--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ১২৬১ কোটি টকা ব্যয়ৰে ‘মহিলা আত্ম-সহায়ক গোট’ক ড্ৰোন প্ৰদানৰ বাবে কেন্দ্ৰীয় খণ্ডৰ আঁচনিত অনুমোদন জনাইছে।এই আঁচনিৰ লক্ষ্য হৈছে কৃষিৰ উদ্দেশ্যে ২০২৩-২৪ৰ পৰা ২০২৫-২০২৬ বৰ্ষত ১৫,০০০ নিৰ্বাচিত ‘মহিলা আত্ম-সহায়ক গোট’-ক ‘ড্ৰোন’ প্ৰদান কৰা।

 প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই আঁচনিখনে ‘মহিলা আত্ম-সহায়ক গোট’সমূহক শক্তিশালী কৰাৰ লগতে কৃষি খণ্ডত ‘ড্ৰোন’ সেৱাৰ জৰিয়তে নতুন প্ৰযুক্তি ব্যৱহাৰৰ চেষ্টা কৰিছে।

আঁচনিখনৰ মুখ্য বিষয়সমূহ এনে  ধৰণৰ:

ক) এই আঁচনিখনে ‘কৃষি আৰু কৃষক কল্যাণ বিভাগ’ (ডিএ এণ্ড এফডব্লিউ), ‘গ্ৰামোন্নয়ন বিভাগ’ (ডিঅ'আৰডি) আৰু ‘সাৰ বিভাগ’ (ডিঅ'এফ), ‘মহিলা আত্ম সহায়ক গোট’ আৰু মুখ্য সাৰ কোম্পানী (এলএফচি)ৰ সম্পদ আৰু প্ৰচেষ্টাক একত্ৰিত কৰি সামগ্ৰিক হস্তক্ষেপৰ অনুমোদন জনাইছে।

খ) য'ত ‘ড্ৰোন’ৰ ব্যৱহাৰ অৰ্থনৈতিকভাৱে সম্ভৱ হয় সেইবোৰ উপযুক্ত খণ্ড চিনাক্ত কৰা হ'ব আৰু বিভিন্ন ৰাজ্যত চিনাক্ত কৰা খণ্ডসমূহত ১৫,০০০ ‘মহিলা আত্ম সহায়ক গোট’ চিনাক্ত কৰা হ'ব।

গ) ‘ড্ৰোন’ ক্ৰয়ৰ বাবে ‘মহিলা আত্ম সহায়ক গোট’সমূহক সৰ্বাধিক আঠ লাখ টকালৈকে ‘ড্ৰোন’ আৰু আনুষঙ্গিক সামগ্ৰী/আনুষঙ্গিক মাচুলৰ বাবদ @ ৮০% কেন্দ্ৰীয় বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। ‘আত্ম সহায়ক গোট’সমূহৰ ‘ক্লাষ্টাৰ পৰ্যায়ৰ ফেডাৰেশ্যন’ (চিএলএফ)য়ে ‘ৰাষ্ট্ৰীয় কৃষি আন্তঃগাথনি বিত্তীয়কৰণ সুবিধা’ (এআইএফ)ৰ অধীনত ঋণ হিচাপে বাকী থকা পৰিমাণ (ক্ৰয় বিয়োগ ৰাজসাহায্যৰ মুঠ ব্যয়) আহৰণ কৰিব পাৰিব। ‘এআইএফ’ ঋণৰ ক্ষেত্ৰত @ ৩% সূত ৰেহাইৰ সুবিধা প্ৰদান কৰা হ'ব।

ঘ) সুযোগপ্ৰাপক ‘মহিলা আত্ম সহায়ক গোট’সমূহৰ এগৰাকী সদস্য, ১৮ বছৰ আৰু অধিক বয়সৰ সদস্যসকলক ‘এছআৰএলএম’ আৰু ‘এলএফচি’-য়ে ১৫ দিনৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰিব, যাৰ ভিতৰত আছে ৫ দিনৰ বাধ্যতামূলক ‘ড্ৰোন পাইলট প্ৰশিক্ষণ’ আৰু কৃষিৰ পুষ্টি আৰু কীটনাশক প্ৰয়োগৰ বাবে অতিৰিক্ত ১০ দিনৰ প্ৰশিক্ষণ। বৈদ্যুতিক সামগ্ৰী, সংস্থাপন আৰু যান্ত্ৰিক কামৰ মেৰামতি কৰাৰ প্ৰৱণতা থকা ‘আত্ম সহায়ক গোট’-ৰ আন সদস্য / পৰিয়ালৰ সদস্যক ‘ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছন’ (এছআৰএলএম) আৰু ‘এলএফচি’-ৰ দ্বাৰা বাছনি কৰা হ'ব, যাক ‘ড্ৰোন টেকনিচিয়ান/সহায়ক’ হিচাপে প্ৰশিক্ষণ দিয়া হ'ব।  এই প্ৰশিক্ষণসমূহ ড্ৰোনৰ যোগানৰ লগতে এটা ‘পেকেজ’ হিচাপে প্ৰদান কৰা হ'ব।

ঙ) ‘ড্ৰোন কোম্পানী’ৰ জৰিয়তে ‘ড্ৰোন’ ক্ৰয়, ‘ড্ৰোন’ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ‘এছএইচজি’সমূহে সন্মুখীন হ'ব পৰা অসুবিধাৰ কথা বিবেচনা কৰি, ‘এলএফচি’-য়ে ‘ড্ৰোন যোগানকৰ্তা কোম্পানী’ আৰু ‘এছএইচজি’-ৰ মাজত এক সেতু হিচাপে কাম কৰিব।

চ) ‘এলএফচি’-য়ে ‘এছএইচজি’-ৰ সৈতে ‘ড্ৰোন’ৰ দ্বাৰা ‘নেনো ইউৰিয়া’ আৰু ‘নেনো ডিএপি’-ৰ দৰে নেনো সাৰৰ ব্যৱহাৰক উত্সাহিত কৰিব। ‘এছএইচজি’সমূহে কৃষকসকলক নেনো সাৰ আৰু কীটনাশক প্ৰয়োগৰ বাবে ‘ড্ৰোন সেৱা’ ভাড়াত দিব।

 

এইআঁচনিৰ অধীনত অনুমোদিত পদক্ষেপসমূহে ১৫,০০০ ‘এছএইচজি’-ক বহনক্ষম ব্যৱসায় আৰু জীৱিকাৰ সহায় আগবঢ়াব আৰু তেওঁলোকে বছৰি কমেও এক লাখ টকা অতিৰিক্ত ভাবে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement