--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সাম্প্ৰদায়িক দৃষ্টিভংগী আৰু বিতৰ্কিত মন্তব্যৰ বাবে ভাৰতত প্ৰায়েই সমালোচনাৰ সন্মুখীন হয় আৰ এছ এছ অথবা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ। আনহাতে সময়সাপেক্ষে  এই আৰ এছ এছক জাতিৰ পিতা খ্যাত মহাত্মা গান্ধী বিদ্বেষী বুলিও অনুমান  হয়। এফালে গান্ধীৰ ধৰ্মনিৰপেক্ষতা আৰু অহিংস নীতি আনফালে আৰ এছ এছৰ কঠোৰ হিন্দুত্ববাদী নীতি৷ তদুপৰি ধৰ্মনিৰপেক্ষ নীতিৰ বাবে আৰ এছ এছয়ে গান্ধী সম্পৰ্কে প্ৰায়েই কটু মন্তব্যয়ো দিয়া দেখা যায়। 

দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গান্ধীৰ ওপৰত পুনৰ কটু মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নেতা ইন্দ্ৰেশ কুমাৰে৷ শনিবাৰে জয়পুৰত অনুষ্ঠিত এক অনুষ্ঠানত দেশ বিভাজনৰ বাবে সকলো দোষ গান্ধীৰ ওপৰত জাপি দি আৰ এছ এছৰ নেতাজনে মন্তব্য দিয়ে যে, ৭৫ বছৰ পূৰ্বে বিভাজিত ৰূপত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল৷সেই সময়ত মহাত্মা গান্ধীয়ে জৱাহৰলাল নেহৰু আৰু মহম্মদ আলি জিন্নাক অতিৰিক্ত আয়ুক্ত হিচাপে নিৰ্বাচন নকৰা হ’লে ভাৰতবৰ্ষৰ বিভাজন নহ’লহেঁতেন৷ ” 

বাপুয়ে জৱাহৰলাল নেহৰু আৰু জিন্নাৰ বিপৰীতে সুভাষ চন্দ্ৰ বসু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলক নিৰ্বাচন কৰিব লাগিছিল বুলিও নেতাজনে মন্তব্য কৰে। ইন্দ্ৰেশ কুমাৰৰ মতে , গান্ধীজীৰ এই সৰু ভুলৰ বাবেই ভাৰতবৰ্ষ টুকুৰা-টুকুৰ হ’ল। 

উল্লেখযোগ্য যে, ভাৰতে স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত গান্ধীজীৰ অৱদান তথা ত্যাগ আছিল যথেষ্ট ৷ ভাৰতীয়ৰ মাজৰ সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিছিল গান্ধীজীয়ে। দেশ বিভাজনৰো বিৰোধিতা কৰিছিল তেওঁ। দেশে স্বাধীনতা লাভ কৰাৰ প্ৰাকক্ষণত সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰিবলৈ অন্নশনতো বহিছিল তেওঁ। যিসময়ত বাপুৰ ত্যাগ আৰু দেশৰ প্ৰতি থকা অৱদানক স্মৰণ কৰাৰ প্ৰয়োজন আছিল তেনে সময়ত এনে কটু মন্তব্যই স্তম্ভিত কৰিছে সকলোকে৷ বাপুৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ অপচেষ্টা চলোৱাৰ বাবে নেতাজনৰ ওপৰত চৰকাৰে কি ব্যৱস্থা লয় সেইয়া লক্ষণীয় হ’ব৷

এনেধৰণৰ মন্তব্যই সমাজত ঘৃণা বিয়পোৱাতো সহায় কৰে৷ গতিকে এনে কাৰ্যসমূহ ৰোধ কৰিবলৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাটো অতি আৱশ্যক হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু