--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৭ বছৰীয়া অপেক্ষাৰ অন্তত লোকসভাত বুধবাৰে গৃহীত হয়  মহিলা সংৰক্ষণ বিধেয়ক৷ ৷ এনে সময়তে এআইএমআইএমৰ হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ৱাইচিয়ে  লোকসভাত কেন্দ্ৰই উত্থাপন কৰা মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰে৷ বিধেয়কখনৰ বিৰুদ্ধে বক্তব্য ৰাখি এআইএমআইএম নেতাজনে কয়, 'বিধেয়কখন ভাৰতৰ মুছলমানসকলৰ বিৰুদ্ধে। ই  মুছলমান সম্প্ৰদায়ক প্ৰতাৰণা কৰিছে। ''


হায়দৰাবাদৰ সাংসদগৰাকীয়ে লগতে কয়, "মোদী চৰকাৰে কেৱল 'সবৰ্ণ' মহিলাৰ বাবে প্ৰতিনিধিত্ব বৃদ্ধি কৰিব বিচাৰিছে। এই বিধেয়কখনে অ'বিচি আৰু মুছলমান মহিলাসকলৰ প্ৰতিনিধিত্ব প্ৰভাৱান্বিত নকৰে।" তেওঁ লগতে  কয়, "এয়া মহিলা প্ৰবঞ্চনা বিধেয়ক, ই অ'বিচি বিৰোধী, মুছলমান বিৰোধী বিধেয়ক।"ৱাইচিয়ে মঙলবাৰেও   'নাৰী শক্তি বন্দন অধিনিয়াম' (মহিলা সংৰক্ষণ বিধেয়ক)ৰ প্ৰতি অসন্তুষ্টি  প্ৰকাশ কৰি কৈছিল যে তেওঁ বিধেয়কখনৰ বিৰোধী৷  কিয়নো বিধেয়ক খনত মুছলমান আৰু অ'বিচি সম্প্ৰদায়ৰ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰখা নাই ৷



 

" কাক প্ৰতিনিধিত্ব দিয়া হৈছে? যিসকলৰ প্ৰতিনিধিত্ব নাই তেওঁলোকক প্ৰতিনিধিত্ব দিয়া উচিত। এই বিধেয়কৰ মুখ্য ত্ৰুটিটো হ'ল যে মুছলমান আৰু অ'বিচি সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে কোনো সংৰক্ষণ  নাই, সেয়েহে আমি ইয়াৰ বিৰোধী," ৱাইছিয়ে কয়৷

"আপুনি এখন বিধেয়ক প্ৰস্তুত কৰিছে  যাতে মহিলাসকলৰ সকলৰ প্ৰতিনিধিত্ব থাকে। এতিয়ালৈকে, ১৭  টা লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে য'ত ৮,৯৯২ গৰাকী  সাংসদ নিৰ্বাচিত হৈছে। ইয়াৰ ভিতৰত মাত্ৰ ৫২০ গৰাকী  মুছলমান আছিল আৰু ইয়াত এগৰাকী মহিলাও নাছিল। " তেওঁ কয়।
 

উল্লেখ্য কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ১৯ ছেপ্টেম্বৰত নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথম বৈঠকত বিধেয়কখন উত্থাপন কৰিছিল। মেঘৱালে বিধেয়কখন উত্থাপন কৰাৰ সময়ত কৈছিল যে নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ পিছত লোকসভাত মহিলাৰ আসনৰ সংখ্যা ১৮১ লৈ বৃদ্ধি পাব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ