--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয়তাৰ এটা নতুন চূড়া স্পৰ্শ কৰিছে অন্যতম জনপ্ৰিয় তাৰকা আল্লু অৰ্জুন। ভাৰতৰ এইগৰাকী তেলেগু নায়কে এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বেচ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰ চুকে-কোণে এতিয়া নাম ৰৈ বৈ গৈছে এইগৰাকী ছুপাৰষ্টাৰৰ অভিনয়। শেহতীয়াকৈ, মুক্তি লাভ কৰা তেওঁৰ অভিনীত ‘পুষ্পা’ নামৰ ছবিখনে বক্স অফিছত ব্যাপক সমাদৰ লাভ কৰিছে। ছবিখনে ইতিমধ্যে ৩০০ কোটিতকৈ অধিক উপাৰ্জন কৰিছে। ভাৰতৰ দাক্ষিণাত্যত আল্লু অৰ্জুন ৰ জনপ্ৰিয়তা কিমান তাক দোহৰাৰ কোনো প্ৰয়োজন নাই নিশ্চয়। আল্লু অভিনীত সৰহসংখ্য ছবিয়েই দেখিছে সফলতাৰ মুখ। ফলস্বৰূপে, তেওঁ বিপুল অৰ্থ-সম্পদৰো গৰাকী। মনকৰিবলগীয়া যে, ভাৰতীয় তাৰকাসকলৰ ভিতৰত এইগৰাকী তাৰকা অভিনেতাৰে আটাইতকৈ ব্যয়বহুল ঘৰ এটা আছে। যিটো ঘৰৰ নাম ৰাখিছে 'ব্লেছিং' অৰ্থাৎ আশীবাৰ্দ। হায়দৰাবাদ স্থিত এই ঘৰটোৰ মূল্য ১০০ কোটিতকৈ অধিক। পত্নী আৰু দুই সন্তানৰ সৈতে এই বাসগৃহতে থাকে আল্লু অৰ্জুনে। স্মৰ্তব্য যে, ষ্টাইলীছ ষ্টাৰগৰাকী এখন বিলাসী ভেনিটি ভেনৰ মালিক। গাড়ীখনৰ মূল্য ৭ কোটি।ভেনখনৰ ভিতৰৰ পৰা তোলা একাধিক ফটো ইনষ্টাগ্ৰামত আল্লু অৰ্জুন শ্বেয়াৰ কৰাও দেখা গৈছে। আল্লু অৰ্জুনৰ এখন ব্যক্তিগত বিমানো আছে বুলি জানিবলৈ পোৱা গৈছে।পৰিয়ালৰ সৈতে এইখন বিমানতে দেশ-বিদেশলৈ উৰা মাৰে অভিনেতাজনে। কেবল ভেনিটি ভেনেই নহয় আল্লু অৰ্জুনৰ আৰু কেইবাখনো বিলাসী গাড়ী আছে। ১.২ কোটি মূল্যৰ এখন বগা গাড়ীও আছে। এখন ক'লা ৰঙৰ গাড়ীও আছে যাৰ মূল্য প্ৰায় ৩ কোটি। উল্লেখ্য যে, তেলেগু চলচ্চিত্ৰৰ প্ৰভাৱশালী প্ৰযোজক আল্লু অৰবিন্দৰ পুত্ৰ আল্লু অৰ্জুন। ২০০৩ চনত মুক্তি পোৱা 'গঙ্গোত্ৰী' ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল এইগৰাকী অভিনেতাই।মন কৰিবলগীয়া যে, ভাৰতৰ দাক্ষিণাত্যত সৰ্বাধিক উপাৰ্জন কৰা তাৰকাসকলৰ ভিতৰত অন্যতন এগৰাকী তাৰকা হৈছে আল্লু অৰ্জুন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ