--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৭ বছৰীয়া অপেক্ষাৰ অন্তত লোকসভাত বুধবাৰে গৃহীত হয়  মহিলা সংৰক্ষণ বিধেয়ক৷ ৷ এনে সময়তে এআইএমআইএমৰ হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ৱাইচিয়ে  লোকসভাত কেন্দ্ৰই উত্থাপন কৰা মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰে৷ বিধেয়কখনৰ বিৰুদ্ধে বক্তব্য ৰাখি এআইএমআইএম নেতাজনে কয়, 'বিধেয়কখন ভাৰতৰ মুছলমানসকলৰ বিৰুদ্ধে। ই  মুছলমান সম্প্ৰদায়ক প্ৰতাৰণা কৰিছে। ''


হায়দৰাবাদৰ সাংসদগৰাকীয়ে লগতে কয়, "মোদী চৰকাৰে কেৱল 'সবৰ্ণ' মহিলাৰ বাবে প্ৰতিনিধিত্ব বৃদ্ধি কৰিব বিচাৰিছে। এই বিধেয়কখনে অ'বিচি আৰু মুছলমান মহিলাসকলৰ প্ৰতিনিধিত্ব প্ৰভাৱান্বিত নকৰে।" তেওঁ লগতে  কয়, "এয়া মহিলা প্ৰবঞ্চনা বিধেয়ক, ই অ'বিচি বিৰোধী, মুছলমান বিৰোধী বিধেয়ক।"ৱাইচিয়ে মঙলবাৰেও   'নাৰী শক্তি বন্দন অধিনিয়াম' (মহিলা সংৰক্ষণ বিধেয়ক)ৰ প্ৰতি অসন্তুষ্টি  প্ৰকাশ কৰি কৈছিল যে তেওঁ বিধেয়কখনৰ বিৰোধী৷  কিয়নো বিধেয়ক খনত মুছলমান আৰু অ'বিচি সম্প্ৰদায়ৰ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰখা নাই ৷



 

" কাক প্ৰতিনিধিত্ব দিয়া হৈছে? যিসকলৰ প্ৰতিনিধিত্ব নাই তেওঁলোকক প্ৰতিনিধিত্ব দিয়া উচিত। এই বিধেয়কৰ মুখ্য ত্ৰুটিটো হ'ল যে মুছলমান আৰু অ'বিচি সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে কোনো সংৰক্ষণ  নাই, সেয়েহে আমি ইয়াৰ বিৰোধী," ৱাইছিয়ে কয়৷

"আপুনি এখন বিধেয়ক প্ৰস্তুত কৰিছে  যাতে মহিলাসকলৰ সকলৰ প্ৰতিনিধিত্ব থাকে। এতিয়ালৈকে, ১৭  টা লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে য'ত ৮,৯৯২ গৰাকী  সাংসদ নিৰ্বাচিত হৈছে। ইয়াৰ ভিতৰত মাত্ৰ ৫২০ গৰাকী  মুছলমান আছিল আৰু ইয়াত এগৰাকী মহিলাও নাছিল। " তেওঁ কয়।
 

উল্লেখ্য কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ১৯ ছেপ্টেম্বৰত নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথম বৈঠকত বিধেয়কখন উত্থাপন কৰিছিল। মেঘৱালে বিধেয়কখন উত্থাপন কৰাৰ সময়ত কৈছিল যে নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ পিছত লোকসভাত মহিলাৰ আসনৰ সংখ্যা ১৮১ লৈ বৃদ্ধি পাব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল