--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন কৃতবিদ্য ভাৰতীয়৷যাৰ অকণমান কৰ্মই সফল কৰি তুলিছিল চন্দ্ৰযান-৩৷ ইছৰোৰ চন্দ্ৰযান-৩ লঞ্চপেড নিৰ্মাণৰ কাম কৰা এইচ ই চি (হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন লিমিটেড)ৰ টেকনিচিয়ান দীপক কুমাৰ উপৰাৰিয়াই ৰাঁচীৰ পথৰ কাষৰ ষ্টলত ইডলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। বিবিচিৰ মতে, ৰাঁচীৰ ধুৰৱা অঞ্চলত পুৰণি বিধানসভাৰ বিপৰীতে উপৰিয়াৰ এখন দোকান আছে। চন্দ্ৰযান-৩ৰ বাবে ফল্ডিং প্লেটফৰ্ম আৰু স্লাইডিং দুৱাৰ নিৰ্মাণ কৰা এইচ ই চি - ভাৰত চৰকাৰৰ কোম্পানীয়ে ১৮ মাহৰ দৰমহা নিদিয়াৰ পাছতে পথৰ কাষৰ ষ্টলখন খুলিছিল।

চন্দ্ৰযান-৩ আগষ্ট মাহত চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৃষ্ঠত সফল অৱতৰণ কৰিছিল আৰু ইয়াৰ লগে লগে ভাৰত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনোৱাৰ লগতে চন্দ্ৰযান-৩ অভিযানৰ লঞ্চপেড কৰ্মীসকলকো সম্বোধন কৰিছিল। কিন্তু ইয়াৰ পটভূমিত ৰাঁচীৰ এইচ ই চিৰ কৰ্মচাৰীসকলে ১৮ মাহৰ বকেয়া দৰমহাৰ প্ৰতিবাদ সাব্যস্ত কৰে।বিবিচিৰ তথ্য অনুসৰি এইচ ই চিৰ প্ৰায় ২৮০০ কৰ্মচাৰীয়ে দাবী কৰে যিয়ে বিগত ১৮ মাহৰ পৰা দৰমহা লাভ কৰা নাই। তাৰ ভিতৰত আছে এই টেকনিচিয়ানজন।

সংবাদ প্ৰতিষ্ঠানটোৰ সৈতে হোৱা কথা-বতৰাত  উপৰাৰিয়াই কয় যে তেওঁ যোৱা কেইদিনমানৰ পৰা ইডলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। দোকান আৰু অফিচৰ কাম একেলগে পৰিচালনা কৰি আহিছে। টেকনিচিয়ানজনে ৰাতিপুৱা ইডলি বিক্ৰী কৰি দুপৰীয়া অফিচলৈ যায়। সন্ধিয়া ঘৰলৈ উভতি যোৱাৰ আগতে পুনৰ ইডলি বিক্ৰী কৰে।

ইফালে বিবিচিৰ তথ্য অনুসৰি এই পৰিস্থিতি কেৱল দীপক উপৰাৰিয়াৰ বাবেই নহয়। তেওঁৰ দৰে এইচ ই চিৰ লগত জড়িত আন একাংশ লোকেও একেধৰণৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা