--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত লোকসভা নিৰ্বাচন। তাৰ আগতে নৰেন্দ্ৰ মোডী চৰকাৰে এইবাৰ মহিলা সংৰক্ষণৰ ‘ট্ৰাম্প কাৰ্ড’ খেলিবলৈ ওলাইছে। এই বিধেয়কখন মঙলবাৰে সংসদৰ বিশেষ অধিৱেশনত উত্থাপন কৰা হয়।

ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে নিজেই বিধেয়কখনৰ পক্ষৰ ইংগিত দিছে। সংসদৰ বিশেষ অধিৱেশনত ‘ঐতিহাসিক সিদ্ধান্ত’ লোৱা হ’ব বুলিও তেওঁ কয়। সংসদত মহিলাৰ সংখ্যা আৰু অংশগ্ৰহণ বৃদ্ধি পোৱা বুলিও মোদীয়ে কয়। এই পৰ্যন্ত ৭৫০০ সাংসদৰ ভিতৰত ৬০০ গৰাকী সাংসদ মহিলা। মোডীৰ ভাষণে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভতো জল্পনা-কল্পনাৰ ইন্ধন যোগাইছিল।

কেন্দ্ৰীয় কেবিনেট বৈঠকত মহিলা সংৰক্ষণ বিধেয়কক অনুমোদনৰ মোহৰ দিয়াৰ কথা জানিব পাৰি কংগ্ৰেছৰ হৈ ৰাহুল গান্ধীয়ে বিধেয়কখনৰ প্ৰতি নিঃচৰ্ত সমৰ্থন প্ৰকাশ কৰে।

যোৱা কেইটামান দশকৰ লোকসভা নিৰ্বাচনৰ পৰিসংখ্যা যদি আমি চাওঁ তেন্তে দেখা যাব যে মহিলা ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। সেই মহিলা ভোট বেংকত অধিক আসন স্থাপন কৰিব বিচাৰিছে মোডী চৰকাৰে।

মহিলা সংৰক্ষণ বিধেয়কত কি আছে? এই বিধেয়কখন গৃহীত হ’লে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। লোকসভাত মুঠ আসনৰ সংখ্যা হ’ল ৫৪৩খন। যদি মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হয় তেন্তে ইয়াৰে ১৮১খন আসন কেৱল মহিলাৰ বাবে সংৰক্ষিত হ’ব।

ইয়াৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ চেষ্টা কৰা হৈছিল। মনমোহন সিং চৰকাৰৰ দিনত ২০০৮ চনত মহিলাৰ বাবে আসন সংৰক্ষণৰ বাবে ১০৮ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল। ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হয়। কংগ্ৰেছৰ উপৰিও বিজেপি আৰু বাওঁপন্থী দলসমূহো এই বিধেয়কখনৰ পক্ষত আছিল। কিন্তু বিৰোধিতা কৰিলে আৰজেডি, সমাজবাদী পাৰ্টিয়ে। এই বিধেয়কখন লোকসভাত গৃহীত হ’ব পৰা নাছিল।






কংগ্ৰেছ চৰকাৰৰ দিনত মহিলা সংৰক্ষণ বিধেয়কত কোৱা হৈছিল যে লোকসভা আৰু বিধানসভাৰ আসন ১৫ বছৰৰ বাবে মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব। কিন্তু এই বিধেয়কখনৰ বিৰুদ্ধে আপত্তি কৰাৰ আন এটা কাৰণ আছিল।

মনমোহন চৰকাৰৰ বিধেয়কত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত হ’ব বুলি উল্লেখ কৰা হৈছে। অ’বিচি মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা সেই বিধেয়কত নাছিল।

আৰজেডি, এছ পিৰ দৰে দলসমূহে অবিচি মহিলাৰ বাবেও আসন সংৰক্ষিত কৰিবলৈ দাবী জনায়। দলসমূহৰ দাবী এতিয়াও একেই।

মোডী চৰকাৰৰ বিধেয়কত অ’বিচিৰ সংৰক্ষণ সন্দৰ্ভত পৰিৱৰ্তন হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। কাৰণ, লোকসভা নির্বাচনৰ পূর্বে অবিচি ভোট বেংকটোও চৰকাৰৰ মনত আছে৷

অ’বিচিৰ বাবে লোকসভা আৰু বিধানসভাৰ ২৫ শতাংশ আসন সংৰক্ষণৰ বিল আনিব পাৰে মোডী চৰকাৰে। বৰ্তমান অনুসূচিত জাতিৰ বাবেহে আসন সংৰক্ষিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা