--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশা কৰা ধৰণেই বুধবাৰে লোকসভাত অতি সহজে  গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক৷ ‘নাৰী শক্তি বন্দন অধিনিয়ম' লোকসভাত সংখ্যাগৰিষ্ঠ ভোটৰ সৈতে গৃহীত হয়। বহু চৰ্চিত বিধেয়কখনে সপক্ষে ৪৫৪টা আৰু বিপক্ষে ২টা ভোটদান হয়৷ উল্লেখ্য বিধেয়কখন লোকসভাত গৃহীত হ'বলৈ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন আছিল।

লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে ৩৩ শতাংশ কোটা প্ৰদান কৰিব বিচৰা মহিলা সংৰক্ষণ বিধেয়কখন মঙলবাৰে   লোকসভাত সংসদৰ চলিত বিশেষ অধিৱেশনত উত্থাপন কৰা হৈছিল আৰু আজি আলোচনাৰ বাবে উত্থাপন কৰা হৈছিল। কেন্দ্ৰীয় কেবিনেটে সোমবাৰে মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনাইছিল। কাইলৈ বিধেয়ক খন ৰাজ্যসভাত উত্থাপন হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য  মঙলবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথম বৈঠকতে বিধেয়কখন উত্থাপন কৰিছিল। 

উল্লেখ্য যোৱা ২৭  বছৰ ধৰি  মহিলা সংৰক্ষণ বিধেয়কখনকলৈ  সংসদৰ দুয়োখন সদনতে আলোচনা হৈ আহিছে। কিন্তু চৰকাৰ গঠন কৰা দলৰ কোনো এখন সদনত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবেই  ২৭ টা বছৰে বিধেয়ক খন গৃহীত কৰিব পৰা হোৱা নাছিল৷ ১৯৯৬  চনত এইচ.ডি. দেৱগৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰণ্ট চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছিল ।সেই সময়ৰে পৰাই মহিলা সাংসদ আৰু বিধায়িকাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ দাবী উঠিছিল। কিন্তু  এই বিধেয়কখন খন গৃহীত হোৱাৰ পূৰ্বেই  দেৱগৌড়াৰ চৰকাৰ  ভংগ হৈছিল। পিছত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত বিষয়টো পুনৰ উত্থাপন কৰা হৈছিল৷  কিন্তু সেইবাৰো  বিধেয়কখন গৃহীত কৰিব পৰা নগ'ল। মনমোহন সিং চৰকাৰে প্ৰথমবাৰৰ বাবে ২০১০ চনত ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল। 





অৱশ্যে লোকসভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে বিধেয়কখন স্থগিত হৈ পৰে। অৱশেষত বুধবাৰে বিধেয়ক খন লোকসভাত অতি সহজে গৃহীত হয় । উল্লেখ্য ২০১৯ চনৰ   লোকসভা নিৰ্বাচনত, সংসদত মাত্ৰ ৭৮  গৰাকী মহিলা সাংসদ আছিল। ৰাজ্যসভাৰ ২৫০গৰাকী   সাংসদৰ ভিতৰত মাত্ৰ ৩২  গৰাকী মহিলা সাংসদ আছিল , সেয়া আছিল  মুঠ সাংসদৰ ১১ শতাংশ। একেদৰে মোদী মন্ত্ৰীসভাত আছে মাত্ৰ  ৫ শতাংশ মহিলা।

অৱশ্যে, নিৰ্বাচন আয়োগৰ ২০১৯  চনৰ তথ্য অনুসৰি ভাৰতৰ মুঠ ৯১ কোটি ভোটাৰৰ ভিতৰত প্ৰায় ৪৪ কোটি মহিলা ভোটাৰ আছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত,৬৭.০২ শতাংশ পুৰুষ আৰু ৬৭.১৮  শতাংশ মহিলাই ভোটদান কৰিছিল। তামিলনাডু, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাকে ধৰি ১২ খন ৰাজ্যত মহিলা ভোটাৰে অধিক ভোটদান কৰিছিল। বিহাৰ, উৰিষ্যা আৰু কৰ্ণাটকত পুৰুষ-মহিলা উভয়ৰে  ভোট প্ৰায় সমান আছিল। এই ১২ খন ৰাজ্যত প্ৰায় ২০০ খন লোকসভা আসন আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল