--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায় টীম ইণ্ডিয়া। তাৰ পৰিপ্ৰেক্ষিতত সংযুক্ত আৰৱ আমিৰশ্বাহীলৈ স্থানান্তৰিত হ’ব পাৰে প্ৰতিযোগিতাখন। শেহতীয়াকৈ এই খবৰ ওলোৱাৰ লগে লগে পাকিস্তানেও দিছে কঠোৰ বাৰ্তা। ভাৰতত অনুষ্ঠিত হ’বলগা ২০২৩ চনৰ বিশ্বকাপ নেখেলাৰ হুংকাৰ দিছে দেশখনে।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন মুৰব্বী ৰমিজ ৰাজাই কয় যে যদি ভাৰতে এছিয়া কাপ খেলিবলৈ নাহে, তেন্তে তেওঁলোকেও ভাৰতলৈ বিশ্বকাপ খেলিবলৈ নাহে। পিচিবিৰ নতুন ব’ৰ্ডৰ মুৰব্বী নজাম শ্বেট্টীয়েও একেদৰেই কৈছে। তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহৰ সৈতে এছিয়া কাপৰ আয়োজন সন্দৰ্ভত আলোচনা কৰে। সেই আলোচনাৰ অন্তত পাকিস্তানৰ পৰা এছিয়া কাপ স্থানান্তৰিত হোৱাটো প্ৰায় নিশ্চিত। কিন্তু নাজামে হুংকাৰ দিছে যে পাকিস্তানে এইবাৰ বিশ্বকাপ নেখেলিবও পাৰে।

এজন পাকিস্তানী সাংবাদিকে প্ৰকাশ কৰা অনুসৰি, এছিয়ান ক্ৰিকেট কাউন্সিলৰ বৈঠকত নাজামে কৈছিল যে, “যদি ভাৰতে পাকিস্তানত খেলিবলৈ নাহে তেন্তে আমিও ভাৰতলৈ নাযাওঁ”।

প্ৰথম অৱস্থাত চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পাকিস্তানত এছিয়া কাপ অনুষ্ঠিত হ’ব বুলি নিশ্চিত কৰা হৈছিল। অৱশ্যে এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ জয় শ্বাহে যোৱা অক্টোবৰ মাহত ভাৰত পাকিস্তানলৈ নাযায় বুলি ঘোষণা কৰিছিল। সেয়ে এতিয়া নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব এছিয়া কাপ। ইয়াৰ পিছতে বহু বিতৰ্কৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক