--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেত্ৰী উমা ভাৰতীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি মহিলা সংৰক্ষণ বিধেয়কত   পিছপৰা সম্প্ৰদায়ৰ বাবে ৫০% সংৰক্ষণ  দাবী জনালে৷ উমা ভাৰতীয়ে কয় যে আইনী সংস্থাসমূহত মহিলাসকলৰ বাবে নিশ্চিত কৰা ৩৩ শতাংশ সংৰক্ষণৰ ভিতৰত ৫০ শতাংশ অনুসূচীত জনজাতি, অনুসূচীত জাতি আৰু অ'বিচি সম্প্ৰদায়ৰ বাবে ৰাখিব লাগে। ত্ৰখনত ভাৰতীয়ে লিখিছিল, "সংসদত মহিলা সংৰক্ষণ বিধেয়ক প্ৰৱৰ্তন কৰাটো দেশৰ মহিলাসকলৰ বাবে সুখৰ বিষয়।"

"১৯৯৬ চনত যেতিয়া তদানীন্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়াই  সদনত এই বিশেষ বিধেয়ক  উপস্থাপন কৰিছিল মই সংসদৰ সদস্য আছিলোঁ। মই লগে লগে থিয় হৈ এই বিধেয়কখনত সংশোধনী এটা উত্থাপন  কৰিছিলো আৰু সদনৰ আধাতকৈও অধিক লোকে মোক সমৰ্থন কৰিছিল। দেৱগৌড়াই আনন্দেৰে সংশোধনীটো গ্ৰহণ কৰিছিল। তেওঁ বিধেয়কখন স্থায়ী সমিতিলৈ  হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল।"

উমা ভাৰতীয়ে লগতে কয় "বিধেয়ক খন স্থগিত ৰখাৰ আগতে সদনত যথেষ্ট হুলস্থূল হৈছিল। বিৰোধী হোৱা স্বত্বেও মুলায়ম সিং যাদৱ, লালু যাদৱ আৰু তেওঁলোকৰ দলৰ সাংসদ সকলে এই সংশোধনীৰ পক্ষত আছিল’’।
তেওঁ তেওঁৰ পত্ৰখনত লগতে কয়, "মই আপোনাৰ (প্ৰধানমন্ত্ৰী মোদী) সন্মুখতো সংশোধনীৰ প্ৰস্তাৱ উপস্থাপন কৰিছো। মই নিশ্চিত যে আপুনি প্ৰস্তাৱিত সংশোধনীৰ সৈতে এই বিধেয়কখন গৃহীত কৰিব। আইনী সংস্থাত মহিলাৰ বাবে ৩৩ শতাংশ  সংৰক্ষণ হৈছে এক বিশেষ ব্যৱস্থা। অৱশ্যে, এই কথাও  নিশ্চিত কৰিব লাগিব  যে এই ৩৩ শতাংশ সংৰক্ষিত আসনৰ ভিতৰত ৫০  শতাংশ কেৱল এছটি, অনুসূচীত জাতি আৰু অ'বিচি মহিলাৰ বাবে ৰখাটো ভাল।"

পঞ্চায়তী ৰাজ আৰু স্থানীয় সংস্থাসমূহত পিছপৰা জাতিৰ মহিলাসকলৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা আছে বুলিও  তেওঁ তেওঁৰ পত্ৰতখনত  উল্লেখ কৰে৷ পত্ৰ খনত উমা ভাৰতীয়ে  কয় যে মণ্ডল আয়োগৰ দ্বাৰা স্বীকৃত মুছলমান সম্প্ৰদায়ৰ পিছপৰা মহিলাসকলকো  সংৰক্ষণৰ বাবে বিবেচনা কৰা উচিত। যদি এই বিধেয়কখন এই বিশেষ ব্যৱস্থা অবিহনে গৃহীত হয়, তেন্তে পিছপৰা শ্ৰেণীৰ মহিলাসকল  বিশেষ সুযোগৰ পৰা বঞ্চিত হ'ব’’।

উমা ভাৰতীয়ে কয় "যদিও আমাৰ দল আৰু অন্যান্য দলৰ সাংসদ, বিশেষকৈ বাওঁপন্থী আৰু কংগ্ৰেছৰ সাংসদসকলে মোৰ ওপৰত যথেষ্ট খং কৰিছে, আমাৰ দলৰ কেইজনমান জ্যেষ্ঠ নেতাই মোক সমৰ্থন কৰিছে। যেতিয়া মই কেবিনেটত আপোনাৰ সৈতে আছিলো, যেতিয়াই মহিলা সংৰক্ষণৰ বিষয়টো উত্থাপন কৰা হৈছিল, মই জোৰ দিম যে ইয়াক সন্তুলিত আৰু সামগ্ৰিক কৰা উচিত," ।

তেওঁ লগতে কয়, "মই এতিয়া সংসদত নাই, কিন্তু দেশৰ পিছপৰা, দলিত আৰু জনজাতীয় শ্ৰেণীৰ লোকসকল নিশ্চিত যে আমাৰ চৰকাৰে সকলোৰে  স্বাৰ্থৰ কথা বিবেচনা কৰি বিধেয়কখন গৃহীত  কৰিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা