--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুমান আচৰিত ধৰণৰ ভিডিঅ’ প্ৰায়ে ইণ্টাৰনেটত দেখা দিয়ে,  শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এনে এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত এজন আৰক্ষীয়ে নিজৰ জীৱন বিপন্ন কৰি এটা কপৌৰ জীৱন বচাবলৈ চেষ্টা কৰা দেখা গৈছে। 

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এই ভিডিঅ’টোৱে ব্যৱহাৰকাৰীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ভিডিঅ’টোত হাৰ্ডিঙৰ ওপৰত এদাল সূতাত আবদ্ধ হৈ থকা দেখা গৈছে এটা পাৰ চৰাই। সূতাদাল পাতল হোৱাৰ বাবে পাৰ চৰাইটোৱে ইয়াক দেখা নাপালে আৰু উৰণৰ সময়ত ইয়াৰ মাজত আবদ্ধ হৈ পৰে। যাৰ বাবে তেওঁ আঘাতপ্ৰাপ্ত হোৱাৰ পাছত উৰিব নোৱাৰে। এনে অৱস্থাত এজন যান-বাহন আৰক্ষীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহে।


এই ভিডিঅ’টো টুইটাৰযোগে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বাংগালুৰু আই পি এছ বিষয়া কুলদীপ কুমাৰ জৈনে। এই ভিডিঅ’টোত বেংগালুৰুৰ এজন যান-বাহন আৰক্ষীয়ে কোনো সুৰক্ষা সঁজুলি নোহোৱাকৈ এটা হাৰ্ডিঙত উঠি এটা কপৌ উদ্ধাৰ কৰা দেখা গৈছে। এইখিনি দেখাৰ পাছত ব্যৱহাৰকাৰীসকলে এই বেংগালুৰু আৰক্ষী জোৱানৰ সাহস‌ক চেলুট দিছে।

বৰ্তমান লাভ কৰা তথ্য অনুসৰি কপৌটোৰ প্ৰাণ ৰক্ষা কৰা ট্ৰেফিক পুলিচজনৰ নাম সুৰেশ বুলি কোৱা হৈছে। ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰা ভিডিঅ’টোৱে  ছ’চিয়েল মিডিয়াত এক লাখতকৈ অধিক ১৭ হাজাৰ ভিউ আৰু ৫ হাজাৰৰো অধিক লাইক লাভ কৰিছে। ব্যৱহাৰকাৰীসকলে অহৰহ আৰক্ষী জোৱানজনৰ শলাগ লোৱা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক