--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰে চৰকাৰে। বলীউডৰ কেইবাগৰাকীও তাৰকাই একেটা বিষয়তে নিজৰ মতামত ব্যক্ত কৰাৰ লগতে মহিলাৰ উত্থানৰ প্ৰতি চৰকাৰৰ চিন্তাশীলতাক প্ৰশংসা কৰি আহিছে।

বিধেয়কখনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিংবদন্তি গায়িকা আশা ভোছলে কয়, "মহিলাসকলৰ কোনো ধাৰণাই নাই যে তেওঁলোক কিমান শক্তিশালী! উদাহৰণস্বৰূপে আজি মোৰ এটা শ্ব' আছিল আৰু ৯০ বছৰ বয়সত তিনি ঘণ্টা ধৰি গান গাইছিলোঁ। এইটোৱেই হৈছে নাৰী-শক্তি, আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ উল্লেখযোগ্য স্থিতিস্থাপকতা প্ৰকাশ পাইছে।"

গায়িকাগৰাকীয়ে শেহতীয়াকৈ ডুবাইৰ এটা অনুষ্ঠানত তিনি ঘণ্টা ধৰি গীত গাইছিল। তেওঁৰ নাতিনীয়েক জানাইও অনুষ্ঠান পৰিৱেশন কৰিছিল। চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰত ৯০ বছৰ সম্পূৰ্ণ কৰিছে ভোছলেই।

গ্ৰেমী বঁটা বিজয়ী কণ্ঠশিল্পীগৰাকীয়ে মুম্বাইস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি আশীষ শ্বেলাৰৰ বাসগৃহত গণেশ চতুৰ্থী উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত এই মন্তব্য কৰে। তেওঁৰ লগত নাতিনীয়েক জানাই ভোছলেও আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক