--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন কৃতবিদ্য ভাৰতীয়৷যাৰ অকণমান কৰ্মই সফল কৰি তুলিছিল চন্দ্ৰযান-৩৷ ইছৰোৰ চন্দ্ৰযান-৩ লঞ্চপেড নিৰ্মাণৰ কাম কৰা এইচ ই চি (হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন লিমিটেড)ৰ টেকনিচিয়ান দীপক কুমাৰ উপৰাৰিয়াই ৰাঁচীৰ পথৰ কাষৰ ষ্টলত ইডলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। বিবিচিৰ মতে, ৰাঁচীৰ ধুৰৱা অঞ্চলত পুৰণি বিধানসভাৰ বিপৰীতে উপৰিয়াৰ এখন দোকান আছে। চন্দ্ৰযান-৩ৰ বাবে ফল্ডিং প্লেটফৰ্ম আৰু স্লাইডিং দুৱাৰ নিৰ্মাণ কৰা এইচ ই চি - ভাৰত চৰকাৰৰ কোম্পানীয়ে ১৮ মাহৰ দৰমহা নিদিয়াৰ পাছতে পথৰ কাষৰ ষ্টলখন খুলিছিল।

চন্দ্ৰযান-৩ আগষ্ট মাহত চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৃষ্ঠত সফল অৱতৰণ কৰিছিল আৰু ইয়াৰ লগে লগে ভাৰত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনোৱাৰ লগতে চন্দ্ৰযান-৩ অভিযানৰ লঞ্চপেড কৰ্মীসকলকো সম্বোধন কৰিছিল। কিন্তু ইয়াৰ পটভূমিত ৰাঁচীৰ এইচ ই চিৰ কৰ্মচাৰীসকলে ১৮ মাহৰ বকেয়া দৰমহাৰ প্ৰতিবাদ সাব্যস্ত কৰে।বিবিচিৰ তথ্য অনুসৰি এইচ ই চিৰ প্ৰায় ২৮০০ কৰ্মচাৰীয়ে দাবী কৰে যিয়ে বিগত ১৮ মাহৰ পৰা দৰমহা লাভ কৰা নাই। তাৰ ভিতৰত আছে এই টেকনিচিয়ানজন।

সংবাদ প্ৰতিষ্ঠানটোৰ সৈতে হোৱা কথা-বতৰাত  উপৰাৰিয়াই কয় যে তেওঁ যোৱা কেইদিনমানৰ পৰা ইডলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। দোকান আৰু অফিচৰ কাম একেলগে পৰিচালনা কৰি আহিছে। টেকনিচিয়ানজনে ৰাতিপুৱা ইডলি বিক্ৰী কৰি দুপৰীয়া অফিচলৈ যায়। সন্ধিয়া ঘৰলৈ উভতি যোৱাৰ আগতে পুনৰ ইডলি বিক্ৰী কৰে।

ইফালে বিবিচিৰ তথ্য অনুসৰি এই পৰিস্থিতি কেৱল দীপক উপৰাৰিয়াৰ বাবেই নহয়। তেওঁৰ দৰে এইচ ই চিৰ লগত জড়িত আন একাংশ লোকেও একেধৰণৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল