--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিমান বন্দৰক লৈ সমুখ-সমৰত কংগ্ৰেছ আৰু বিজেপি৷ কংগ্ৰেছৰ বিধায়ক প্ৰসাদ আব্বাইয়ে মহীশূৰ বিমানবন্দৰৰ নাম টিপু চুলতানৰ নামেৰে সলনি কৰাৰ প্ৰস্তাৱক লৈ কৰ্ণাটক বিধানসভাত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলৰ চোকা সমালোচনাৰ সন্মুখীন হয়।

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে বিমানবন্দৰৰ নাম সলনি কৰিবলৈ কেন্দ্রলৈ লিখা সন্দৰ্ভত আলোচনাৰ সময়তে হুব্বল্লী-ধাৰৱাড় (পূব)ৰ বিধায়কগৰাকীয়ে এই প্ৰস্তাৱ আগবঢ়ায়।

অধিবেশনৰ সময়ত আব্বায়াই কয় যে, 'মই মহীশূৰ বিমানবন্দৰৰ নাম সলনি কৰি টিপু চুলতান বিমানবন্দৰ কৰাৰ প্ৰস্তাৱ দিছোঁ।'


ইয়াৰ ফলত বিজেপি বিধায়কসকলৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।আব্বাইয়ে আৰু কয়, "আমাৰ হুব্বলী বিমানবন্দৰৰ বাবে আমি ইয়াৰ নাম সাংগোল্লী ৰায়ন্না ৰাখিব বিচাৰো। আমি বেলাগাভি বিমানবন্দৰৰ নাম কিত্তুৰ ৰাণী চেন্নম্মাৰ নামেৰে, শিৱমোগ্গা বিমানবন্দৰৰ নাম ৰাষ্ট্ৰকবি কুভেম্পুৰ নামেৰে আৰু বিজয়াপুৰ বিমানবন্দৰৰ নাম জগজ্যোতি বাসৱন্নাৰ নামেৰে ৰাখিব বিচাৰো।"


বিধায়কজনে কয় যে -“বিধানসভাৰ সকলোৱে এই নামসমূহ প্ৰস্তাৱ কৰিছিল, আমাৰ মুখ্যমন্ত্ৰী ছিদ্দাৰমাইয়া আৰু আমাৰ মন্ত্ৰী এম বি পাটিলে সেই বিষয়ে বিশেষভাৱে সচেতন হৈ কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ প্ৰেৰণ কৰিছে আৰু মই এই সিদ্ধান্তক আদৰণি জনাইছো।”


উল্লেখ্য যে- কৰ্ণাটক চৰকাৰে বেলাগাভি বিমানবন্দৰৰ নাম কিত্তুৰ ৰাণী চেন্নম্মাৰ নামেৰে সলনি কৰাৰ পৰামৰ্শৰ ওপৰত চিন্তা-চৰ্চা কৰিছে।ৰাজ্যখনে আন বিমানবন্দৰসমূহৰ নামো স্বাধীনতা সংগ্ৰামী আৰু অন্যান্য মহান ব্যক্তিৰ নামেৰে নামাকৰণ কৰাৰ পৰিকল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement