--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে কেৱল পুৰুষৰ বিৰুদ্ধে নহয়, প্ৰয়োজনত মহিলাৰ বিৰুদ্ধেও দলৱদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰিব পৰা যাব। ন্যায়াধীশ শেখৰকুমাৰ যাদৱৰ একক বিচাৰপীঠে ২০১৩ চনত সংশোধিত ভাৰতীয় দণ্ডবিধিৰ ১৮৬০ চনৰ ১৩ নং আইন মানি চলি এই মন্তব্য কৰে।

ন্যায়াধীশ যাদৱে তেওঁৰ পৰ্যবেক্ষণত কয়, ''কোনো মহিলাই অকলে ধৰ্ষণ কৰিব নোৱাৰে। কিন্তু যদি তেওঁ এদল মানুহৰ সৈতে এই কাৰ্য্য (ধৰ্ষণ) কৰাত সহায় কৰে, তেন্তে তেওঁৰ বিৰুদ্ধেও দলবদ্ধ ধৰ্ষণৰ গোচৰো দাখিল কৰিব পাৰি।'' ২০১৩ চনত সংশোধিত ৩৭৫ আৰু ৩৭৬(ই)ৰ নতুন ব্যাখ্যা দি তেওঁ এই কথা কয়।

প্ৰসংগক্ৰমে, ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাত মহিলাৰ ইচ্ছাৰ বিৰুদ্ধে আৰু বলপূৰ্বক বা ভয় দেখুৱাই যৌন সম্পৰ্ক আইনৰ দৃষ্টিত এক জঘন্য অপৰাধ। যদি মহিলাগৰাকীৰ বয়স ১৬ বছৰৰ তলৰ হয় তেন্তে ইয়াক ইচ্ছাকৃতভাৱে আৰু অনিচ্ছাকৃতভাৱে অপৰাধ হিচাপে গণ্য কৰা হ’ব। আনহাতে, ২০১২ চনত দিল্লীত নিৰ্ভয়া গোচৰৰ পিছত ফৌজদাৰী দণ্ডবিধিৰ সংশোধন কৰি ৩৭৬ নং অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা হয়, য’ত উল্লেখ কৰা হৈছে যে ধৰ্ষণৰ শাস্তি ‘মৃত্যুৰ পৰ্যন্ত’।

ন্যায়াধীশ যাদৱে কয় যে ‘গেং ৰেপত জড়িত ব্যক্তি’ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ব্যৱস্থা থকা ফৌজদাৰী দণ্ডবিধিৰ সকলো ধাৰাত মহিলাক অন্তৰ্ভুক্ত কৰিব পাৰি। এই প্ৰসংগত তেওঁৰ মন্তব্য, "ব্যক্তিৰ অৰ্থ সংকীৰ্ণভাৱে কেৱল পুৰুষকেই বুজোৱা হোৱা নাই।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ