--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সাম্প্ৰদায়িক দৃষ্টিভংগী আৰু বিতৰ্কিত মন্তব্যৰ বাবে ভাৰতত প্ৰায়েই সমালোচনাৰ সন্মুখীন হয় আৰ এছ এছ অথবা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ। আনহাতে সময়সাপেক্ষে  এই আৰ এছ এছক জাতিৰ পিতা খ্যাত মহাত্মা গান্ধী বিদ্বেষী বুলিও অনুমান  হয়। এফালে গান্ধীৰ ধৰ্মনিৰপেক্ষতা আৰু অহিংস নীতি আনফালে আৰ এছ এছৰ কঠোৰ হিন্দুত্ববাদী নীতি৷ তদুপৰি ধৰ্মনিৰপেক্ষ নীতিৰ বাবে আৰ এছ এছয়ে গান্ধী সম্পৰ্কে প্ৰায়েই কটু মন্তব্যয়ো দিয়া দেখা যায়। 

দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গান্ধীৰ ওপৰত পুনৰ কটু মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নেতা ইন্দ্ৰেশ কুমাৰে৷ শনিবাৰে জয়পুৰত অনুষ্ঠিত এক অনুষ্ঠানত দেশ বিভাজনৰ বাবে সকলো দোষ গান্ধীৰ ওপৰত জাপি দি আৰ এছ এছৰ নেতাজনে মন্তব্য দিয়ে যে, ৭৫ বছৰ পূৰ্বে বিভাজিত ৰূপত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল৷সেই সময়ত মহাত্মা গান্ধীয়ে জৱাহৰলাল নেহৰু আৰু মহম্মদ আলি জিন্নাক অতিৰিক্ত আয়ুক্ত হিচাপে নিৰ্বাচন নকৰা হ’লে ভাৰতবৰ্ষৰ বিভাজন নহ’লহেঁতেন৷ ” 

বাপুয়ে জৱাহৰলাল নেহৰু আৰু জিন্নাৰ বিপৰীতে সুভাষ চন্দ্ৰ বসু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলক নিৰ্বাচন কৰিব লাগিছিল বুলিও নেতাজনে মন্তব্য কৰে। ইন্দ্ৰেশ কুমাৰৰ মতে , গান্ধীজীৰ এই সৰু ভুলৰ বাবেই ভাৰতবৰ্ষ টুকুৰা-টুকুৰ হ’ল। 

উল্লেখযোগ্য যে, ভাৰতে স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত গান্ধীজীৰ অৱদান তথা ত্যাগ আছিল যথেষ্ট ৷ ভাৰতীয়ৰ মাজৰ সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিছিল গান্ধীজীয়ে। দেশ বিভাজনৰো বিৰোধিতা কৰিছিল তেওঁ। দেশে স্বাধীনতা লাভ কৰাৰ প্ৰাকক্ষণত সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰিবলৈ অন্নশনতো বহিছিল তেওঁ। যিসময়ত বাপুৰ ত্যাগ আৰু দেশৰ প্ৰতি থকা অৱদানক স্মৰণ কৰাৰ প্ৰয়োজন আছিল তেনে সময়ত এনে কটু মন্তব্যই স্তম্ভিত কৰিছে সকলোকে৷ বাপুৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ অপচেষ্টা চলোৱাৰ বাবে নেতাজনৰ ওপৰত চৰকাৰে কি ব্যৱস্থা লয় সেইয়া লক্ষণীয় হ’ব৷

এনেধৰণৰ মন্তব্যই সমাজত ঘৃণা বিয়পোৱাতো সহায় কৰে৷ গতিকে এনে কাৰ্যসমূহ ৰোধ কৰিবলৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাটো অতি আৱশ্যক হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ