--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায় টীম ইণ্ডিয়া। তাৰ পৰিপ্ৰেক্ষিতত সংযুক্ত আৰৱ আমিৰশ্বাহীলৈ স্থানান্তৰিত হ’ব পাৰে প্ৰতিযোগিতাখন। শেহতীয়াকৈ এই খবৰ ওলোৱাৰ লগে লগে পাকিস্তানেও দিছে কঠোৰ বাৰ্তা। ভাৰতত অনুষ্ঠিত হ’বলগা ২০২৩ চনৰ বিশ্বকাপ নেখেলাৰ হুংকাৰ দিছে দেশখনে।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন মুৰব্বী ৰমিজ ৰাজাই কয় যে যদি ভাৰতে এছিয়া কাপ খেলিবলৈ নাহে, তেন্তে তেওঁলোকেও ভাৰতলৈ বিশ্বকাপ খেলিবলৈ নাহে। পিচিবিৰ নতুন ব’ৰ্ডৰ মুৰব্বী নজাম শ্বেট্টীয়েও একেদৰেই কৈছে। তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহৰ সৈতে এছিয়া কাপৰ আয়োজন সন্দৰ্ভত আলোচনা কৰে। সেই আলোচনাৰ অন্তত পাকিস্তানৰ পৰা এছিয়া কাপ স্থানান্তৰিত হোৱাটো প্ৰায় নিশ্চিত। কিন্তু নাজামে হুংকাৰ দিছে যে পাকিস্তানে এইবাৰ বিশ্বকাপ নেখেলিবও পাৰে।

এজন পাকিস্তানী সাংবাদিকে প্ৰকাশ কৰা অনুসৰি, এছিয়ান ক্ৰিকেট কাউন্সিলৰ বৈঠকত নাজামে কৈছিল যে, “যদি ভাৰতে পাকিস্তানত খেলিবলৈ নাহে তেন্তে আমিও ভাৰতলৈ নাযাওঁ”।

প্ৰথম অৱস্থাত চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পাকিস্তানত এছিয়া কাপ অনুষ্ঠিত হ’ব বুলি নিশ্চিত কৰা হৈছিল। অৱশ্যে এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ জয় শ্বাহে যোৱা অক্টোবৰ মাহত ভাৰত পাকিস্তানলৈ নাযায় বুলি ঘোষণা কৰিছিল। সেয়ে এতিয়া নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব এছিয়া কাপ। ইয়াৰ পিছতে বহু বিতৰ্কৰ সৃষ্টি হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই