--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰদৰ্শনৰ জনপ্ৰিয় অনুষ্ঠান 'মহাভাৰত'ত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে হৃদয়ত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল অভিনেতা নীতিশ ভৰদ্বাজে। নীতিশ ভৰদ্বাজক সকলোৱে কৃষ্ণ বুলিয়েই চিনি পায়। সকলোৰে মৰমৰ কৃষ্ণ অৰ্থাৎ নীতিশ ভৰদ্বাজে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। নীতিশ ভৰদ্বাজে বিবাহৰ ১২ বছৰৰ পাছত তেওঁৰ দ্বিতীয় পত্নী স্মিতাৰ সৈতে বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। নীতিশ ভৰদ্বাজে নিজেই তেওঁৰ অনুৰাগীসকলক এই খবৰ জনাইছে।১৯৯১ চনত মনীষা পাটিলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নীতিশ। ২০০৫ চনত মনীষাৰ সৈতে বিবাহ বিচ্ছেদ ঘটে নীতিশ ভৰদ্বাজৰ। প্ৰথমা পত্নীৰ ফালৰ পৰা আছে তেওঁৰ দুটি সন্তান। [caption id="attachment_123924" align="aligncenter" width="300"] প্ৰথমা পত্নী মণীষাৰ সৈতে নীতিশ[/caption] ইয়াৰ পাছত ২০০৯ চনত স্মিতাৰ সৈতে দ্বিতীয় বিবাহ কৰায় নীতিশে। নীতিশ পেছাত এগৰাকী অভিনেতা আৰু তেওঁৰ পত্নী স্মিতা আইএএছ বিষয়া। স্মিতাই মধ্য প্ৰদেশৰ ইন্দোৰত তেওঁৰ যমজ কন্যাৰ সৈতে বাস কৰে। নীতিশে অলপতে এটা সাক্ষাৎকাৰত বিবাহ বিচ্ছেদ মৃত্যুৰ দৰেই এক দুখলগা অনুভৱ বুলি বৰ্ণনা কৰিছিল। তেওঁ কয় যে বিবাহ বিচ্ছেদ কেতিয়াবা মৃত্যুতকৈ বেছি বেদনাদায়ক হ'ব পাৰে। নীতিশে কয় যে "হয়, মই ২০১৯ চনৰ ছেপ্টেম্বৰত মুম্বাইৰ পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিলো৷ কিহৰ বাবে আমাৰ বিচ্ছেদ ঘটিছে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি মই বেছি গভীৰতালৈ যাব নিবিচাৰো। বিষয়টো বৰ্তমান আদালতত আছে। মই কেৱল এয়াই ক'ব পাৰোঁ যে কেতিয়াবা বিবাহ বিচ্ছেদ মৃত্যুতকৈ বেছি বেদনাদায়ক হ'ব পাৰে। বিশেষকৈ যেতিয়া আপুনি একাকীত্বৰ সৈতে জীয়াই থাকে।মই বিবাহক বিশ্বাস কৰোঁ, কিন্তু বিবাহৰ ক্ষেত্ৰত মই ভাগ্যৱান নহয়।" [caption id="attachment_123927" align="aligncenter" width="300"] স্মিতাৰ সৈতে দ্বিতীয় বিবাহৰ সময়ত নীতিশ[/caption] বিবাহ ভংগ হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। কেতিয়াবা জেদী মনোভাৱ, কেতিয়াবা সহানুভূতিৰ অভাৱৰ ফলত হয় বা অহংকাৰৰ ফলতো হ'ব পাৰে আৰু সদায় যিয়ে নিজৰ বিষয়ে চিন্তা কৰে তেতিয়াও বিবাহ বিচ্ছেদ ঘটিব পাৰে। এটা পৰিয়াল ভাঙি যোৱাৰ ফলত সন্তানৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। সেয়েহে তেওঁলোকৰ সিদ্ধান্তই সন্তানৰ ওপৰত যাতে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে আৰু সন্তানৰ ক্ষতি নকৰে সেয়া নিশ্চিত কৰাটো অভিভাৱকৰ দায়িত্ব। মই স্মিতাৰ সৈতে কেইবাবাৰো কথা পাতিবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁ মোৰ কথাৰ কোনো সঁহাৰি দিয়া নাছিল।সময়ে হয়তো আমাক পৃথক হোৱাটো বিচাৰিছে। সেয়ে পৃথক হোৱাটোৱেই উচিত হ'ব।" আৰু পঢ়কঃ কাৰ বাবে চিৰকুমাৰী হৈ ৰ’ল লতা? হাজাৰ হাজাৰ প্ৰেমৰ গীত গোৱা লতাৰ জীৱনত আছিলনে প্ৰেম?    

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ