--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফ্ৰেংক হুগাৰবিটছ এজন গৱেষক৷ এইগৰাকী গৱেষকেই কৰিছিল  তুৰস্ক আৰু ইয়াৰ চুবুৰীয়া অঞ্চলত এক শক্তিশালী ভূমিকম্পৰ  ভৱিষ্যতবাণী৷  ফ্ৰেংক হুগাৰবিটছৰ ভৱিষ্যতবাণী এতিয়া আখৰে আখৰে মিলিছে৷  সেয়ে প্ৰথমাৱস্থাত গৱেষকগৰাকীৰ কথাৰ প্ৰতি কোনেও বিশেষ  মনোযোগ দিয়া নাছিল যদিও এতিয়া তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷  

উল্লেখ্য ফ্ৰেংক হুগাৰবিটছে তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পই সংহাৰৰ সৃষ্টি কৰাৰ কেইদিনমান আগতে তেনে এটা ভূমিকম্পৰ ভৱিষ্যতবাণী কৰিছিল৷ ভূমিকম্পত ৩০,০০০ ৰো অধিক লোকৰ মৃত্যু হ’ব পাৰে বুলিও ফ্ৰেংক হুগাৰবিটছে  ভৱিষ্যতবাণী কৰিছিল। তেওঁৰ ভৱিষ্যতবাণী সঁচা হোৱাৰ লগে লগে হুগাৰবীটছৰ আন এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷  ভিডিঅ’টোত কোৱা হৈছে যে  ভাৰতীয় উপমহাদেশত এটা ডাঙৰ ভূমিকম্পই সংহাৰৰ সৃষ্টি কৰিব পাৰে আৰু ভাৰত মহাসাগৰ অঞ্চলত (আইঅআৰ) এই ভূমিকম্পই  প্ৰভাৱ পেলাব পাৰে।
ভিডিঅ'টোত তেওঁক ভূমিকম্পৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰাও দেখা গৈছে৷ তেওঁ বৈজ্ঞানিক সূত্ৰৰ সহায়ত তেনে ভৱিষ্যতবাণী কৰা বুলিও দাবী কৰিছে৷ অৱশ্যে গৱেষকগৰাকীৰ এনে দাবীৰ মাজতে মাৰ্কিন ভূকম্প জৰিপ বিভাগ  ইউএছজিএছে কৈছে যে  ইউএছজিএছ বা আন কোনো বিজ্ঞানীয়ে কেতিয়াও ডাঙৰ ভূমিকম্পৰ ভৱিষ্যতবাণী কৰা নাই।  ইউএছজিএছৰ বিজ্ঞানীসকলে কেৱল এক গুৰুত্বপূৰ্ণ ভূমিকম্প হোৱাৰ সম্ভাৱনা গণনা কৰিব পাৰে (এক নিৰ্দিষ্ট সংখ্যক বছৰৰ ভিতৰত এটা নিৰ্দিষ্ট এলেকাত।) ভূমিকম্পৰ পূৰ্বানুমানত ৩ টা উপাদান নিৰ্ধাৰণ কৰিব লাগিব: ১) তাৰিখ আৰু সময়, ২) অৱস্থান, আৰু ৩) প্ৰাবল্য। কিছুমান লোকে দাবী কৰে  যে তেওঁলোকে ভূমিকম্পৰ পূৰ্বানুমান কৰিব পাৰে, কিন্তু তেওঁলোকৰ মন্তব্য মিছা হোৱাৰ উদাহৰণ বহুত৷কাৰণ  সেইবোৰ বৈজ্ঞানিক প্ৰমাণৰ ওপৰত আধাৰিত নহয় আৰু ভূমিকম্প এক বৈজ্ঞানিক প্ৰক্ৰিয়াৰ অংশহে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু