--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত বলিঙেৰে এইবাৰৰ আইপিএলত উজ্বলি উঠিছে মহম্মদ চিৰাজ। ফৰ্মত থকাৰ উপৰিও নতুন ঘৰো নিৰ্মাণ কৰিছে ফাষ্ট বলাৰগৰাকীয়ে। গৃহ চহৰ হায়দৰাবাদৰ জুবলী হিলছত নতুনকৈ নিৰ্মাণ কৰিছে ঘৰটো। সেই উপলক্ষে ঘৰটোত প্ৰৱেশ কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সতীৰ্থ ক্ৰিকেটাৰসকলে।

উল্লেখ্য আই পি এল প্লে অফৰ বাবে প্ৰতিদ্বন্দ্বিতাত থাকিবলৈ হ’লে বৃহস্পতিবাৰে ঘৰুৱা খেলপথাৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰিব লাগিব বিৰাট কোহলীয়ে। এই মেচখনৰ বহু আগতেই হায়দৰাবাদত উপস্থিত হৈছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। দলটোৰ ক্ৰিকেটাৰসকলেও অনুশীলন আৰম্ভ কৰিছে।

তাৰমাজতে বিৰাট কোহলীসহিতে ক্ৰিকেটাৰসকলে চিৰাজৰ বাসগৃহত উপস্থিত হয়। কোহলীৰ বাহিৰেও দলৰ বাকী ক্ৰিকেটাৰ আৰু গ্লেন মেক্সৱেলকে ধৰি সহায়ক কৰ্মচাৰীসকলো ছিৰাজৰ ঘৰলৈ যায়। চিৰাজে তেওঁলোকক মনোৰঞ্জন দিয়া দেখা যায়।

আই পি এলত ১২খন খেলত ১২ পইণ্ট লাভ কৰিছে আৰ চি বিয়ে। পূৰ্বৰ মেচখনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ১১২ ৰাণত জয়লাভ কৰি কোহলীৰ নেট ৰানৰ হাৰ বৃদ্ধি পায়। তেওঁলোকৰ নেট ৰান ৰেট ০.১৬৬। ইয়াৰ পিছতে বেংগালুৰুৰ দুখন মেচ হায়দৰাবাদ আৰু গুজৰাটৰ বিৰুদ্ধে। দুখন মেচত জয়ী হ’লে ১৬ পইণ্ট লাভ কৰিব। ইয়াৰ পিছতো অৱশ্যে প্লে অফৰ বিষয়ে নিশ্চিত নহ’ব কোহলি। আন দলবোৰলৈ বাট চাব লাগিব।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২