--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত লোকসভা নিৰ্বাচন। তাৰ আগতে নৰেন্দ্ৰ মোডী চৰকাৰে এইবাৰ মহিলা সংৰক্ষণৰ ‘ট্ৰাম্প কাৰ্ড’ খেলিবলৈ ওলাইছে। এই বিধেয়কখন মঙলবাৰে সংসদৰ বিশেষ অধিৱেশনত উত্থাপন কৰা হয়।

ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে নিজেই বিধেয়কখনৰ পক্ষৰ ইংগিত দিছে। সংসদৰ বিশেষ অধিৱেশনত ‘ঐতিহাসিক সিদ্ধান্ত’ লোৱা হ’ব বুলিও তেওঁ কয়। সংসদত মহিলাৰ সংখ্যা আৰু অংশগ্ৰহণ বৃদ্ধি পোৱা বুলিও মোদীয়ে কয়। এই পৰ্যন্ত ৭৫০০ সাংসদৰ ভিতৰত ৬০০ গৰাকী সাংসদ মহিলা। মোডীৰ ভাষণে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভতো জল্পনা-কল্পনাৰ ইন্ধন যোগাইছিল।

কেন্দ্ৰীয় কেবিনেট বৈঠকত মহিলা সংৰক্ষণ বিধেয়কক অনুমোদনৰ মোহৰ দিয়াৰ কথা জানিব পাৰি কংগ্ৰেছৰ হৈ ৰাহুল গান্ধীয়ে বিধেয়কখনৰ প্ৰতি নিঃচৰ্ত সমৰ্থন প্ৰকাশ কৰে।

যোৱা কেইটামান দশকৰ লোকসভা নিৰ্বাচনৰ পৰিসংখ্যা যদি আমি চাওঁ তেন্তে দেখা যাব যে মহিলা ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। সেই মহিলা ভোট বেংকত অধিক আসন স্থাপন কৰিব বিচাৰিছে মোডী চৰকাৰে।

মহিলা সংৰক্ষণ বিধেয়কত কি আছে? এই বিধেয়কখন গৃহীত হ’লে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। লোকসভাত মুঠ আসনৰ সংখ্যা হ’ল ৫৪৩খন। যদি মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হয় তেন্তে ইয়াৰে ১৮১খন আসন কেৱল মহিলাৰ বাবে সংৰক্ষিত হ’ব।

ইয়াৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ চেষ্টা কৰা হৈছিল। মনমোহন সিং চৰকাৰৰ দিনত ২০০৮ চনত মহিলাৰ বাবে আসন সংৰক্ষণৰ বাবে ১০৮ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল। ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হয়। কংগ্ৰেছৰ উপৰিও বিজেপি আৰু বাওঁপন্থী দলসমূহো এই বিধেয়কখনৰ পক্ষত আছিল। কিন্তু বিৰোধিতা কৰিলে আৰজেডি, সমাজবাদী পাৰ্টিয়ে। এই বিধেয়কখন লোকসভাত গৃহীত হ’ব পৰা নাছিল।






কংগ্ৰেছ চৰকাৰৰ দিনত মহিলা সংৰক্ষণ বিধেয়কত কোৱা হৈছিল যে লোকসভা আৰু বিধানসভাৰ আসন ১৫ বছৰৰ বাবে মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব। কিন্তু এই বিধেয়কখনৰ বিৰুদ্ধে আপত্তি কৰাৰ আন এটা কাৰণ আছিল।

মনমোহন চৰকাৰৰ বিধেয়কত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত হ’ব বুলি উল্লেখ কৰা হৈছে। অ’বিচি মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা সেই বিধেয়কত নাছিল।

আৰজেডি, এছ পিৰ দৰে দলসমূহে অবিচি মহিলাৰ বাবেও আসন সংৰক্ষিত কৰিবলৈ দাবী জনায়। দলসমূহৰ দাবী এতিয়াও একেই।

মোডী চৰকাৰৰ বিধেয়কত অ’বিচিৰ সংৰক্ষণ সন্দৰ্ভত পৰিৱৰ্তন হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। কাৰণ, লোকসভা নির্বাচনৰ পূর্বে অবিচি ভোট বেংকটোও চৰকাৰৰ মনত আছে৷

অ’বিচিৰ বাবে লোকসভা আৰু বিধানসভাৰ ২৫ শতাংশ আসন সংৰক্ষণৰ বিল আনিব পাৰে মোডী চৰকাৰে। বৰ্তমান অনুসূচিত জাতিৰ বাবেহে আসন সংৰক্ষিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল