--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৩ বৰ্ষই মেলানি মাগিবলৈ আৰু মাত্ৰ কেইটিমান পলক বাকী৷ আগমন ঘটিব আন এটি আশাব্যঞ্জক নতুন বৰ্ষৰ৷ 

বিদায় ল’বলগীয়া ২০২৩ বৰ্ষত দেশৰ ভূমিত সংঘটিত হৈছিল বহু উল্লেখনীয় ঘটনা-পৰিঘটনা৷ ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত WFIৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণৰ যৌন নিৰ্যাতনৰ অভিযোগত দিল্লীৰ ৰাজপথ উত্তাল হৈছিল দেশৰ তাৰকা মল্লযোদ্ধাৰ প্ৰতিবাদত৷ 

আনহাতে বিদায়ী বৰ্ষটোৰ ফেব্ৰুৱাৰী মাহত আবকাৰী কেলেংকাৰিৰ অভিযোগত EDএ গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক৷ ২০২৩ৰ মাৰ্চ মাহটো আছিল ঘটনাবহুল৷ মোদী উপাধি গোচৰত দোষী সাব্যস্ত হৈ সাংসদ পদ হেৰুৱাইছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ তাৰ বিপৰীতে সুদূৰ আমেৰিকাত অস্কাৰৰ মঞ্চত জিলিকিছিল বোলছবি RRR৷ নাট্টো নাট্টোৱে আঁজুৰি আনিবলৈ সক্ষম হৈছিল অস্কাৰ৷ 

এপ্ৰিলত চীনক চেৰাই বিশ্বৰ জনবহুল ৰাষ্ট্রত পৰিণত হৈছিল ভাৰতবৰ্ষ৷ আনহাতে খালিস্তানী আন্দোলনত পুনৰবাৰ উত্তাল হৈছিল পঞ্জাৱ৷ গ্ৰেপ্তাৰ হৈছিল খালিস্তানী নেতা অমৃত পাল সিং৷ ২০২৩ বৰ্ষৰ মে’ মাহত মণিপুৰত সূত্ৰপাত হৈছিল গোষ্ঠীগত সংঘাত৷ য’ত এতিয়ালৈ প্ৰাণ হেৰুৱাইছে প্ৰায় ২০০ গৰাকী লোকে৷ 

আনহাতে ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধন হোৱা ২০২৩ৰ মে’ মাহতে কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সফলতা৷ আনহাতে ওডিশাৰ বালাছ’ৰত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই কঁপাই গৈছে ২০২৩ বৰ্ষৰ জুন মাহ৷ দেশৰ ৰাজনীতিত পৰিৱৰ্তনৰ ধাৰা অব্যাহত ৰাখি ২০২৩ৰ জুলাইত শাসনাধিষ্ঠ NDAৰ বিৰুদ্ধে একত্ৰিত বিৰোধীয়ে গঠন কৰিছিল INDIA মৰ্চা৷ 

আনহাতে বিদায়ী বৰ্ষটোৰ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণেৰে ইতিহাস ৰচনা চন্দ্ৰযানৰ৷ ছেপ্তেম্বৰত নতুন দিল্লীত G-20 শীৰ্ষ সন্মিলন আয়োজন ভাৰতৰ৷ তাৰ বিপৰীতে খালিস্তানী প্ৰসংগত কানাডাৰে সম্পৰ্ক বিঘ্নিত ভাৰতৰ৷ সমলিংগ বিবাহৰ নায্যতাক খাৰিজ কৰি অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান৷ 

আনহাতে নৱেম্বৰ মাহত ভাৰতত এদিনীয়া বিশ্বকাপ প্ৰতিযোগিতাৰ উন্মাদনাৰ বিপৰীতে উত্তৰ কাশীৰ ছিলকিয়াৰা সুৰংগত আবদ্ধ হৈছিল ৪১গৰাকী শ্ৰমিক৷ ২০২৩ বৰ্ষৰ ডিচেম্বৰত ৩ ৰাজ্যত বিজেপিৰ নিৰ্বাচনী জয়ৰ বিপৰীতে সংসদত দুৰ্বৃত্তৰ প্ৰৱেশৰ প্ৰসংগত ১৪৩ বিৰোধী সাংসদক নিলম্বনৰ এক নজিৰবিহীন ঘটনাৰ সাক্ষী হৈ ৰ’ল দেশবাসী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক