--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বক্স অফিচত ঢৌ তুলিছে শ্বাহৰূখ খানৰ ছবি ‘জৱান’-এ। ১৫ দিনত ভাৰতত উপাৰ্জনে ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। জৱানৰ এই উপাৰ্জনৰ ধাৰা অব্যাহত আছে আৰু অতি সোনকালে বহু ছবিৰ অভিলেখ ভংগ কৰিবলৈ গৈ আছে জৱান-এ। 

চলিত বৰ্ষত এই পৰ্যন্ত শ্বাহৰূখ খানৰ ছবি দুখন মুক্তি পাইছে আৰু দুয়োখন ছবিয়েই ব্লকবাষ্টাৰ হিচাপে বিবেচিত হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি পোৱা পাঠান আৰু এতিয়া জৱানে শীঘ্ৰে বহু অভিলেখ ভংগ কৰিবলৈ ওলাইছে। ইয়াৰ পাছত জৱান বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হ’ব।

সপ্তাহৰ শেষত জৱানে ভাল উপাৰ্জন সংগ্ৰহ কৰি আছে। বন্ধৰ দিনত ছবিখনৰ উপাৰ্জনৰ উত্থান ঘটে। SACNILC ৰ প্ৰতিবেদন অনুসৰি ১৬ তাৰিখে জৱানে সংগ্ৰহ কৰিছে ৭ কোটি টকা। ইয়াৰ পাছত মুঠ সংগ্ৰহ হ’ব ৫৩৩.৭৮ কোটি টকা। এই ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত গাদাৰ-২ক পিছ পেলাইছে।

বলীউড হাংগামাৰ প্ৰতিবেদন অনুসৰি শ্বাহৰূখ খানৰ পাঠান ছবিখনৰ বক্স অফিচত ভাৰতত সংগ্ৰহৰ মূল্য আছিল ৫৪৩.০৫ কোটি টকা। উইকেণ্ডৰ ভিতৰত জৱানে পাঠানৰ অভিলেখো ভংগ কৰিব। গাদাৰ-২ৰ অভিলেখ ভংগ কৰিছে জৱানখনে। গাদাৰ-২ৰ বক্স অফিচৰ মুঠ উপাৰ্জনৰ সংগ্ৰহৰ মূল্য ৫২২ কোটি।

ইপিনে শ্বাহৰূখ খানৰ জৱানে ৱৰ্ল্ডৱাইড অতি সোনকালে ১০০০ কোটি টকাৰ ক্লাবত যোগদান কৰিবলৈ ওলাইছে। এই পৰ্যন্ত ৯০০ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰা ছবিখন পৰিচালনা কৰিছে দক্ষিণৰ জনপ্ৰিয় পৰিচালক এটলীয়ে। ছবিখনত শ্বাহৰূখৰ সৈতে নয়নতাৰা, বিজয় সেতুপতি, সান্যা মালহোত্ৰা, ৰিদ্ধি ডোগ্ৰাক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনত দীপিকা পাডুকনৰো বিশেষ কেমিঅ’ৰ চৰিত্ৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু