--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিমান বন্দৰক লৈ সমুখ-সমৰত কংগ্ৰেছ আৰু বিজেপি৷ কংগ্ৰেছৰ বিধায়ক প্ৰসাদ আব্বাইয়ে মহীশূৰ বিমানবন্দৰৰ নাম টিপু চুলতানৰ নামেৰে সলনি কৰাৰ প্ৰস্তাৱক লৈ কৰ্ণাটক বিধানসভাত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলৰ চোকা সমালোচনাৰ সন্মুখীন হয়।

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে বিমানবন্দৰৰ নাম সলনি কৰিবলৈ কেন্দ্রলৈ লিখা সন্দৰ্ভত আলোচনাৰ সময়তে হুব্বল্লী-ধাৰৱাড় (পূব)ৰ বিধায়কগৰাকীয়ে এই প্ৰস্তাৱ আগবঢ়ায়।

অধিবেশনৰ সময়ত আব্বায়াই কয় যে, 'মই মহীশূৰ বিমানবন্দৰৰ নাম সলনি কৰি টিপু চুলতান বিমানবন্দৰ কৰাৰ প্ৰস্তাৱ দিছোঁ।'


ইয়াৰ ফলত বিজেপি বিধায়কসকলৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।আব্বাইয়ে আৰু কয়, "আমাৰ হুব্বলী বিমানবন্দৰৰ বাবে আমি ইয়াৰ নাম সাংগোল্লী ৰায়ন্না ৰাখিব বিচাৰো। আমি বেলাগাভি বিমানবন্দৰৰ নাম কিত্তুৰ ৰাণী চেন্নম্মাৰ নামেৰে, শিৱমোগ্গা বিমানবন্দৰৰ নাম ৰাষ্ট্ৰকবি কুভেম্পুৰ নামেৰে আৰু বিজয়াপুৰ বিমানবন্দৰৰ নাম জগজ্যোতি বাসৱন্নাৰ নামেৰে ৰাখিব বিচাৰো।"


বিধায়কজনে কয় যে -“বিধানসভাৰ সকলোৱে এই নামসমূহ প্ৰস্তাৱ কৰিছিল, আমাৰ মুখ্যমন্ত্ৰী ছিদ্দাৰমাইয়া আৰু আমাৰ মন্ত্ৰী এম বি পাটিলে সেই বিষয়ে বিশেষভাৱে সচেতন হৈ কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ প্ৰেৰণ কৰিছে আৰু মই এই সিদ্ধান্তক আদৰণি জনাইছো।”


উল্লেখ্য যে- কৰ্ণাটক চৰকাৰে বেলাগাভি বিমানবন্দৰৰ নাম কিত্তুৰ ৰাণী চেন্নম্মাৰ নামেৰে সলনি কৰাৰ পৰামৰ্শৰ ওপৰত চিন্তা-চৰ্চা কৰিছে।ৰাজ্যখনে আন বিমানবন্দৰসমূহৰ নামো স্বাধীনতা সংগ্ৰামী আৰু অন্যান্য মহান ব্যক্তিৰ নামেৰে নামাকৰণ কৰাৰ পৰিকল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক