--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে কেৱল পুৰুষৰ বিৰুদ্ধে নহয়, প্ৰয়োজনত মহিলাৰ বিৰুদ্ধেও দলৱদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰিব পৰা যাব। ন্যায়াধীশ শেখৰকুমাৰ যাদৱৰ একক বিচাৰপীঠে ২০১৩ চনত সংশোধিত ভাৰতীয় দণ্ডবিধিৰ ১৮৬০ চনৰ ১৩ নং আইন মানি চলি এই মন্তব্য কৰে।

ন্যায়াধীশ যাদৱে তেওঁৰ পৰ্যবেক্ষণত কয়, ''কোনো মহিলাই অকলে ধৰ্ষণ কৰিব নোৱাৰে। কিন্তু যদি তেওঁ এদল মানুহৰ সৈতে এই কাৰ্য্য (ধৰ্ষণ) কৰাত সহায় কৰে, তেন্তে তেওঁৰ বিৰুদ্ধেও দলবদ্ধ ধৰ্ষণৰ গোচৰো দাখিল কৰিব পাৰি।'' ২০১৩ চনত সংশোধিত ৩৭৫ আৰু ৩৭৬(ই)ৰ নতুন ব্যাখ্যা দি তেওঁ এই কথা কয়।

প্ৰসংগক্ৰমে, ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাত মহিলাৰ ইচ্ছাৰ বিৰুদ্ধে আৰু বলপূৰ্বক বা ভয় দেখুৱাই যৌন সম্পৰ্ক আইনৰ দৃষ্টিত এক জঘন্য অপৰাধ। যদি মহিলাগৰাকীৰ বয়স ১৬ বছৰৰ তলৰ হয় তেন্তে ইয়াক ইচ্ছাকৃতভাৱে আৰু অনিচ্ছাকৃতভাৱে অপৰাধ হিচাপে গণ্য কৰা হ’ব। আনহাতে, ২০১২ চনত দিল্লীত নিৰ্ভয়া গোচৰৰ পিছত ফৌজদাৰী দণ্ডবিধিৰ সংশোধন কৰি ৩৭৬ নং অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা হয়, য’ত উল্লেখ কৰা হৈছে যে ধৰ্ষণৰ শাস্তি ‘মৃত্যুৰ পৰ্যন্ত’।

ন্যায়াধীশ যাদৱে কয় যে ‘গেং ৰেপত জড়িত ব্যক্তি’ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ব্যৱস্থা থকা ফৌজদাৰী দণ্ডবিধিৰ সকলো ধাৰাত মহিলাক অন্তৰ্ভুক্ত কৰিব পাৰি। এই প্ৰসংগত তেওঁৰ মন্তব্য, "ব্যক্তিৰ অৰ্থ সংকীৰ্ণভাৱে কেৱল পুৰুষকেই বুজোৱা হোৱা নাই।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু