--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ বিশ্বকাপ চেম্পিয়ন হ’ল ভাৰত। দেওবাৰে বিশ্বকাপৰ ফাইনেল মেচত শ্বেফালী বাৰ্মাৰ দলে ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ইংলেণ্ডে ১৭.১ অভাৰত ৬৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৪ অভাৰত ৩ উইকেটত ৬৯ ৰান সংগ্ৰহ কৰে।

মন কৰিবলগীয়া যে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহতো ল’ৰাৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতে জয়লাভ কৰিছিল। তাৰপাছত মহিলা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপো জয় কৰিবলৈ সক্ষম হয় ভাৰতে।

কম ৰানৰ লক্ষ্যৰে আগবাঢ়িলেও ভাৰতৰ ইনিংছৰ আৰম্ভণি ভাল নহৈছিল। অধিনায়ক শ্বেফালিয়ে অপেনাৰ হিচাপে ১১টা বলত ১৫ ৰান সংগ্ৰহ কৰে। আন এগৰাকী অ’পেনাৰ শ্বেতা ছেহৰাৱাটেও ৫ ৰান সংগ্ৰহ কৰি আউট হয়। তৃতীয় উইকেটৰ যুটীত সৌম্যা তিৱাৰী আৰু গংগাদী তৃষাৰ অংশীদাৰিত্বই ভাৰতীয় ইনিংছক আত্মবিশ্বাস প্ৰদান কৰে। অৱশেষত ভাৰতে ২০ ৰানত ২ উইকেট হেৰুৱাই জয়লাভ কৰে। গংগাদীয়ে ২৪ ৰান আৰু সৌম্যা তিৱাৰীয়ে ২৯টা বলত ২৪ ৰান কৰে।

ইয়াৰ পূৰ্বে তিতাস সাধুৰ নেতৃত্বত বলিং আক্ৰমণেৰে ইংলেণ্ডৰ বেটাৰসকলক মেৰুদণ্ড ভাঙি দিয়ে ভাৰতে। ইংলেণ্ডৰ বেটছমেনসকলে তিতাসৰ বলিং চম্ভালিব নোৱাৰিলে। তেওঁ ৪ অভাৰত বলিং কৰি মাত্ৰ ৬ ৰান খৰচ কৰি ২টা উইকেট দখল কৰে। ভাৰতৰ বলাৰ অৰ্চনা দেৱী আৰু পাৰ্শ্বৱী চোপ্ৰাইও ইংলেণ্ডৰ বেটছমেনসকলকো অস্বস্তিত পেলাইছিল। প্ৰত্যেকেই দুটাকৈ উইকেট দখল কৰে। শ্বেফালী ভাৰ্মা, সোণম যাদৱ আৰু মন্নত কাশ্যপাৰাই এটাকৈ উইকেট লাভ কৰে।

ইংলেণ্ডৰ কোনেও বেটাৰে দলটোক আত্মবিশ্বাস দিব নোৱাৰিলে। তেওঁলোকৰ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহকাৰী মেকড’নাল্ড-গে।তেওঁ ২৪টা বলত ১৯ ৰান কৰে। মেচখনত মেন অৱ দ্য মেচ ভাৰতৰ বলাৰ তিতাসক প্ৰদান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু