--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰদৰ্শনৰ জনপ্ৰিয় অনুষ্ঠান 'মহাভাৰত'ত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে হৃদয়ত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল অভিনেতা নীতিশ ভৰদ্বাজে। নীতিশ ভৰদ্বাজক সকলোৱে কৃষ্ণ বুলিয়েই চিনি পায়। সকলোৰে মৰমৰ কৃষ্ণ অৰ্থাৎ নীতিশ ভৰদ্বাজে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। নীতিশ ভৰদ্বাজে বিবাহৰ ১২ বছৰৰ পাছত তেওঁৰ দ্বিতীয় পত্নী স্মিতাৰ সৈতে বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। নীতিশ ভৰদ্বাজে নিজেই তেওঁৰ অনুৰাগীসকলক এই খবৰ জনাইছে।১৯৯১ চনত মনীষা পাটিলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নীতিশ। ২০০৫ চনত মনীষাৰ সৈতে বিবাহ বিচ্ছেদ ঘটে নীতিশ ভৰদ্বাজৰ। প্ৰথমা পত্নীৰ ফালৰ পৰা আছে তেওঁৰ দুটি সন্তান। [caption id="attachment_123924" align="aligncenter" width="300"] প্ৰথমা পত্নী মণীষাৰ সৈতে নীতিশ[/caption] ইয়াৰ পাছত ২০০৯ চনত স্মিতাৰ সৈতে দ্বিতীয় বিবাহ কৰায় নীতিশে। নীতিশ পেছাত এগৰাকী অভিনেতা আৰু তেওঁৰ পত্নী স্মিতা আইএএছ বিষয়া। স্মিতাই মধ্য প্ৰদেশৰ ইন্দোৰত তেওঁৰ যমজ কন্যাৰ সৈতে বাস কৰে। নীতিশে অলপতে এটা সাক্ষাৎকাৰত বিবাহ বিচ্ছেদ মৃত্যুৰ দৰেই এক দুখলগা অনুভৱ বুলি বৰ্ণনা কৰিছিল। তেওঁ কয় যে বিবাহ বিচ্ছেদ কেতিয়াবা মৃত্যুতকৈ বেছি বেদনাদায়ক হ'ব পাৰে। নীতিশে কয় যে "হয়, মই ২০১৯ চনৰ ছেপ্টেম্বৰত মুম্বাইৰ পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিলো৷ কিহৰ বাবে আমাৰ বিচ্ছেদ ঘটিছে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি মই বেছি গভীৰতালৈ যাব নিবিচাৰো। বিষয়টো বৰ্তমান আদালতত আছে। মই কেৱল এয়াই ক'ব পাৰোঁ যে কেতিয়াবা বিবাহ বিচ্ছেদ মৃত্যুতকৈ বেছি বেদনাদায়ক হ'ব পাৰে। বিশেষকৈ যেতিয়া আপুনি একাকীত্বৰ সৈতে জীয়াই থাকে।মই বিবাহক বিশ্বাস কৰোঁ, কিন্তু বিবাহৰ ক্ষেত্ৰত মই ভাগ্যৱান নহয়।" [caption id="attachment_123927" align="aligncenter" width="300"] স্মিতাৰ সৈতে দ্বিতীয় বিবাহৰ সময়ত নীতিশ[/caption] বিবাহ ভংগ হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। কেতিয়াবা জেদী মনোভাৱ, কেতিয়াবা সহানুভূতিৰ অভাৱৰ ফলত হয় বা অহংকাৰৰ ফলতো হ'ব পাৰে আৰু সদায় যিয়ে নিজৰ বিষয়ে চিন্তা কৰে তেতিয়াও বিবাহ বিচ্ছেদ ঘটিব পাৰে। এটা পৰিয়াল ভাঙি যোৱাৰ ফলত সন্তানৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। সেয়েহে তেওঁলোকৰ সিদ্ধান্তই সন্তানৰ ওপৰত যাতে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে আৰু সন্তানৰ ক্ষতি নকৰে সেয়া নিশ্চিত কৰাটো অভিভাৱকৰ দায়িত্ব। মই স্মিতাৰ সৈতে কেইবাবাৰো কথা পাতিবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁ মোৰ কথাৰ কোনো সঁহাৰি দিয়া নাছিল।সময়ে হয়তো আমাক পৃথক হোৱাটো বিচাৰিছে। সেয়ে পৃথক হোৱাটোৱেই উচিত হ'ব।" আৰু পঢ়কঃ কাৰ বাবে চিৰকুমাৰী হৈ ৰ’ল লতা? হাজাৰ হাজাৰ প্ৰেমৰ গীত গোৱা লতাৰ জীৱনত আছিলনে প্ৰেম?    

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু