--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশীৰ দশকৰ 'মহাভাৰত' আৰু 'ৰামায়ণ' মেগা টিভি ধাৰাবাহিকতকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "মন কি বাত" অনুষ্ঠান জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় বুলি দাবী কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই।

মুখ্যমন্ত্ৰীয়ে দলৰ নেতা-কৰ্মীৰ সৈতে বৰদোৱালি - তেওঁৰ গৃহ সমষ্টিত "মন কি বাত"ৰ ১০৮ সংখ্যক খণ্ড শুনাৰ পিছত এই মন্তব্য কৰিছে।

"আগতে আমি প্ৰতি দেওবাৰে দূৰদৰ্শনত 'মহাভাৰত' আৰু 'ৰামায়ণ'ৰ খণ্ড চাবলৈ আমাৰ মা-ভগ্নীসকলে টিভিৰ পৰ্দালৈ লৰালৰিকৈ অহা দেখিছিলো। আজিকালি আমি দেখিবলৈ পাওঁ যে আমাৰ মা-ভগ্নীসকলে শেষত প্ৰধানমন্ত্ৰীৰ "মন কি বাত" শুনিবলৈ লৰালৰিকৈ অহা দেখিবলৈ পাওঁ।’’- সাহাই কয়।

তেওঁ লগতে কয় যে আশীৰ দশকতো মানুহে মহিলাসকলক টিভি শ্ব’ চাবলৈ লৰালৰি কৰাৰ বাবে সমালোচনা কৰিছিল আৰু এতিয়াও বহুতে "মন কি বাট" শুনাসকলক সমালোচনা কৰে। কিন্তু ইয়াৰ কোনো পাৰ্থক্য নাই কাৰণ মানুহে জানে যে কোনটো কি!’’

উল্লেখ্য যে বি আৰ চোপ্ৰা আৰু ৰামানন্দ সাগৰৰ টিভি শ্ব'লৈ ৰূপান্তৰিত হোৱা দুখন মহাকাব্য 'মহাভাৰত' (১৯৮৮) আৰু 'ৰামায়ণ' (১৯৮৭) দূৰদৰ্শনত প্ৰচাৰিত হৈছিল আৰু বহুলভাৱে জনপ্ৰিয় হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক