--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ  চি-২৯৫ পৰিবহন বিমানে বুধবাৰে গুজৰাটৰ বদোদৰাত অৱতৰণ কৰে। বিমানখন গ্ৰুপ কেপ্টেইন পি এছ নেগীয়ে উৰুৱাই আনিছিল আৰু বাহৰেইনৰ পৰা উৰা মাৰি আজি ভাৰতত  অৱতৰণ কৰে। বিমানখনে ১৫ ছেপ্টেম্বৰত চেভিলৰ পৰা স্পেইনৰ হৈ  উৰা মাৰিছিল আৰু আজি বদোদৰা পোৱাৰ আগতে মাল্টা, ইজিপ্ত আৰু বাহৰেইনত তিনিটা স্থানত জিৰণিৰ বাবে অৱতৰণ কৰিছিল।

 বিমানৰ অন্তৰ্ভুক্তিয়ে বায়ুলেনাৰ  কৌশলগত  ক্ষমতা উন্নত কৰিব।ইয়াৰোপৰি  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে অলপতে প্ৰায় ৪৫,০০০ কোটি টকাৰে  কেইবাখনো এছইউ-৩০  এমকেআই বিমান ক্ৰয়ত অনুমোদন জনাইছিল৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ (এইচএএল) সৈতে  সম্পৰ্কিত সঁজুলিৰ সৈতে ১২ খন এছইউ-৩০ এমকেআই বিমান ক্ৰয়ৰ বাবে অনুমোদন জনোৱা হৈছে৷ 

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, সুৰক্ষা, গতিশীলতা, আক্ৰমণ প্ৰতিহত কৰা আৰু যান্ত্ৰিক ক্ষমতা বৃদ্ধি কৰাৰ বাবে ডিএচিয়ে লাইট আৰ্মৰ্ড মাল্টিপাৰপজ ভেহিকেল (এলএএমভি) আৰু ইণ্টিগ্ৰেটেড চাৰ্ভিলেঞ্চ এণ্ড টাৰ্গেটিং চিষ্টেম (আইএছএটি-এছ) ক্ৰয়ৰ বাবে এই অনুমোদন প্ৰদান কৰে।ডিএচিয়ে ভাৰতীয় নৌসেনাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ জৰীপ জাহাজ ক্ৰয়ৰ বাবেও অনুমোদন জনাইছে৷ এই জাহাজে  হাইড্ৰ'গ্ৰাফিক অভিযান সম্পাদন কৰাৰ ক্ষেত্ৰত সহায় কৰিব ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা