--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত মুছলমানসকলৰ সৈতে বিজেপি চৰকাৰে দুৰ্ব্যৱহাৰ কৰি আহিছে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই এই অভিযোগ আনিছে। জ্যেষ্ঠ নেতা চাগন ভুজবলৰ ৭৫ তম জন্মদিন উপলক্ষে এনচিপিয়ে মুম্বাইত আয়োজন কৰা এটা অনুষ্ঠানত উপস্থিত থাকি আব্দুলাই এইদৰে কয়।

উল্লেখযোগ্য ভুজবলে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছইল। তেওঁক দলটোৰ অ'বিচি শ্ৰেণীৰ মূল নেতা বুলি জনা যায়। এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু প্ৰসিদ্ধ গীতিকাৰ জাভেড আখটাৰেও অনুষ্ঠানটোত বক্তব্য ৰাখে।

আব্দুলাই কয় যে তেওঁ এজন ভাৰতীয় মুছলমান। চীনা মুছলমান নহয়। দেশখনক কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে এক  কৰি ৰাখিব লাগিব বুলিও তেওঁ দোহাৰে।

"সকলোৰে মাজত ভিন্নতা থাকিব পাৰে। কিন্তু একেলগে আমি এই দেশখন নিৰ্মাণ কৰিব পাৰোঁ। ইয়াক বন্ধুত্ব বুলি কোৱা হয়।”- আব্দুলাই কয়- “ধৰ্মবোৰে মানুহক ইজনে সিজনক ঘৃণা কৰিবলৈ শিকাব নোৱাৰে। এয়া হিন্দুস্তান। এই দেশখন সকলোৰে বাবে।" 

উল্লেখযোগ্য জম্মু কাশ্মীৰ শক্তিশালী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ২০১৯ চনৰ আগষ্টত  জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ পিছত এবছৰতকৈও অধিক সময়ৰ বাবে কাৰাবাস খাটিব লগা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক