--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত বলিঙেৰে এইবাৰৰ আইপিএলত উজ্বলি উঠিছে মহম্মদ চিৰাজ। ফৰ্মত থকাৰ উপৰিও নতুন ঘৰো নিৰ্মাণ কৰিছে ফাষ্ট বলাৰগৰাকীয়ে। গৃহ চহৰ হায়দৰাবাদৰ জুবলী হিলছত নতুনকৈ নিৰ্মাণ কৰিছে ঘৰটো। সেই উপলক্ষে ঘৰটোত প্ৰৱেশ কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সতীৰ্থ ক্ৰিকেটাৰসকলে।

উল্লেখ্য আই পি এল প্লে অফৰ বাবে প্ৰতিদ্বন্দ্বিতাত থাকিবলৈ হ’লে বৃহস্পতিবাৰে ঘৰুৱা খেলপথাৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰিব লাগিব বিৰাট কোহলীয়ে। এই মেচখনৰ বহু আগতেই হায়দৰাবাদত উপস্থিত হৈছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। দলটোৰ ক্ৰিকেটাৰসকলেও অনুশীলন আৰম্ভ কৰিছে।

তাৰমাজতে বিৰাট কোহলীসহিতে ক্ৰিকেটাৰসকলে চিৰাজৰ বাসগৃহত উপস্থিত হয়। কোহলীৰ বাহিৰেও দলৰ বাকী ক্ৰিকেটাৰ আৰু গ্লেন মেক্সৱেলকে ধৰি সহায়ক কৰ্মচাৰীসকলো ছিৰাজৰ ঘৰলৈ যায়। চিৰাজে তেওঁলোকক মনোৰঞ্জন দিয়া দেখা যায়।

আই পি এলত ১২খন খেলত ১২ পইণ্ট লাভ কৰিছে আৰ চি বিয়ে। পূৰ্বৰ মেচখনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ১১২ ৰাণত জয়লাভ কৰি কোহলীৰ নেট ৰানৰ হাৰ বৃদ্ধি পায়। তেওঁলোকৰ নেট ৰান ৰেট ০.১৬৬। ইয়াৰ পিছতে বেংগালুৰুৰ দুখন মেচ হায়দৰাবাদ আৰু গুজৰাটৰ বিৰুদ্ধে। দুখন মেচত জয়ী হ’লে ১৬ পইণ্ট লাভ কৰিব। ইয়াৰ পিছতো অৱশ্যে প্লে অফৰ বিষয়ে নিশ্চিত নহ’ব কোহলি। আন দলবোৰলৈ বাট চাব লাগিব।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে