--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুমান আচৰিত ধৰণৰ ভিডিঅ’ প্ৰায়ে ইণ্টাৰনেটত দেখা দিয়ে,  শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এনে এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত এজন আৰক্ষীয়ে নিজৰ জীৱন বিপন্ন কৰি এটা কপৌৰ জীৱন বচাবলৈ চেষ্টা কৰা দেখা গৈছে। 

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এই ভিডিঅ’টোৱে ব্যৱহাৰকাৰীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ভিডিঅ’টোত হাৰ্ডিঙৰ ওপৰত এদাল সূতাত আবদ্ধ হৈ থকা দেখা গৈছে এটা পাৰ চৰাই। সূতাদাল পাতল হোৱাৰ বাবে পাৰ চৰাইটোৱে ইয়াক দেখা নাপালে আৰু উৰণৰ সময়ত ইয়াৰ মাজত আবদ্ধ হৈ পৰে। যাৰ বাবে তেওঁ আঘাতপ্ৰাপ্ত হোৱাৰ পাছত উৰিব নোৱাৰে। এনে অৱস্থাত এজন যান-বাহন আৰক্ষীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহে।


এই ভিডিঅ’টো টুইটাৰযোগে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বাংগালুৰু আই পি এছ বিষয়া কুলদীপ কুমাৰ জৈনে। এই ভিডিঅ’টোত বেংগালুৰুৰ এজন যান-বাহন আৰক্ষীয়ে কোনো সুৰক্ষা সঁজুলি নোহোৱাকৈ এটা হাৰ্ডিঙত উঠি এটা কপৌ উদ্ধাৰ কৰা দেখা গৈছে। এইখিনি দেখাৰ পাছত ব্যৱহাৰকাৰীসকলে এই বেংগালুৰু আৰক্ষী জোৱানৰ সাহস‌ক চেলুট দিছে।

বৰ্তমান লাভ কৰা তথ্য অনুসৰি কপৌটোৰ প্ৰাণ ৰক্ষা কৰা ট্ৰেফিক পুলিচজনৰ নাম সুৰেশ বুলি কোৱা হৈছে। ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰা ভিডিঅ’টোৱে  ছ’চিয়েল মিডিয়াত এক লাখতকৈ অধিক ১৭ হাজাৰ ভিউ আৰু ৫ হাজাৰৰো অধিক লাইক লাভ কৰিছে। ব্যৱহাৰকাৰীসকলে অহৰহ আৰক্ষী জোৱানজনৰ শলাগ লোৱা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু