--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশা কৰা ধৰণেই বুধবাৰে লোকসভাত অতি সহজে  গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক৷ ‘নাৰী শক্তি বন্দন অধিনিয়ম' লোকসভাত সংখ্যাগৰিষ্ঠ ভোটৰ সৈতে গৃহীত হয়। বহু চৰ্চিত বিধেয়কখনে সপক্ষে ৪৫৪টা আৰু বিপক্ষে ২টা ভোটদান হয়৷ উল্লেখ্য বিধেয়কখন লোকসভাত গৃহীত হ'বলৈ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন আছিল।

লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে ৩৩ শতাংশ কোটা প্ৰদান কৰিব বিচৰা মহিলা সংৰক্ষণ বিধেয়কখন মঙলবাৰে   লোকসভাত সংসদৰ চলিত বিশেষ অধিৱেশনত উত্থাপন কৰা হৈছিল আৰু আজি আলোচনাৰ বাবে উত্থাপন কৰা হৈছিল। কেন্দ্ৰীয় কেবিনেটে সোমবাৰে মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনাইছিল। কাইলৈ বিধেয়ক খন ৰাজ্যসভাত উত্থাপন হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য  মঙলবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথম বৈঠকতে বিধেয়কখন উত্থাপন কৰিছিল। 

উল্লেখ্য যোৱা ২৭  বছৰ ধৰি  মহিলা সংৰক্ষণ বিধেয়কখনকলৈ  সংসদৰ দুয়োখন সদনতে আলোচনা হৈ আহিছে। কিন্তু চৰকাৰ গঠন কৰা দলৰ কোনো এখন সদনত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবেই  ২৭ টা বছৰে বিধেয়ক খন গৃহীত কৰিব পৰা হোৱা নাছিল৷ ১৯৯৬  চনত এইচ.ডি. দেৱগৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰণ্ট চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছিল ।সেই সময়ৰে পৰাই মহিলা সাংসদ আৰু বিধায়িকাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ দাবী উঠিছিল। কিন্তু  এই বিধেয়কখন খন গৃহীত হোৱাৰ পূৰ্বেই  দেৱগৌড়াৰ চৰকাৰ  ভংগ হৈছিল। পিছত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত বিষয়টো পুনৰ উত্থাপন কৰা হৈছিল৷  কিন্তু সেইবাৰো  বিধেয়কখন গৃহীত কৰিব পৰা নগ'ল। মনমোহন সিং চৰকাৰে প্ৰথমবাৰৰ বাবে ২০১০ চনত ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল। 





অৱশ্যে লোকসভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে বিধেয়কখন স্থগিত হৈ পৰে। অৱশেষত বুধবাৰে বিধেয়ক খন লোকসভাত অতি সহজে গৃহীত হয় । উল্লেখ্য ২০১৯ চনৰ   লোকসভা নিৰ্বাচনত, সংসদত মাত্ৰ ৭৮  গৰাকী মহিলা সাংসদ আছিল। ৰাজ্যসভাৰ ২৫০গৰাকী   সাংসদৰ ভিতৰত মাত্ৰ ৩২  গৰাকী মহিলা সাংসদ আছিল , সেয়া আছিল  মুঠ সাংসদৰ ১১ শতাংশ। একেদৰে মোদী মন্ত্ৰীসভাত আছে মাত্ৰ  ৫ শতাংশ মহিলা।

অৱশ্যে, নিৰ্বাচন আয়োগৰ ২০১৯  চনৰ তথ্য অনুসৰি ভাৰতৰ মুঠ ৯১ কোটি ভোটাৰৰ ভিতৰত প্ৰায় ৪৪ কোটি মহিলা ভোটাৰ আছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত,৬৭.০২ শতাংশ পুৰুষ আৰু ৬৭.১৮  শতাংশ মহিলাই ভোটদান কৰিছিল। তামিলনাডু, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাকে ধৰি ১২ খন ৰাজ্যত মহিলা ভোটাৰে অধিক ভোটদান কৰিছিল। বিহাৰ, উৰিষ্যা আৰু কৰ্ণাটকত পুৰুষ-মহিলা উভয়ৰে  ভোট প্ৰায় সমান আছিল। এই ১২ খন ৰাজ্যত প্ৰায় ২০০ খন লোকসভা আসন আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement