱল মুছলমানেই নহয়, হিন্দুৰো স্বাৰ্থৰ বিৰুদ্ধে হ’ব। মই ভাবো এইবোৰ কথা সততাৰে ক'ব পৰাটো গুৰুত্বপূৰ্ণ।উল্লেখ্য যে বাৰাক ওবামাই ২০১৪ আৰু ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰধানমন্ত্ৰী মোদীক আতিথ্য প্ৰদান কৰিছিল। একে সময়তে ২০১৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত হোৱাৰ সময়ত দিল্লীত বাৰাক ওবামাক আতিথ্য প্ৰদান কৰিছিল।


ইপিনে বাইডেন আৰু মোদীৰ মাজৰ দ্বিপাক্ষিক বৈঠকৰ অন্তত এখন যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীক এজন সাংবাদিকে ভাৰতৰ সংখ্যালঘুৰ নিৰাপত্তাৰ বিষয়ে সোধাত তেওঁ কয় যে" মই আচৰিত হৈছো যে আপুনি কৈছে যে মানুহে ভাৰত গণতান্ত্ৰিক বুলি কয়। মানুহে যিয়েই নকওঁক কিন্তু ভাৰত গণতান্ত্ৰিক। ৰাষ্ট্ৰপতি বাইডেনে কোৱাৰ দৰে গণতন্ত্ৰ ভাৰত আৰু আমেৰিকা উভয়ৰে ডি এন এত আছে।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস