--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত হঠাতে ইউক্ৰেইনক আক্ৰমণ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতেই ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিছে ইউক্ৰেইনক। আকাশমাৰ্গৰ পৰা ৰাছিয়া সেনাই ইউক্ৰেইনত আৰম্ভ কৰিছে ধাৰাসাৰ বোমাবৰ্ষণ। ৰাষ্ট্ৰপতি পুটিনৰ নিৰ্দেশৰ প্ৰায় ৩০ মিনিটৰ ভিতৰতে ৰকেট আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াৰ সেনাই। ইউক্ৰেইনৰ সেনাক অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈ সকিয়নি দিছে ৰাছিয়াই। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা আক্ৰমণৰ ফলত দেশখনত বিভীষিকাৰ সৃষ্টি হৈছে। ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কীভত প্ৰৱেশ কৰিবৰ বাবে চেষ্টা কৰি আছে। এই আতংকময় পৰিৱেশৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এটা ভিডিঅ' বাৰ্তা পোহৰলৈ আহিছে য'ত তেওঁক তেওঁৰ পত্নী আৰু সন্তানৰ বিষয়ে কওঁতে অসহায় আৰু আৱেগিক দেখা গৈছে। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছে যে ''ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্যত মই প্ৰথম স্থানত আছোঁ আৰু মোৰ পৰিয়াল দ্বিতীয় স্থানত আছে। মই আৰু মোৰ পৰিয়াল বিশ্বাসঘাতক নহয়। আমি ইউক্ৰেইনৰ পৰা পলায়ন নকৰোঁ।'' ভিডিঅ'টোত আৱেগিক হৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে পুনৰ কৈছে "মই ইউক্ৰেইনত আছোঁ। মোৰ পৰিয়াল ইউক্ৰেইনত আছে। মোৰ ল'ৰা-ছোৱালী ইউক্ৰেইনত আছে। তেওঁলোক বিশ্বাসঘাতক নহয়... তেওঁলোক ইউক্ৰেইনৰ নাগৰিক। আমি তথ্য পাইছো যে শত্ৰুৱে মোক প্ৰথম লক্ষ্য কৰি তুলিছে। মোৰ পৰিয়াল তেওঁলোকৰ দ্বিতীয় লক্ষ্য।" জেলেনস্কিয়ে তেওঁৰ আৱেগিক বাৰ্তাত আৰু কৈছিল যে ৰাছিয়ান চৰকাৰে তেওঁক আঁতৰাব বিচাৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয়, "ৰাছিয়াই ইউক্ৰেইনৰ মুৰব্বীক আঁতৰ কৰিব বিচাৰে আৰু ইউক্ৰেইনৰ ৰাজনৈতিক ক্ষতি কৰিব বিচাৰে।" জেলেনস্কিয়ে কৈছিল যে তেওঁ পোনপটীয়াকৈ নাটোৰ ২৭ জন ইউৰোপীয় নেতাক প্ৰশ্ন কৰিছিল যে ইউক্ৰেইনে নাটোত যোগদান কৰিব নেকি? কোনেও উত্তৰ দিয়া নাছিল, সকলোৱে ভয় কৰে, কিন্তু আমি ভয় নকৰোঁ, আমি একো ভয় নকৰোঁ। তেওঁ লগতে কয়, "আমি আমাৰ দেশক বচাবলৈ ভয় নকৰোঁ... আমি ৰাছিয়াক ভয় নকৰোঁ। আমি ৰাছিয়াক কথা ক'বলৈও ভয় নকৰোঁ।" উল্লেখ্য যে ইউক্ৰেনে নাটোত যোগদান কৰিব বিচাৰে, কিন্তু ৰাছিয়া ইয়াৰ ঘোৰ বিৰোধী। ২০১৪ চনত ইউক্ৰেইনত ৰাছিয়ান সমৰ্থিত চৰকাৰৰ পতনৰ পাছত ইউক্ৰেইনৰ চৰকাৰে নাটোত যোগদান কৰিবলৈ কেইবাটাও প্ৰয়াস কৰিছে। কিন্তু ৰাছিয়াই নাটোক ৰাছিয়াৰ নিৰাপত্তাৰ বাবে ভাবুকি বুলি গণ্য কৰে, সেয়েহে কোনো মূল্যতেই ইউক্ৰেইনক নাটোৰ সদস্য হোৱাটো নিবিচাৰে। আৰু পঢ়কঃ ৰাষ্ট্ৰপতিৰ তিনিদিনীয়া অসম ভ্ৰমণঃ কি কি অনুষ্ঠানত কৰিব অংশগ্ৰহণ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান