--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বক্স অফিচত ঢৌ তুলিছে শ্বাহৰূখ খানৰ ছবি ‘জৱান’-এ। ১৫ দিনত ভাৰতত উপাৰ্জনে ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। জৱানৰ এই উপাৰ্জনৰ ধাৰা অব্যাহত আছে আৰু অতি সোনকালে বহু ছবিৰ অভিলেখ ভংগ কৰিবলৈ গৈ আছে জৱান-এ। 

চলিত বৰ্ষত এই পৰ্যন্ত শ্বাহৰূখ খানৰ ছবি দুখন মুক্তি পাইছে আৰু দুয়োখন ছবিয়েই ব্লকবাষ্টাৰ হিচাপে বিবেচিত হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি পোৱা পাঠান আৰু এতিয়া জৱানে শীঘ্ৰে বহু অভিলেখ ভংগ কৰিবলৈ ওলাইছে। ইয়াৰ পাছত জৱান বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হ’ব।

সপ্তাহৰ শেষত জৱানে ভাল উপাৰ্জন সংগ্ৰহ কৰি আছে। বন্ধৰ দিনত ছবিখনৰ উপাৰ্জনৰ উত্থান ঘটে। SACNILC ৰ প্ৰতিবেদন অনুসৰি ১৬ তাৰিখে জৱানে সংগ্ৰহ কৰিছে ৭ কোটি টকা। ইয়াৰ পাছত মুঠ সংগ্ৰহ হ’ব ৫৩৩.৭৮ কোটি টকা। এই ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত গাদাৰ-২ক পিছ পেলাইছে।

বলীউড হাংগামাৰ প্ৰতিবেদন অনুসৰি শ্বাহৰূখ খানৰ পাঠান ছবিখনৰ বক্স অফিচত ভাৰতত সংগ্ৰহৰ মূল্য আছিল ৫৪৩.০৫ কোটি টকা। উইকেণ্ডৰ ভিতৰত জৱানে পাঠানৰ অভিলেখো ভংগ কৰিব। গাদাৰ-২ৰ অভিলেখ ভংগ কৰিছে জৱানখনে। গাদাৰ-২ৰ বক্স অফিচৰ মুঠ উপাৰ্জনৰ সংগ্ৰহৰ মূল্য ৫২২ কোটি।

ইপিনে শ্বাহৰূখ খানৰ জৱানে ৱৰ্ল্ডৱাইড অতি সোনকালে ১০০০ কোটি টকাৰ ক্লাবত যোগদান কৰিবলৈ ওলাইছে। এই পৰ্যন্ত ৯০০ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰা ছবিখন পৰিচালনা কৰিছে দক্ষিণৰ জনপ্ৰিয় পৰিচালক এটলীয়ে। ছবিখনত শ্বাহৰূখৰ সৈতে নয়নতাৰা, বিজয় সেতুপতি, সান্যা মালহোত্ৰা, ৰিদ্ধি ডোগ্ৰাক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনত দীপিকা পাডুকনৰো বিশেষ কেমিঅ’ৰ চৰিত্ৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক