--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰণোত্তৰ পৰীক্ষাৰ সময়ত এগৰাকী মহিলাৰ মৃতদেহৰ পৰা নাইকিয়া হ’ল চকু। ইয়াকে লৈ পৰিয়ালৰ মাজত হুলস্থূল লাগে। হাস্পতালতো লাগে হাহাকাৰ। মৃতদেহৰ পৰা কেনেকৈ নোহোৱা হব পাৰে চকু। চৰকাৰেও এই বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰে।
মহিলাৰ মৃতদেহৰ চকু আঁতৰোৱাৰ বিষয়টোক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰে চৰকাৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বদৌনত।

শুকুৰবাৰে উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ নিৰ্দেশমৰ্মে চিএমঅ’ ডাঃ প্ৰদীপ কুমাৰ বৰ্ণীক নিলম্বন কৰা হয়। তেওঁ লক্ষ্ণৌৰ চিকিৎসা আৰু স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান কাৰ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে। লগতে বিষয়টোৰ তদন্ত এডি হেল্থ ডাঃ পুষ্পা পন্ত ত্ৰিপাঠীৰ হাতত অৰ্পণ কৰা হৈছে।

যোৱা ১০ ডিচেম্বৰত মুজাৰিয়া থানা এলেকাৰ গাঁও ৰাছুলাৰ বাসিন্দা যোগেন্দ্ৰৰ পত্নী পূজাই (২০) আত্মহত্যা কৰিছিল। গাঁৱৰ কুত্ৰাইৰ নিবাসী তেওঁৰ পিতৃ গংগাচৰণে অভিযোগ কৰে যে তেওঁ জীয়েকৰ বিয়াত বহু যৌতুক দিছিল যদিও শহুৰেক-শাহুৱেক ইয়াকে লৈ সুখী নহয়। ইয়াৰ বাবেই পূজাক অত্যাচাৰ কৰি চিপ লগাই হত্যা কৰে। এই সন্দৰ্ভত মুজাৰিয়া আৰক্ষীয়ে ১০ ডিচেম্বৰৰ নিশা পূজাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

গোটেই ৰাতি তেওঁৰ মৃতদেহ মৰ্গত ৰখা হৈছিল। পাছদিনা দুপৰীয়া তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। যেতিয়া তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গৰ পৰা উলিয়াই অনা হৈছিল। তেতিয়া পৰিয়ালৰ লোকে দাবী কৰে যে তেওঁৰ চকু আছিল। মৰণোত্তৰ পৰীক্ষাৰ পাছত 
মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়াৰ পাছত শেষ ৰীতি-নীতি কৰিবৰ বাবে বডিবেগটো খুলি পৰিয়ালৰ লোক হতভম্ব হৈ পৰে। কিয়নো মহিলাগৰাকীৰ মৃতদেহৰ পৰা চকু দুটা নোহোৱা হৈছিল।

পৰিয়ালৰ অভিযোগৰ ভিত্তিত ডি এম মনোজ কুমাৰে মহিলাগৰাকীৰ মৃতদেহৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কৰি বিষয়টোৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰে। ইয়াৰ উপৰিও চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ব’ৰ্ডো গঠন কৰা হৈছে। প্ৰাথমিক তদন্তৰ ভিত্তিত মৰণোত্তৰ পৰীক্ষা কৰা দুজন চিকিৎসকক জেললৈ প্ৰেৰণ কৰা হৈছে।

শুকুৰবাৰে চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে। উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কঠোৰ স্থিতি গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁৰ নিৰ্দেশ অনুসৰি চিএমঅ’ ডাঃ প্ৰদীপ কুমাৰ বৰ্ণীক নিলম্বন কৰা হয়। ডাঃ প্ৰদীপ কুমাৰ বৰ্ণীয়ে গুৰুতৰভাৱে গাফিলতি কৰা বুলি গণ্য কৰা হৈছে। তেওঁ নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰা নাছিল বুলি অভিযোগ উত্থাপন হৈছে।

এই ঘটনাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে। বদৌনৰ চিএমঅ’ ড০ প্ৰদীপ কুমাৰ বৰ্ণীক চৰকাৰী দায়িত্ব আৰু কৰ্তব্য পালনত গাফিলতি কৰা বুলি ধৰা পৰে। মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসক আৰু অন্যান্য কৰ্মীসকলৰ সবিশেষ সংগ্ৰহ কৰিবলৈ বৰেলীৰ অতিৰিক্ত সঞ্চালকক নিৰ্দেশ দিছে উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক