--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ বিশ্বকাপ চেম্পিয়ন হ’ল ভাৰত। দেওবাৰে বিশ্বকাপৰ ফাইনেল মেচত শ্বেফালী বাৰ্মাৰ দলে ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ইংলেণ্ডে ১৭.১ অভাৰত ৬৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৪ অভাৰত ৩ উইকেটত ৬৯ ৰান সংগ্ৰহ কৰে।

মন কৰিবলগীয়া যে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহতো ল’ৰাৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতে জয়লাভ কৰিছিল। তাৰপাছত মহিলা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপো জয় কৰিবলৈ সক্ষম হয় ভাৰতে।

কম ৰানৰ লক্ষ্যৰে আগবাঢ়িলেও ভাৰতৰ ইনিংছৰ আৰম্ভণি ভাল নহৈছিল। অধিনায়ক শ্বেফালিয়ে অপেনাৰ হিচাপে ১১টা বলত ১৫ ৰান সংগ্ৰহ কৰে। আন এগৰাকী অ’পেনাৰ শ্বেতা ছেহৰাৱাটেও ৫ ৰান সংগ্ৰহ কৰি আউট হয়। তৃতীয় উইকেটৰ যুটীত সৌম্যা তিৱাৰী আৰু গংগাদী তৃষাৰ অংশীদাৰিত্বই ভাৰতীয় ইনিংছক আত্মবিশ্বাস প্ৰদান কৰে। অৱশেষত ভাৰতে ২০ ৰানত ২ উইকেট হেৰুৱাই জয়লাভ কৰে। গংগাদীয়ে ২৪ ৰান আৰু সৌম্যা তিৱাৰীয়ে ২৯টা বলত ২৪ ৰান কৰে।

ইয়াৰ পূৰ্বে তিতাস সাধুৰ নেতৃত্বত বলিং আক্ৰমণেৰে ইংলেণ্ডৰ বেটাৰসকলক মেৰুদণ্ড ভাঙি দিয়ে ভাৰতে। ইংলেণ্ডৰ বেটছমেনসকলে তিতাসৰ বলিং চম্ভালিব নোৱাৰিলে। তেওঁ ৪ অভাৰত বলিং কৰি মাত্ৰ ৬ ৰান খৰচ কৰি ২টা উইকেট দখল কৰে। ভাৰতৰ বলাৰ অৰ্চনা দেৱী আৰু পাৰ্শ্বৱী চোপ্ৰাইও ইংলেণ্ডৰ বেটছমেনসকলকো অস্বস্তিত পেলাইছিল। প্ৰত্যেকেই দুটাকৈ উইকেট দখল কৰে। শ্বেফালী ভাৰ্মা, সোণম যাদৱ আৰু মন্নত কাশ্যপাৰাই এটাকৈ উইকেট লাভ কৰে।

ইংলেণ্ডৰ কোনেও বেটাৰে দলটোক আত্মবিশ্বাস দিব নোৱাৰিলে। তেওঁলোকৰ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহকাৰী মেকড’নাল্ড-গে।তেওঁ ২৪টা বলত ১৯ ৰান কৰে। মেচখনত মেন অৱ দ্য মেচ ভাৰতৰ বলাৰ তিতাসক প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক