--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৩ বৰ্ষই মেলানি মাগিবলৈ আৰু মাত্ৰ কেইটিমান পলক বাকী৷ আগমন ঘটিব আন এটি আশাব্যঞ্জক নতুন বৰ্ষৰ৷ 

বিদায় ল’বলগীয়া ২০২৩ বৰ্ষত দেশৰ ভূমিত সংঘটিত হৈছিল বহু উল্লেখনীয় ঘটনা-পৰিঘটনা৷ ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত WFIৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণৰ যৌন নিৰ্যাতনৰ অভিযোগত দিল্লীৰ ৰাজপথ উত্তাল হৈছিল দেশৰ তাৰকা মল্লযোদ্ধাৰ প্ৰতিবাদত৷ 

আনহাতে বিদায়ী বৰ্ষটোৰ ফেব্ৰুৱাৰী মাহত আবকাৰী কেলেংকাৰিৰ অভিযোগত EDএ গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক৷ ২০২৩ৰ মাৰ্চ মাহটো আছিল ঘটনাবহুল৷ মোদী উপাধি গোচৰত দোষী সাব্যস্ত হৈ সাংসদ পদ হেৰুৱাইছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ তাৰ বিপৰীতে সুদূৰ আমেৰিকাত অস্কাৰৰ মঞ্চত জিলিকিছিল বোলছবি RRR৷ নাট্টো নাট্টোৱে আঁজুৰি আনিবলৈ সক্ষম হৈছিল অস্কাৰ৷ 

এপ্ৰিলত চীনক চেৰাই বিশ্বৰ জনবহুল ৰাষ্ট্রত পৰিণত হৈছিল ভাৰতবৰ্ষ৷ আনহাতে খালিস্তানী আন্দোলনত পুনৰবাৰ উত্তাল হৈছিল পঞ্জাৱ৷ গ্ৰেপ্তাৰ হৈছিল খালিস্তানী নেতা অমৃত পাল সিং৷ ২০২৩ বৰ্ষৰ মে’ মাহত মণিপুৰত সূত্ৰপাত হৈছিল গোষ্ঠীগত সংঘাত৷ য’ত এতিয়ালৈ প্ৰাণ হেৰুৱাইছে প্ৰায় ২০০ গৰাকী লোকে৷ 

আনহাতে ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধন হোৱা ২০২৩ৰ মে’ মাহতে কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সফলতা৷ আনহাতে ওডিশাৰ বালাছ’ৰত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই কঁপাই গৈছে ২০২৩ বৰ্ষৰ জুন মাহ৷ দেশৰ ৰাজনীতিত পৰিৱৰ্তনৰ ধাৰা অব্যাহত ৰাখি ২০২৩ৰ জুলাইত শাসনাধিষ্ঠ NDAৰ বিৰুদ্ধে একত্ৰিত বিৰোধীয়ে গঠন কৰিছিল INDIA মৰ্চা৷ 

আনহাতে বিদায়ী বৰ্ষটোৰ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণেৰে ইতিহাস ৰচনা চন্দ্ৰযানৰ৷ ছেপ্তেম্বৰত নতুন দিল্লীত G-20 শীৰ্ষ সন্মিলন আয়োজন ভাৰতৰ৷ তাৰ বিপৰীতে খালিস্তানী প্ৰসংগত কানাডাৰে সম্পৰ্ক বিঘ্নিত ভাৰতৰ৷ সমলিংগ বিবাহৰ নায্যতাক খাৰিজ কৰি অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান৷ 

আনহাতে নৱেম্বৰ মাহত ভাৰতত এদিনীয়া বিশ্বকাপ প্ৰতিযোগিতাৰ উন্মাদনাৰ বিপৰীতে উত্তৰ কাশীৰ ছিলকিয়াৰা সুৰংগত আবদ্ধ হৈছিল ৪১গৰাকী শ্ৰমিক৷ ২০২৩ বৰ্ষৰ ডিচেম্বৰত ৩ ৰাজ্যত বিজেপিৰ নিৰ্বাচনী জয়ৰ বিপৰীতে সংসদত দুৰ্বৃত্তৰ প্ৰৱেশৰ প্ৰসংগত ১৪৩ বিৰোধী সাংসদক নিলম্বনৰ এক নজিৰবিহীন ঘটনাৰ সাক্ষী হৈ ৰ’ল দেশবাসী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান