--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয়তাৰ এটা নতুন চূড়া স্পৰ্শ কৰিছে অন্যতম জনপ্ৰিয় তাৰকা আল্লু অৰ্জুন। ভাৰতৰ এইগৰাকী তেলেগু নায়কে এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বেচ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰ চুকে-কোণে এতিয়া নাম ৰৈ বৈ গৈছে এইগৰাকী ছুপাৰষ্টাৰৰ অভিনয়। শেহতীয়াকৈ, মুক্তি লাভ কৰা তেওঁৰ অভিনীত ‘পুষ্পা’ নামৰ ছবিখনে বক্স অফিছত ব্যাপক সমাদৰ লাভ কৰিছে। ছবিখনে ইতিমধ্যে ৩০০ কোটিতকৈ অধিক উপাৰ্জন কৰিছে। ভাৰতৰ দাক্ষিণাত্যত আল্লু অৰ্জুন ৰ জনপ্ৰিয়তা কিমান তাক দোহৰাৰ কোনো প্ৰয়োজন নাই নিশ্চয়। আল্লু অভিনীত সৰহসংখ্য ছবিয়েই দেখিছে সফলতাৰ মুখ। ফলস্বৰূপে, তেওঁ বিপুল অৰ্থ-সম্পদৰো গৰাকী। মনকৰিবলগীয়া যে, ভাৰতীয় তাৰকাসকলৰ ভিতৰত এইগৰাকী তাৰকা অভিনেতাৰে আটাইতকৈ ব্যয়বহুল ঘৰ এটা আছে। যিটো ঘৰৰ নাম ৰাখিছে 'ব্লেছিং' অৰ্থাৎ আশীবাৰ্দ। হায়দৰাবাদ স্থিত এই ঘৰটোৰ মূল্য ১০০ কোটিতকৈ অধিক। পত্নী আৰু দুই সন্তানৰ সৈতে এই বাসগৃহতে থাকে আল্লু অৰ্জুনে। স্মৰ্তব্য যে, ষ্টাইলীছ ষ্টাৰগৰাকী এখন বিলাসী ভেনিটি ভেনৰ মালিক। গাড়ীখনৰ মূল্য ৭ কোটি।ভেনখনৰ ভিতৰৰ পৰা তোলা একাধিক ফটো ইনষ্টাগ্ৰামত আল্লু অৰ্জুন শ্বেয়াৰ কৰাও দেখা গৈছে। আল্লু অৰ্জুনৰ এখন ব্যক্তিগত বিমানো আছে বুলি জানিবলৈ পোৱা গৈছে।পৰিয়ালৰ সৈতে এইখন বিমানতে দেশ-বিদেশলৈ উৰা মাৰে অভিনেতাজনে। কেবল ভেনিটি ভেনেই নহয় আল্লু অৰ্জুনৰ আৰু কেইবাখনো বিলাসী গাড়ী আছে। ১.২ কোটি মূল্যৰ এখন বগা গাড়ীও আছে। এখন ক'লা ৰঙৰ গাড়ীও আছে যাৰ মূল্য প্ৰায় ৩ কোটি। উল্লেখ্য যে, তেলেগু চলচ্চিত্ৰৰ প্ৰভাৱশালী প্ৰযোজক আল্লু অৰবিন্দৰ পুত্ৰ আল্লু অৰ্জুন। ২০০৩ চনত মুক্তি পোৱা 'গঙ্গোত্ৰী' ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল এইগৰাকী অভিনেতাই।মন কৰিবলগীয়া যে, ভাৰতৰ দাক্ষিণাত্যত সৰ্বাধিক উপাৰ্জন কৰা তাৰকাসকলৰ ভিতৰত অন্যতন এগৰাকী তাৰকা হৈছে আল্লু অৰ্জুন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু